লাচিত দিৱসৰ দিনাই ৰাজ্যিক বিজেপিৰ সভাপতিৰ বিস্ফোৰক মন্তব্য…
Dilip Saikia: কংগ্ৰেছক উদ্দেশ্য কৰি বহু কটাক্ষমূলক মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই। তেওঁ কয় যে, কংগ্ৰেছ আৰু মিঞা বেলেগ নহয়। কংগ্ৰেছৰ শেষ ভৰসা মিঞা। তেওঁলোক মিঞাৰ লগত থাকক আমি ৰাইজৰ লগত থাকিম।
লাচিত দিৱসৰ দিনাই কংগ্ৰেছক উদ্দেশ্য কৰি বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই বহু কটাক্ষমূলক মন্তব্য কৰে। তেওঁ কয় যে, আধুনিক মোগলৰ বিৰুদ্ধে যুঁজিব বিজেপিয়ে। মোগলৰ বংশধৰসকলৰ পূৰ্বৰ মানসিকতা এতিয়াও দেখিবলৈ পাওঁ। আমাৰ মাটি ভেটি কেনেদৰে ল’ব পাৰে মোগলৰ বংশধৰ সকলে চাই আছে।
লগতে কয় যে, আজি বিশেষ দিনটোত লাচিতৰ আদৰ্শক স্মৰণ কৰি আমি প্ৰতিশ্ৰুতি লৈছো যি সকল আধুনিক মোগলে আমাৰ মাটি ভেটি হস্তগত তেওঁলোকক ৰোধ কৰিম। আৰু কয়, লাচিতৰ আদৰ্শ জীয়াই ৰাখিবলৈ বদন বৰফুকনৰূপী এইসকলক আমি ৰেহাই দিব নোৱাৰো, তেওঁলোকক আমি চিনিব লাগিব আৰু যুঁজিব লাগিব। মোগলৰ মানসিকতা সম্পূৰ্ণ শেষ নোহোৱালৈকে শৰাইঘাটৰ ৰণ চলিব। কংগ্ৰেছ আৰু মিঞা বেলেগ নহয়। কংগ্ৰেছৰ শেষ ভৰসা মিঞা। তেওঁলোক মিঞাৰ লগত থাকক আমি ৰাইজৰ লগত থাকিম।
সবিশেষৰ বাবে চাওক ভিডিঅ’…
Latest Videos
