আজিও আমাৰ সন্মুখত বহু মোগলৰ বংশধৰ আছে, শৰাইঘাটৰ ৰণ চলি থাকিব: দিলীপ শইকীয়া
শইকীয়াই কয়, "আজি বিশেষ দিনটোত লাচিতৰ আদৰ্শক স্মৰণ কৰি আমি প্ৰতিশ্ৰুতি লৈছোঁ যিসকল আধুনিক মোগলে আমাৰ মাটি ভেটি হস্তগত তেওঁলোকক ৰোধ কৰিম। মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমি সকলো এক গোট হ'ব লাগে যাতে আমাৰ সংস্কৃতিৰ ওপৰত তেওঁলোকৰ আক্ৰমণ ৰোধ কৰিব পাৰো।"
অসমীয়া সত্তাৰ সৌর্য্য, বীৰত্ব, সাহসৰ প্ৰতীক আহোম সাম্ৰাজ্যৰ ফুকনলুং লাচিত বৰফুকনৰ জন্মদিৱস। এই শুভক্ষণত আজি সমগ্ৰ ৰাজ্যই শ্ৰদ্ধাৰে সুঁৱৰিছে বীৰ লাচিতক । গুৱাহাটীৰ বিভিন্ন প্ৰান্তত লাচিত দিৱসৰ বিভিন্ন কাৰ্যসূচীৰ আয়োজন। লাচিত দিৱসৰ দিনটোত গুৰুত্বপূৰ্ণ মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপাতি দিলীপ শইকীয়াৰ।
তেওঁ কয়, “আধুনিক মোগলৰ বিৰুদ্ধে যুঁজিবলৈ বদ্ধপৰিক বিজেপি”। লাচিত দিৱসৰ দিনটোত গুৰুত্বপূৰ্ণ মন্তব্য সভাপাতি দিলীপ শইকীয়াৰ। তেওঁ লগতে কয়, “মোগলৰ বংশধৰ সকলৰ পূৰ্বৰ মানসিকতা এতিয়াও দেখিবলৈ পাওঁ। আমাৰ মাটি ভেটি কেনেদৰে ল’ব পাৰে মোগলৰ বংশধৰসকলে চাই আছে।”
শইকীয়াই কয়, “আজি বিশেষ দিনটোত লাচিতৰ আদৰ্শক স্মৰণ কৰি আমি প্ৰতিশ্ৰুতি লৈছোঁ যিসকল আধুনিক মোগলে আমাৰ মাটি ভেটি হস্তগত তেওঁলোকক ৰোধ কৰিম। মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমি সকলো এক গোট হ’ব লাগে যাতে আমাৰ সংস্কৃতিৰ ওপৰত তেওঁলোকৰ আক্ৰমণ ৰোধ কৰিব পাৰো। শৰাইঘাট শেষ ৰণত আমি যেনেদৰে যুঁজিছো তেনেদৰে আমাৰ বিৰুদ্ধে যুঁজা লোকো আছে। তেতিয়াৰ বদনৰ দৰে এতিয়াও বিৰোধীত বদন আছে। ”
লগতে শইকীয়াই কয়, “আমি মোগলৰ বিৰুদ্ধে যুঁজাৰ লগতে ঘৰৰ মানুহৰ বিৰুদ্ধেও যুঁজিব লগা হৈছে। কাৰণ তেওঁলোকৰ মানসিকতা, ভাষা, চিন্তা, কথা সকলো মোগলৰ। আজিও আমাৰ সন্মুখত বহু মোগলৰ বংশধৰ আছে। লাচিতৰ আদৰ্শ জীয়াই ৰাখিবলৈ বদন বৰফুকনৰূপী এইসকলক আমি ৰেহাই দিব নোৱাৰো। তেওঁলোকক আমি চিনিব লাগিব আৰু যুঁজিব লাগিব। মোগলৰ মানসিকতা সম্পূৰ্ণ শেষ নোহোৱালৈকে শৰাইঘাটৰ ৰণ চলিব।”
পুনৰ কংগ্ৰেছক কটাক্ষ কৰি দিলীপ শইকীয়াই কয়, “কংগ্ৰেছ আৰু মিঞা বেলেগ নহয়। কংগ্ৰেছৰ শেষ ভৰষা মিঞা। তেওঁলোক মিঞাৰ লগত থাকক আমি ৰাইজৰ লগত থাকিম। মোগলকক ভোটাৰ অধিকাৰ দি, ভূমি দি সংস্থাপিত কৰাসকল হৈছে কংগ্ৰেছ। ইফালে ২৬ৰ নিৰ্বাচন সন্দৰ্ভত শইকীয়াই কয়, দলত থকা জিকিব পৰা নেতাই প্ৰাৰ্থীত্ব পাব। আলোচনা চলি আছে।”