শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

IAS বিষয়া শেৱালী দেৱী শৰ্মাক জামিন মঞ্জুৰ উচ্চতম ন্যায়ালয়ৰ…

IAS বিষয়া শেৱালী দেৱী শৰ্মাৰ জামিন মঞ্জু কৰিছে উচ্চতম ন্যায়ালয়ে । ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ ১০৫ কোটি টকাৰ বৃহৎ বিত্তীয় কেলেংকাৰী অভিযোগ অভিযুক্ত আছিল শেৱালী দেৱী শৰ্মা।

IAS বিষয়া শেৱালী দেৱী শৰ্মাক জামিন মঞ্জুৰ উচ্চতম ন্যায়ালয়ৰ…
manas-borah
Manas Borah | Published: 08 Mar 2025 17:38 PM

SCERT বিত্তীয় কেলেংকাৰীত অভিযুক্ত IAS বিষয়া শেৱালী দেৱী শৰ্মাৰ জামিন মঞ্জু কৰিছে উচ্চতম ন্যায়ালয়ে । এই বিত্তীয় কেলেংকাৰীত নাম সাঙুৰ খোৱাৰ পূৰ্বে ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল শেৱালী দেৱী শৰ্মাই । সেই সময়তে ১০৫ কোটি টকাৰ বৃহৎ বিত্তীয় কেলেংকাৰী অভিযোগ অভিযুক্ত হৈছিল শেৱালী দেৱী শৰ্মা।

এই কেলেংকাৰী অভিযোগত অজিত পল সিং, ৰাহুল আমিন আৰু এগৰাকী হোটেলৰ কৰ্মীৰ সৈতে শেৱালী দেৱী শৰ্মাক গ্ৰেপ্তাৰ কৰিছিল মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে । মনকৰিবলগীয়া যে,ইয়াৰ পূৰ্বে গুৱাহাটীৰ উচ্চ ন্যায়ালয়ে শেৱালী দেৱী শৰ্মাৰ জামিন আবেদন নাকচ কৰিছিল ।

ইয়াৰ পাছতে উচ্চতম ন্যায়ালয়ৰ কাষ চাপে শেৱালী দেৱী শৰ্মা । দীৰ্ঘ সময়ৰ আইনী যুঁজৰ অন্তত উচ্চতম ন্যায়ালয়ে শেৱালী দেৱী শৰ্মাৰ জামিন মঞ্জু কৰে ।.

শেৱালী শৰ্মাই ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ সঞ্চালক হিচাপে কাৰ্যবিৰ্বাহ কৰাৰ সময়তে ১০৫ কোটি টকাৰ কেলেংকাৰিৰ সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হৈছিল । মুক্ত দূৰ শিক্ষা (ODL) ব্যৱস্থাৰ অধীনত প্ৰাথমিক শিক্ষাৰ ডিপ্লমা পাঠ্যক্ৰমৰ বাবে আবণ্টিত ধনৰ অপব্যৱহাৰক কেন্দ্ৰ কৰি ১০৫ কোটি টকাৰ SCERT কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছিল ।