ভূপেন হাজৰিকাক অপমান কৰিছিল কংগ্ৰেছে, ৰাষ্ট্ৰবিৰোধী আৰু অনুপ্ৰৱেশকাৰীৰ ৰক্ষক: প্ৰধানমন্ত্ৰী মোদী
কংগ্ৰেছৰ ওপৰত তীব্ৰ আক্ৰমণ চলাই প্ৰধানমন্ত্ৰী মোদীয়ে মঙলদৈত কয়, "যিদিনা ভাৰত চৰকাৰে এই দেশৰ মহান পুত্ৰ তথা অসমৰ গৌৰৱ ভূপেন হাজৰিকাক ভাৰতৰত্নৰে সন্মানিত কৰিছিল, সেইদিনা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কৈছিল যে মোদীয়ে এই বঁটা ‘গায়ক আৰু নৃত্যশিল্পী’ক প্ৰদান কৰিছে।"

আজি মঙলদৈত কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ অন্তত বিশাল জনসভা সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ কয়, “মই জানো, সমগ্ৰ কংগ্ৰেছৰ পৰিৱেশ তন্ত্ৰই মোক টাৰ্গেট কৰি ক’ব মোদীয়ে আকৌ কান্দিছে। ৰাইজ মোৰ ভগৱান; যদি মই তেওঁলোকৰ আগত মোৰ দুখ প্ৰকাশ নকৰো তেন্তে মই ক’ত কৰিম? তেওঁলোক মোৰ ভগৱান, মোৰ দেৱতা, আৰু মোৰ ৰিম’ট কন্ট্ৰ’ল। মোৰ হাতত আন কোনো ৰিম’ট কণ্ট্ৰ’ল নাই।”
প্ৰধানমন্ত্ৰীয়ে কয়, “কেন্দ্ৰই অসমৰ কিংবদন্তি কণ্ঠশিল্পী প্ৰয়াত ভূপেন হাজৰিকাক ভাৰতৰত্নৰে সন্মান জনোৱাৰ সিদ্ধান্ত লোৱাৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খৰ্গে ডাঙৰীয়াৰ এটা মন্তব্য দেখুৱাইছিল।” প্ৰধানমন্ত্ৰীয়ে কয়, “যিদিনা ভাৰত চৰকাৰে এই দেশৰ মহান পুত্ৰ তথা অসমৰ গৌৰৱ ভূপেন হাজৰিকাক ভাৰতৰত্নৰে সন্মানিত কৰিছিল, সেইদিনা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কৈছিল যে মোদীয়ে এই বঁটা ‘গায়ক আৰু নৃত্যশিল্পী’ক প্ৰদান কৰিছে।”
প্ৰধানমন্ত্ৰীয়ে কয়, “কংগ্ৰেছে ভূপেন হাজৰিকাক অপমান কৰিছিল। কংগ্ৰেছে কয়, মোদীয়ে নচা-গোৱাসকলক সন্মান দিলে। মই ভগৱান শিৱৰ ভক্ত, মই সকলো বিষ গিলি পেলাওঁ। কংগ্ৰেছে অসম সন্তানক অপমান কৰিলে। বহুত কষ্ট হয়।” কংগ্ৰেছক আক্ৰমণ কৰি তেওঁ কয় যে, কংগ্ৰেছ অহংকাৰে ভৰি আছে। ভূপেনদাক অপমান কৰাৰ বাবে অসমৰ ৰাইজে, দেশৰ ৰাইজে কংগ্ৰেছৰ পৰা উত্তৰ বিচাৰিব লাগে।”
মোদীয়ে কয়, “দশক দশক ধৰি কংগ্ৰেছে অসমত শাসন চলাইছিল, তথাপিও ৬০ৰ পৰা ৬৫ বছৰত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মাত্ৰ তিনিখন দলং নিৰ্মাণ কৰিছিল। ইয়াৰ বিপৰীতে যেতিয়া আপুনি আমাক এই সুযোগৰ দায়িত্ব অৰ্পণ কৰিছিল, তেতিয়া আমি মাত্ৰ এটা দশকতে ৬ খন নতুন দলং নিৰ্মাণ কৰিছিলো। আমাৰ এই প্ৰচেষ্টাৰ শলাগ লোৱা আৰু আপোনাৰ সমৰ্থনেৰে আমাক আশীৰ্বাদ দিয়াটো স্বাভাৱিক।”
অপাৰেচন সেন্দূৰৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “কংগ্ৰেছে শাসন কালত সন্ত্ৰাসৰ সৃষ্টি হ’লে তেওঁলোক মৌন হৈ আছিল।” প্ৰধানমন্ত্ৰীয়ে কয়, “এতিয়া আমাৰ সেনা বাহিনীয়ে অপাৰেচন সেন্দুৰ চলাই, পাকিস্তানৰ চুকে-কোণে সন্ত্ৰাস উভালি পেলায়, কিন্তু কংগ্ৰেছৰ জনসাধাৰণে পাকিস্তান সেনাৰ সৈতে থিয় দিছে। তেওঁলোকে নিজৰ এজেণ্ডা আগবঢ়াই নিছে। পাকিস্তানৰ মিছা কংগ্ৰেছৰ এজেণ্ডা হৈ পৰিছে। সেইবাবেই আপুনি সদায় কংগ্ৰেছৰ পৰা সাৱধান হোৱা উচিত।”
অসমৰ এটা মূল বিষয় অনুপ্ৰৱেশৰ কথা উত্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “কংগ্ৰেছৰ সৰ্বাধিক গুৰুত্ব ভোট বেংকৰ ওপৰত থাকে আৰু তেওঁলোকে দেশৰ প্ৰতি কেতিয়াও গুৰুত্ব নিদিয়ে। এতিয়া কংগ্ৰেছ ৰাষ্ট্ৰবিৰোধী আৰু অনুপ্ৰৱেশকাৰীৰ ৰক্ষক হৈ পৰিছে। কংগ্ৰেছ ক্ষমতাত থকাৰ সময়ত অনুপ্ৰৱেশক উৎসাহিত কৰিছিল, আৰু এতিয়া অনুপ্ৰৱেশকাৰীয়ে দেশত চিৰদিনৰ বাবে বসতি স্থাপন কৰি ভাৰতৰ ভৱিষ্যত নিৰ্ণয় কৰাটো বিচাৰে।”
লগতে পঢ়ক: অসমে দেশ, বিশ্বত ধুমুহাৰ সৃষ্টি কৰিছে, পৰৱৰ্তী সময় উত্তৰ-পূূবৰ : প্ৰধানমন্ত্ৰী মোদী