শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

২৬’ৰ নিৰ্বাচনত মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হ’ব পাৰে গৌৰৱ গগৈ, যাৰ বাবে শংকিত হৈছে হিমন্ত বিশ্ব শৰ্মাঃ ৰিপুণ বৰা

ৰিপুণ বৰাই কয়, বিশ্বৰ শক্তিশালী গণতান্ত্ৰিক দেশ এখনৰ বিৰোধী উপ-দলপতি হোৱাৰো সুযোগ লাভ কৰিছে গৌৰৱ গগৈয়ে। ইয়াৰোপৰি বিভিন্ন কাৰণত শৰ্মা শংকিত হৈ আছে।

২৬’ৰ নিৰ্বাচনত মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হ’ব পাৰে গৌৰৱ গগৈ, যাৰ বাবে শংকিত হৈছে হিমন্ত বিশ্ব শৰ্মাঃ ৰিপুণ বৰা
গৌৰৱ গগৈ-হিমন্ত বিশ্ব শৰ্মাImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Updated On: 25 May 2025 16:04 PM

বৰ্তমান অসমৰ ৰাজনীতিত চৰ্চিত এটি বিষয় হৈছে সাংসদ গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ। যোৱা কেইটামান দিনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰি আহিছে। মুখ্যমন্ত্ৰীয়ে কৈছিল যে, গৌৰৱ গগৈ পাকিস্তানী চোৰাংচোৱা আই এছ আই আমন্ত্ৰণত পাকিস্তানলৈ গৈ প্ৰশিক্ষণ লৈছিল। ইয়াৰ বিপৰীতে সাংসদগৰাকীয়ে মুখ্যমন্ত্ৰীগৰাকীৰ এই অভিযোগৰ প্ৰত্যুত্তৰ দিছে।

ইয়াৰ মাজতে আজি এই বিষয়টো সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই। এই সময়চোৱাত বৰাই মুখ্যমন্ত্ৰীৰ উদ্দেশ্যৰ বিষয়ে বাখ্যা কৰাৰ লগতে বিভিন্ন দিশৰ ওপৰত মত প্ৰকাশ কৰে। বৰাই কয় যে,  মুখ্যমন্ত্ৰীয়ে জানে অসমত তেওঁৰ প্ৰতিদ্বন্দ্বি একমাত্ৰ গৌৰৱ গগৈ । গতিকে তেওঁক ধ্বংস কৰাৰ বাবে চেষ্টা কৰা হৈছে।

ইয়াৰ আঁৰত মুখ্যমন্ত্ৰীৰ বিশেষ উদ্দেশ্য থকা বুলি অভিযোগ উত্থাপন কৰি বৰাই কয় যে, মুখ্যমন্ত্ৰীয়ে নিশ্চিত হৈছে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে হয়তো মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ বাবে গৌৰৱ গগৈক প্ৰক্ষেপ কৰিছে। যদি এনে হয় তেন্তে ২৬’ৰ নিৰ্বাচনত বিজেপি চৰকাৰ নাহে আৰু হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয় বাৰৰ বাবে মুখ্যমন্ত্ৰী হোৱাৰ সপোন পূৰণ নহ’ব। গতিকে এই ৰাস্তাটো বিচাৰি লৈছে শৰ্মাই আৰু গগৈক ধ্বংস কৰিবৰ বাবে উঠি পৰি লাগিছে।

দ্বিতীয়তে বৰাই কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভৱিষ্যতৰ কথা ভাবিও এনে ষড়যন্ত্ৰ ৰচিছে। তেওঁ জানে অনাগত দিনক অসমৰ ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাৰ মূল প্ৰতিদ্বন্দ্বি হ’ব গৌৰৱ গগৈ।  গতিকে তেওঁক ৰাজনৈতিক ভাবে ধ্বংস কৰাৰ উদ্দেশ্যে আগত ৰাখি এনে কাম কৰি আছে।

তৃতীয় উদ্দেশ্য উল্লেখ কৰি বৰাই কয় যে, বিগত সময়চোৱাত গৌৰৱ গগৈয়ে সংসদৰ ভিতৰে, বাহিৰে নিজৰ পাৰদৰ্শিতা দেখুৱাইছে। আনকি তেওঁ বিশ্বৰ শক্তিশালী গণতান্ত্ৰিক দেশ এখনৰ বিৰোধী উপ-দলপতি হোৱাৰো সুযোগ লাভ কৰিছে। গতিকে এনেবোৰ কাৰণত শংকিত হৈ পৰিছে শৰ্মা ।

চতুৰ্থ উদ্দেশ্যৰ বিষয়ে বৰাই কয় যে,  ২০২৪ চনৰ নিৰ্বাচনত বহু ধন, জন, বাহুবল খৰচ কৰিও শৰ্মাই গৌৰৱ গগৈ ৰুধিব নোৱাৰিলে। সকলোকে চেৰ পেলাই  গৌৰৱ গগৈ সাংসদ হ’ল। তাৰ পাছৰ পৰা তেওঁৰ গ্ৰহণযোগ্যতা অসমত বৃদ্ধি পাইছে। গতিকে মুখ্যমন্ত্ৰীয়ে ভাবিছে তেওঁৰ গাদী যাব। ইয়াৰোপৰি তেওঁ ভাবিছে কংগ্ৰেছ চৰকাৰ আহিলে তেওঁৰ সৈতে কি কি হ’ব পাৰে। বৰাই কয় যে, মুখ্যমন্ত্ৰীয়ে ভাবিছে কংগ্ৰেছ চৰকাৰ আহিলে ১৪ বছৰ মন্ত্ৰী হৈ থাকোতে তেওঁ কৰা লুইচ বাৰ্জাৰ কেলেংকাৰী, সাৰদা কেলেংকাৰী, ডিমা হাচাওৰ কেলেংকাৰী, বৰ্তমানৰ পাহাৰসম সম্পত্তিৰ ফাইল খোল খাব। যাক লৈ তেওঁ শংকিত হৈ পৰিছে।

ইয়াৰোপৰি মুখ্যমন্ত্ৰীক ল’ৰা ৰজাৰ সৈতে তুলনা কৰি বৰাই কয় যে, ল’ৰা ৰজাই ক্ষমতাত থকিবলৈ আনৰ অংগক্ষত কৰিছিল। এতিয়া হিমন্ত বিশ্বই গৌৰৱৱ গগৈৰ ৰাজনৈতিক অংগক্ষত কৰিব বিচাৰিছে । ৰাজনৈতিকভাবে গৌৰৱ গগৈক ধ্বংস কৰিব বিচাৰিছে শৰ্মাই। গগৈক ধ্বংস কৰিলে আগন্তুক ২৫ বছৰলৈ তেওঁৰ কোনো প্ৰতিদ্বন্দ্বী নাথাকে বুলি জানি এই ষড়যন্ত্ৰ কৰিছে বুলি কয় বৰাই।

 

অন্য খবৰ পঢ়কঃ পাকিস্তানলৈ যোৱা অপৰাধ নহয়, গৌৰৱ গগৈ হাবি-জংঘল পাৰ হৈ অন্য দেশলৈ যোৱা নাইঃ দেবব্ৰত শইকীয়া