24 Nov 2025
TV9 ASSAM
শীতকালত শৰীৰৰ হজম প্ৰক্ৰিয়া বিপাকীয় ক্ৰিয়া লেহেমীয়া হয়। যাৰ বাবে ভাগৰ আৰু দুৰ্বলতা হয়। বাৰে বাৰে চৰ্দি-জ্বৰ আদি হোৱাৰ বাবে তেজৰ স্তৰ প্ৰভাৱিত হয়।
শীতকালত শৰীৰত তেজৰ অভাৱ হলে বিভিন্ন লক্ষণে দেখা দিয়ে। এই সন্দৰ্ভত সবিশেষ জনাইছে ডাঃ এল এছ ঘোতেকাৰে। এই লক্ষণসমূহ আওকাণ কৰা ভাল নহয়।
শৰীৰত তেজৰ অভাৱ হ'লে ভাগৰ অনুভৱ হয়। তেজৰ অভাৱৰ ফলত শৰীৰলৈ অক্সিজেন কমকৈ যায়, যাৰ বাবে অত্যধিক ভাগৰ অনুভৱ হয়। শীতকালত বেছিকৈ অনুভৱ হয়।
অলপ কাম কৰাৰ পাছতে উশাহত কষ্ট অনুভৱ হয়। কিয়নো তেজত অক্সিজেন লৈ যোৱাৰ ক্ষমতা কম হৈ পৰে। ই এনিমিয়াৰ সাধাৰণ লক্ষণ। ইয়াৰোপৰি হৃদস্পন্দন অনিয়মিত হয়।
তেজৰ অভাৱৰ ফলত মগজুত পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন গৈ নাপায়। যাৰ বাবে মূৰ ঘূৰোৱা, দুৰ্বল, মূৰ গধুৰ হোৱা আদি লক্ষণে দেখা দিব পাৰে।
তেজৰ অভাৱ হলে মুখ, ওঁঠ, হাত আদিৰ ছাল হালধীয়া পৰে। শৰীৰত হিমোগ্লবিন কম হোৱাৰ ফলত এনে হয়। এনে হলে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।
ইয়াৰোপৰি তেজৰ অভাৱ হ'লে হাত-ভৰি ঠাণ্ডা হোৱা দেখা যায়। ৰক্ত সঞ্চালন কম হয়, যাৰ বাবে হাত-ভৰি ঠাণ্ডা হয়। শীতকালত বেছিকৈ এনে হয়।
পঢ়িবলৈ ক্লিক কৰক