অখিল গগৈৰ বিৰুদ্ধে ফৌজদাৰী মানিহানি গোচৰ ৰুজু ৰিনিকি ভূঞা শৰ্মাৰ…
বিধায়ক অখিল গগৈৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ ৰুজু মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ। অভিযোগ অনুসৰি গগৈয়ে ৰিনিকি ভূঞা আৰু তেওঁৰ কোম্পানীৰ বিৰুদ্ধে মিছা আৰু অপমানজনক মন্তব্য কৰিছে।

ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিৰুদ্ধে ফৌজদাৰী মানহানি গোচৰ ৰুজু উদ্যোগী তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ। তথ্য অনুসৰি, ৰিনিকি ভূঞা শৰ্মা আৰু তেওঁৰ কোম্পানী ‘গোল্ডেন থ্ৰেডছ অৱ অসম’ৰ বিৰুদ্ধে মিছা আৰু অপমানজনক বক্তব্য দিয়াৰ অভিযোগত অপৰাধমূলক মানহানিৰ গোচৰ ৰুজু কৰিছে। এই গোচৰত আন কেইবাজনৰ নামো উল্লেখ আছে।
গোচৰটো মুখ্য ন্যায়িক দণ্ডাধীশ (চিজেএম) আদালতত CR Case No. 502/25 ৰ অধীনত দাখিল কৰা হৈছে। ৩০ ছেপ্টেম্বৰ, ২০২৫ ত গগৈয়ে প্ৰতিবাদৰ সময়ত কৰা মন্তব্যৰ ওপৰত ভিত্তি কৰি এই গোচৰ ৰুজু কৰা হৈছে। সেই সময়চোৱাত গগৈয়ে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ দাবী জনাইছিল। লগতে অভিযোগ কৰিছিল যে, ৰিনিকি ভূঞা শৰ্মা আৰু তেওঁৰ কোম্পানীয়ে ছিংগাপুৰৰ নৰ্থ ইষ্ট ফেষ্টিভেলত এক অনুষ্ঠানৰ আয়োজন কৰিছিল।
শৰ্মাৰ অধিবক্তা কিশোৰ দত্তই স্পষ্ট কৰি দিয়ে যে এই অভিযোগ ভিত্তিহীন। দত্তই কয় যে, প্ৰতিবাদৰ সময়ত গগৈয়ে একেবাৰে মিছা আৰু অপমানজনক মন্তব্য প্ৰদান কৰিছিল। ছিংগাপুৰত অনুষ্ঠিত হোৱা উত্তৰ-পূব উৎসৱৰ সৈতে অসমৰ গোল্ডেন থ্ৰেডছৰ কোনো সম্পৰ্ক নাই। মোৰ ক্লায়েন্ট (ৰিনিকি ভূঞা) সেই অনুষ্ঠানত অংশগ্ৰহণ বা আয়োজন কৰা নাছিল।
তেওঁ আৰু কয় যে, জুবিন গাৰ্গৰ মৃত্যুৰ দিনা মোৰ ক্লায়েন্ট আৰু তেওঁৰ স্বামী হিমন্ত বিশ্ব শৰ্মাই কাহিলীপাৰাৰ বাসগৃহত উপস্থিত হৈ গৰিমা শইকীয়া গাৰ্গক সমবেদনা জ্ঞাপন কৰিছিল। এই গোচৰত প্ৰতিবিম্ব লাইভৰ সঞ্চালক তৌফিকুদ্দিন আহমেদৰ নামো উল্লেখ আছে। লগতে ভুল তথ্য প্ৰচাৰ কৰাৰ বাবে এজেপিৰ সভাপতি লুৰিণ জ্যোতি গগৈ আৰু অন্যান্য লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ কয়। এই গোচৰৰ পৰৱৰ্তী শুনানি ৩০ অক্টোবৰত হ’ব।
এই সন্দৰ্ভত ৰিনিকি ভূঞা শৰ্মাই সামাজিক মাধ্যমত এক বিশেষ পোষ্ট দিছে। য’ত তেওঁ গোচৰৰ কথা উল্লেখ কৰে। লগতে কাৰো নাম উল্লেখ নকৰাকৈ তেওঁ কয় যে, সেই মানুহজনৰ তেওঁ প্ৰশংসক আৰু যিয়ে তেওঁৰ নিউজ লাইভৰ যাত্ৰাত সহায় কৰিছিল।
ইয়াৰোপৰি অখিল গগৈক ছিংগাপুৰলৈ যাবৰ বাবে সকলো সহায় কৰিব বুলি কয় শৰ্মাই। তেওঁ কয় যে, “মোৰ সংগঠন, PEEPL আৰু মই অখিল গগৈক ছিংগাপুৰলৈ যাবৰ বাবে ফাৰ্ষ্ট ক্লাছ টিকট, ফাইভ ষ্টাৰ হোটেল আৰু প্ৰমাণ সংগ্ৰহৰ বাবে লজিষ্টিক সহায় আগবঢ়াম। গগৈয়ে তথ্য বিচাৰি উভতি আহিলে আমি ৩০ অক্টোবৰত আদালতত লগ হ’ম। ন্যায়ক প্ৰাধন্য দিয়ক”।
অন্য খবৰ পঢ়কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কাৰ্বি আংলং কংগ্ৰেছৰ, কাৰণ কি…