শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

চকুত চকুলো, মুখত মায়াবিনী…শত-সহস্ৰজনৰ মাজত আজি নিৰৱ হৈ ৰৈছে প্ৰাণৰ শিল্পী

জুবিন আৰু নাহে। বিদেশৰ সাগৰৰ বুকুত চিৰদিনৰ বাবে শুই পৰিল অসমীয়াৰ হৃদয়ৰ স্পন্দন। হাঁহি মুখে ছিংগাপুৰলৈ যোৱা জুবিন গাৰ্গ ঘৰলৈ উভতিল কফিনৰ ভিতৰত। কোনেও মানি ল'ব নোৱাৰা এক বাস্তৱ। জুবিনৰ নিঠৰ দেহৰ কাষতে নিৰৱ হৈ বহি আছে পত্নী গৰিমা শইকীয়া গাৰ্গ।

চকুত চকুলো, মুখত মায়াবিনী…শত-সহস্ৰজনৰ মাজত আজি নিৰৱ হৈ ৰৈছে প্ৰাণৰ শিল্পী
জুবিন গাৰ্গৰ অন্তিম যাত্ৰা
Trishna Kalita
Trishna Kalita | Updated On: 21 Sep 2025 16:03 PM

সময় আজি যেন ৰৈ গৈছে! উচুপিছে প্ৰকৃতিয়ে। কাৰণ চিৰদিনৰ বাবে কায়িকভাৱে হেৰাই গ’ল জুবিন! নাই, এই কথা যেন আজিও মানি নলয় অনুৰাগীয়ে। তেওঁক জীয়াই ৰাখিব সদায় গানৰ মাজেৰে। আজি শোকাকুল অসমীয়া। তথাপিও ভাগৰি পৰা নাই। দিনে-নিশাই উজাগৰে কটাইছে সময়। থিক জুবিনে কৈ যোৱাৰ দৰেই আজি অসমৰ চৌদিশে বাজিছে মায়াবিনী, ওলাই আহিছে সকলো। উৎপতীয়া জুবিন গাৰ্গ আজি শান্ত হৈ পৰিছে।

নিতাল-নিস্তব্ধ হৈ পৰি আছে এটা কফিনৰ ভিতৰত। যিগৰাকী জুবিনৰ অহিবনে অসমীয়াই নিজক কল্পনা কৰিব নোৱাৰে, সেইগৰাকী জুবিন নোহোৱাকৈ পাৰ কৰিলে দুটাকৈ নিশা। আজি পুৱা প্ৰায় ৭ বজাত বৰঝাৰ বিমান বন্দৰত অৱতৰণ জুবিনৰ নশ্বৰ দেহ কঢ়িয়াই অনা বিমানৰ। তাৰ পিছতে অপেক্ষাৰ অন্ত পৰিল ।  অগণন জনতাৰ মাজেৰে পুষ্পসজ্জিত বাহনত বিমান বন্দৰৰ পৰা কাহিলীপাৰাৰ দিশে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। লগত আছে পত্নী গৰিমা গাৰ্গ। আন দিনাৰ দৰেই হেজাৰ হেজাৰ অনুৰাগীয়ে ঘেৰি ধৰিছে তেওঁ। মাথো নিতাল -নিমাত জুবিন। সকলোৱে আহ্বান কৰিছে, এবাৰ ওলাই আহি কওক মই জীয়াই আছো বুলি। নাই এতিয়া বহু পলম হৈ গ’ল।

জুবিন আৰু নাহে। বিদেশৰ সাগৰৰ বুকুত চিৰদিনৰ বাবে শুই পৰিল অসমীয়াৰ হৃদয়ৰ স্পন্দন। হাঁহি মুখে ছিংগাপুৰলৈ যোৱা জুবিন গাৰ্গ ঘৰলৈ উভতিল কফিনৰ ভিতৰত। কোনেও মানি ল’ব নোৱাৰা এক বাস্তৱ। জুবিনৰ নিঠৰ দেহৰ কাষতে নিৰৱ হৈ বহি আছে পত্নী গৰিমা শইকীয়া গাৰ্গ। অগ্নিক সাক্ষী কৰি সুখে-দুখে সকলো সময়তে একেলগে থকাৰ প্ৰতিশ্ৰুতি দিয়া জুবিন আজি কায়িকভাৱে নাই গৰীমাৰ কাষত। হাজাৰ ধুমুহা বুকুত বান্ধি প্ৰিয়জনৰ নশ্বৰদেহৰ কাষত বহি একেথৰে অনুৰাগীলৈ চাই আছে গৰীমা শইকীয়া গাৰ্গ। যেন এষাৰ মাত শুনিব বিচাৰিছে প্ৰিয় পুৰুষজনৰ।

অসমীয়া আজি অপৰাগ। কি সতে বিদায় দিব প্ৰাণ শিল্পীগৰাকীক। প্ৰথমে কাহিলিপাৰা বাসগৃহ ৰখা হ’ব জনতাৰ শিল্পী জুবিনৰ নশ্বৰদেহ। কাহিলিপাৰাৰ বাসগৃহ সন্মুখত অনুৰাগীয়ে ফুলেৰে সজাই তুলিছে পথ। তাৰ পিছত সৰুসজাইত জনতাৰ বাবে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন। কাৰণ তেওঁ ভাল পাইছিল সাধাৰণক লোকক। যেন জনতাই আছিল জুবিনৰ জীৱন।সৰুসজাই ষ্টেডিয়ামত কৰিছে লাখ লাখ অনুৰাগী ভিৰ। হিয়াৰ আমঠুক শেষ যাত্ৰাত সংগ দিবলৈ মিলিত হৈছে সকলো। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা গুৱাহাটীত উপস্থিত হৈছে লাখ লাখ অনুৰাগী। এয়াই আছিল জুবিনৰ উপাৰ্জন।

প্ৰকাশিত খবৰ অনুসৰি, গুৱাহাটীৰ সোণাপুৰত জুবিনৰ শেষকৃত্য সম্পন্ন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ইতিমধ্যে প্ৰশাসনে শেষকৃত্যৰ স্থান নিশ্চিত কৰা বুলি খবৰ প্ৰকাশ পাইছে। সূত্ৰৰ খবৰ অনুসৰি,কুমাৰকুছিৰ হাতীমূৰাত সম্পন্ন হ’ব জুবিনৰ শেষকৃত্য। পুৱা ভাগতে প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াই সেই স্থান পৰিদৰ্শন কৰিছিল। ইয়াৰ পাছত সেই স্থান শেষকৃত্যৰ বাবে নিশ্চিত কৰা বুলি জানিব পৰা গৈছে। ইফালে, জুবিনৰ পৰিয়ালেও সন্মতি প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক: গুৱাহাটীত জনসমুদ্ৰ, জুবিন গাৰ্গক এবাৰ চাবলৈ পাৰ ভাঙি ওলাই আহিছে শত-সহস্ৰ অনুৰাগী