শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Assam Weather report: ৰাজ্যত বাঢ়িব শীতৰ প্ৰকোপ, বৃষ্টিপাতৰো সম্ভাৱনা- ভোগালীৰ ভোগৰ আনন্দ পৰিব নেকি ম্লান ?

বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া বতৰৰ বতৰাই ভোগালীৰ ৰং ম্লান পেলোৱাৰ উপক্ৰম ঘটিছে । কেবাখনো জিলাত বাঢ়িব শীতৰ প্ৰকোপ, হ'ব পাৰে বৰষুণ আৰু বজ্ৰপাত ।

Assam Weather report: ৰাজ্যত বাঢ়িব শীতৰ প্ৰকোপ, বৃষ্টিপাতৰো সম্ভাৱনা- ভোগালীৰ ভোগৰ আনন্দ পৰিব নেকি ম্লান ?
Raj Saikia
Raj Saikia | Edited By: Barasha Misra | Updated On: 10 Jan 2025 13:35 PM

পুহৰ শেহত যেন ঠেঁহ পাতিছে জাৰে । ৰাজ্যৰ ভিন্ন স্থানত হোৱা বৃষ্টিপাতৰ পাচতেই যেন কুঁৱলীৰ এখন চাদৰেহে মেৰিয়াই ধৰিছে উজনিৰ পৰা নামনিলৈ । হাঁড় কপোৱা শীতৰ পৰা হাত সাৰিবলৈ কোনোবাই যদি গৰম কাপোৰৰ সহায় লৈছে আন কোনোবা আকৌ কাষ চাপিছে জুইৰ । জাৰৰ দিনত জুই পুওৱাৰো আছে সুকীয়া আমেজ ।

এফালে সমুখত ভোগালী বিহু, নৰা কাটি ভেলাঘৰ সজাৰ পৰ্ব চলি আছে ৰাজ্যৰ ভিন্ন প্ৰান্তত । কিন্তু তাৰ মাজতে বতৰে যেন দিছে বিধি-পথালি ।

শিল-বৰষুণৰ তাণ্ডৱৰ পাচত আকাশত সূৰ্যদেৱতায়ো যেন ভুমুকি মৰাত কৃপণালি কৰিছে । তাৰ মাজতেই বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া বতৰৰ বতৰাই ভোগালীৰ ৰং ম্লান পেলোৱাৰ উপক্ৰম ঘটিছে ।

ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই আগবঢ়োৱা বতৰৰ আগলি বতৰা অনুসৰি ধুবুৰী, কোকৰাঝাৰ, দক্ষিণ শালমৰা, বঙাইগাঁও, চিৰাং, গোৱালপাৰা, বৰপেটা, নলবাৰী, বাক্সা, কামৰূপ(গ্ৰাম্য), কামৰূপ(মহানগৰ), দৰং, ওদালগুৰি, নগাঁও, মৰিগাঁও, হোজাই, পশ্চিম কাৰ্বিআংলং, কাৰ্বিআংলং, কাছাৰ, ডিমা হাছাও, শ্ৰীভূমি আৰু হাইলাকান্দিত ঘন কুঁৱলীয়ে আৱৰি থাকিব চৌপাশ ।

আনহাতে, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, মাজুলী, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, যোৰহাট জিলাত বৰষুণ হোৱাৰ উপৰিও বজ্ৰপাতৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই । তিনিচুকীয়া জিলাত শিলাবৃষ্টি হোৱাৰ সম্ভাৱনা ।

আজিৰ দিনটোত অসমৰ কেইটামান মুখ্যস্থানত তাপমান এনেধৰণৰ-

  • গুৱাহাটী- সৰ্বোচ্চ ১৯ ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন ১৩.৫ ডিগ্ৰী চেলচিয়াছ
  • ডিব্ৰুগড়- সৰ্বোচ্চ ১৯.৫ ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন ১০.১ ডিগ্ৰী চেলচিয়াছ
  • যোৰহাট- সৰ্বোচ্চ ২০.৫ ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন ১২.১ ডিগ্ৰী চেলচিয়াছ
  • তেজপুৰ- সৰ্বোচ্চ ২২.৭ ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন ১৪ ডিগ্ৰী চেলচিয়াছ
  • শিলচৰ- সৰ্বোচ্চ ২৩.৯ ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন ১৫.৫ ডিগ্ৰী চেলচিয়াছ