শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Asia Cup 2025 IND vs PAK Playing 11: কেনে হ’ব পাৰে ভাৰত-পাকৰ মূল একাদশ? এই কেইগৰাকী খেলুৱৈয়ে জয়েৰে সূৰ্যক দিব জন্মদিনৰ উপহাৰ!

Asia Cup 2025 India vs Pakistan Playing 11: আজি ভাৰতীয় দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ জন্মদিন। গতিকে পাকিস্তানৰ বিৰুদ্ধে জয়েৰে নিজৰ এই জন্মদিনটো স্মৰণীয় কৰি ৰাখিব সূৰ্যই। লগতে দলীয় সতীৰ্থসকলেও উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰি পাকিস্তানৰ বিৰুদ্ধে জয়েৰে অধিনায়ক সূৰ্যকুমাৰ যাদৱক উপহাৰ আগবঢ়াব বিচাৰিব।

Asia Cup 2025 IND vs PAK Playing 11: কেনে হ’ব পাৰে ভাৰত-পাকৰ মূল একাদশ? এই কেইগৰাকী খেলুৱৈয়ে জয়েৰে সূৰ্যক দিব জন্মদিনৰ উপহাৰ!
আজি কেনে হ’ব পাৰে ভাৰত-পাকিস্তানৰ মূল একাদশImage Credit source: PTI/BCCI
monjit-dutta
Monjit Dutta | Published: 14 Sep 2025 15:29 PM

এছিয়া কাপ ২০২৫ত আজি বহুচৰ্চিত ভাৰত বনাম পাকিস্তান মেচ। প্ৰতিবাদ তথা বিৰোধিতা নেওচি আজি পাকিস্তানৰ বিপক্ষে এই মেচখনত নামিব ভাৰতীয় দল। ইতিমধ্যে প্ৰতিযোগিতাত নিজৰ প্ৰথমখন মেচত দুয়োটা দলেই জয়ৰ মুখ দেখিছে। এতিয়া গ্ৰুপত নিজৰ দ্বিতীয়খন মেচতো জয়ৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্যৰে দুয়োটা দল মুখামুখি হ’ব। স্বাভাৱিকতেই এই লক্ষ্যৰ দিশত দুয়োটা দলে শক্তিশালী মূল একাদশেৰে মেচত নমাৰ প্ৰতি গুৰুত্ব দিব। এইক্ষেত্ৰত আজি ভাৰত আৰু পাকিস্তান দলত মূল একাদশত কোনে কোনে স্থান পাব, সেয়া হ’ব লক্ষণীয়।

ইউ এ ইৰ বিৰুদ্ধে প্ৰথমখন মেচৰ প্ৰদৰ্শনলৈ লক্ষ্য কৰিলে আজিৰ এই মেচখনত ভাৰতীয় দলত পৰিৱৰ্তনৰ সম্ভাৱনা কম। ইতিমধ্যে ভাৰতীয় দলৰ সহকাৰী প্ৰশিক্ষক ৰিয়ান টেন ড’চাটেয়ো পূৰ্বৰ মেচখনত অৱতীৰ্ণ হোৱা দলটোৱেই এই মেচখনত অৱতীৰ্ণ হোৱাৰ ইংগিত দিছে। যদি সেয়া হয়, তেতিয়া আজিৰ মেচতো অৰ্শদীপ সিঙ দলৰ অংশ নহ’ব।

কিন্তু ইউ এ ইৰ তুলনাত পাকিস্তানৰ বেটিং বিভাগ যথেষ্ট শক্তিশালী। সেই অনুসাৰে আজি দলত অৰ্শদীপে স্থান পাব পাৰে বুলি চৰ্চা হোৱা দেখা গৈছে। যদি অৰ্শদীপ দললৈ আহে, তেতিয়া তেওঁ কাৰ স্থান ল’ব সেয়া হ’ব লক্ষণীয়। অৰ্শদীপে স্থান লাভ কৰিলে হয়তো শিৱম ডুবে আজি মূল একাদশৰ বাহিৰ হ’ব পাৰে।

উল্লেখ্য যে আজি ভাৰতীয় দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ জন্মদিন। গতিকে পাকিস্তানৰ বিৰুদ্ধে জয়েৰে নিজৰ এই জন্মদিনটো স্মৰণীয় কৰি ৰাখিব সূৰ্যই। লগতে দলীয় সতীৰ্থসকলেও উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰি পাকিস্তানৰ বিৰুদ্ধে জয়েৰে অধিনায়ক সূৰ্যকুমাৰ যাদৱক উপহাৰ আগবঢ়াব বিচাৰিব। সেয়ে মেচখন নিশ্চিতভাৱে হৈ পৰিব উপভোগ্য।

ইফালে ওমানক পৰাস্ত কৰি মনোবল বৃদ্ধ পাইছে পাকিস্তানৰো। ভাৰতৰ বিপক্ষেও উক্ত মেচত অৱতীৰ্ণ হোৱা দলটোৰেই পাকিস্তানে প্ৰতিদ্বন্দিতাত নামিব পাৰে। ভাৰতৰ বিপক্ষে এই ফৰ্মেটত পাকিস্তানৰ পূৰ্বৰ ফলাফল হতাশাজনক যদিও আজি এই ফল উন্নত কৰিব বিচাৰিব। এইক্ষেত্ৰত দলটোৰ পেচ বলিং আক্ৰমণৰ ভূমিকা হ’ব লক্ষণীয়।

ভাৰতৰ সম্ভাৱ্য একাদশঃ অভিষেক শৰ্মা, শুভমন গিল, সূৰ্যকুমাৰ যাদৱ, তিলক বাৰ্মা, সঞ্জু চেমচন, হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, শিৱম ডুবে/অৰ্শদীপ সিং, কুলদীপ যাদৱ, বৰুণ চক্ৰৱৰ্তী, যশপ্ৰীত বুমৰাহ।

পাকিস্তানৰ সম্ভাৱ্য একাদশঃ চাহিবজাদা ফাৰহান, ছেম আয়ুব, মহম্মদ হেৰিছ, ফখৰ জামান, ছলমান আঘা, হাছান নৱাজ, মহম্মদ নৱাজ, ফহীম আশ্ৰফ, শ্বাহীন আফ্ৰিদি, চুফিয়ান মুকীম, আব্ৰাৰ আহমেদ।