১২৬ টা সমষ্টিতে দিব প্ৰাৰ্থী, ভয় খাই পলাবলৈ আৰম্ভ কৰিছে বিৰোধী : মুখ্যমন্ত্ৰী
সোমবাৰে ৰঙিয়াত কেইবাটাও বিশেষ মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বিৰোধীৰ ৰাজনৈতিক স্থিতিৰ পৰা আৰম্ভ কৰি হিতাধিকাৰী, অসম বিধানসভা অধিৱেশনলৈ কি ক'লে? পঢ়ক।
“এজন যুৱকক চাকৰি দিলে তেওঁ হিতাধিকাৰী। এগৰাকী মহিলা যদি লাখপতি বাইদেউ হয়, তেওঁ হিতাধিকাৰী। বৃদ্ধ পেঞ্চন লাভ কৰা সকলো হিতাধিকাৰী। কংগ্ৰেছৰ মানুহবিলাকক যে, বিধায়ক নিৰ্বাচন কৰিছে তেওঁলোক ৰাইজৰ হিতাধিকাৰী।” কংগ্ৰেছক লক্ষ্য কৰি এই মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বৰ্তমান চৰকাৰে হিতাধিকাৰী সৃষ্টি কৰা বুলি বিৰোধীয়ে উত্থাপন কৰা অভিযোগক লৈ এই মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে।
সোমবাৰে ৰঙিয়াত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৰঙিয়াৰ লোকনিৰ্মাণ বিভাগৰ নৱনিৰ্মিত কাৰ্যালয় আৰু অতিথিশালা মুকলি কৰে মুখ্যমন্ত্ৰীয়ে । লগতে ৰঙিয়াত নতুনকৈ নিৰ্মাণ কৰা ক্লক টাৱাৰ মুকলি কৰে। ইয়াৰ পিছতে উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে। উল্লেখ্য যে, এই আঁচনিৰ অধীনত ৰঙিয়াত প্ৰায় ৩৩ হাজাৰ মহিলাক প্ৰদান কৰা হয় দহ হাজাৰ টকাৰ চেক। জানুৱাৰী মাহৰ ভিতৰত এই আঁচনিত ৩২ লাখ মহিলাক অন্তৰ্ভুক্ত কৰা হ’ব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ।
ইফালে, কাইলৈ পৰা আৰম্ভ হ’বলগীয়া অসম বিধানসভা অধিবেশত কি কি বিধেয়ক উত্থাপন কৰিব তাকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয় যে, বহু বিবাহৰ পৰা চাহ-বাগিচাৰ শ্ৰমিকক ভূমি পট্টা দিয়ালৈকে ২৭ খন বিধেয়ক আছে। এখন ঐতিহাসিক বিধানসভা অধিৱেশন হ’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই।
আগন্তুক বিধানসভা নিৰ্বাচনত টিকট দিয়াক লৈ তেওঁ কয় যে, ৰাইজে যিগৰাকী প্ৰাৰ্থীক বিচাৰে তেওঁকে টিকট দিয়া হ’ব। ৰাইজৰ পছন্দক অগ্ৰাধিকাৰ দি প্ৰাৰ্থীৰ টিকট নিশ্চিত কৰা হ’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। একেসময়তে ১২৬ টা সমষ্টিতে প্ৰাৰ্থী দিয়া হ’ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই।
তেওঁ কয়, “১২৬ টা সমষ্টিতে প্ৰাৰ্থী দিয়া হ’ব। ২২ টা সমষ্টিত জয়ী নহওঁ। ১০৩ টা সমষ্টিত জয়ী হোৱাৰ বাবে আমি যুঁজ দিম। কেৱল বিজেপি বুলি নহয়, সকলো মিত্ৰদল মিলি এই যুঁজ দিয়া হ’ব। ২২ টা সমষ্টিত জয়ী হোৱাৰ পৰিৱেশ নাই। জনগাঁথনিগত সমস্যা আছে।” AGP থকা সমষ্টি যদি BJP য়ে বিচাৰে তেন্তে ইয়াৰ সলনি অন্য সমষ্টি প্ৰয়োজনত এৰি দিব BJP য়ে । এই কথাও জনাইছে মুখ্যমন্ত্ৰী শৰ্মাই।
তদুপৰি বিৰোধীক কটাক্ষ কৰি তেওঁ কয় যে, BJP ৰ অগ্ৰগতি দেখি বিৰোধীয়ে ভয় খাই পলাবলৈ আৰম্ভ কৰিছে। সামন্তৰালভাৱে জুবিন গাৰ্গৰ চাৰ্জশ্বীট দাখিলৰ পিছতে গৌৰৱ গগৈৰ পাকিস্তান লিংক ৰাজহুৱা কৰা হ’ব পুনৰবাৰ উল্লেখ কৰিছে মুখ্য়মন্ত্ৰী শৰ্মাই।