শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মঙলদৈত কেইবা কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ, বিশাল জনসভা…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে দৰং জিলাৰ মঙলদৈত ৬৩০০ কোটি টকাৰ স্বাস্থ্য আৰু আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। তেওঁ দৰং মেডিকেল কলেজ এণ্ড হাস্পতালৰ লগতে নাৰ্চিং কলেজ আৰু জি এন এম স্কুল নিৰ্মাণৰ কাম আৰম্ভ কৰে। এই স্বাস্থ্যসেৱা প্ৰকল্পসমূহত মুঠ বিনিয়োগৰ মূল্য ৫৭০ কোটি টকা বুলি বিষয়াসকলে জানিবলৈ দিয়ে।

মঙলদৈত কেইবা কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ, বিশাল জনসভা…
মঙলদৈত জনসভা সম্বোধন কৰে প্ৰধানমন্ত্ৰীয়েImage Credit source: X
trishna-kalita
Trishna Kalita | Updated On: 14 Sep 2025 14:33 PM

আজি অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয়টো দিন। দেওবাৰে মঙলদৈত জনসভা সম্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে। জনসভাত প্ৰধানমন্ত্ৰীগৰাকীক সম্বৰ্ধনা জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মঙলদৈবাসী ৰাইজে। পুৱা কইনাধৰাৰ ৰাজ্যিক অতিথিশালাৰ পৰা মঙলদৈলৈ ৰাওনা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰতিকূল বতৰৰ মাজতো মঙলদৈত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসভাত অগণন লোকৰ সমাগম দেখা যায়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে দৰং জিলাৰ মঙলদৈত ৬৩০০ কোটি টকাৰ স্বাস্থ্য আৰু আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। তেওঁ দৰং মেডিকেল কলেজ এণ্ড হাস্পতালৰ লগতে নাৰ্চিং কলেজ আৰু জি এন এম স্কুল নিৰ্মাণৰ কাম আৰম্ভ কৰে। এই স্বাস্থ্যসেৱা প্ৰকল্পসমূহত মুঠ বিনিয়োগৰ মূল্য ৫৭০ কোটি টকা বুলি বিষয়াসকলে জানিবলৈ দিয়ে।

Pm Narendra Modi In Assam (3)

আনুমানিক ১২০০ কোটি টকা ব্যয় সাপেক্ষে ২.৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ নাৰেংগী-কুৰুৱা দলং আৰু অসমৰ কামৰূপ আৰু দৰং জিলা আৰু মেঘালয়ৰ ৰিভৈ সংযোগী ১১৮.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে। ৰিং ৰোড প্ৰকল্পৰ বাবে ব্যয় হ’ব ৪৫৩০ কোটি টকা।

মঙলদৈত অসমীয়াত ভাষণ আৰম্ভ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, ‘‘অপাৰেচন সিন্দূৰৰ পাছত প্ৰথমবাৰ অসমলৈ আহিছোঁ। মা কামাখ্যাৰ আশীৰ্বাদত অপাৰেচন সিন্দূৰে অভূতপূৰ্ব সফলতা পালে।’’ প্ৰধানমন্ত্ৰী মোদীয়ে অসমবাসীক কৃষ্ণ জন্মাষ্টমীৰ শুভকামনা জনায়। সভাত কংগ্ৰেছক সমালোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কয়, কংগ্ৰেছে পাকিস্তানৰ সন্ত্ৰাসবাদীক সমৰ্থন কৰে। তেওঁলোকে দেশৰ জনতাৰ কথা চিন্তা নকৰে।”

ইয়াৰ পিছত গোলাঘাট জিলাৰ নুমলীগড় শোধনাগাৰত ৫০০০ কোটি টকাৰো অধিক বাঁহ ভিত্তিক ইথানল উদ্যোগ আৰু ৭,২৩০ কোটি টকাৰ পেট্ৰ’ ফ্লুইডাইজড কেটালাইটিক ক্ৰেকাৰ ইউনিট উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে। শনিবাৰে সন্ধিয়া অসমত উপস্থিত হৈ ভাৰত ৰত্ন বঁটা বিজয়ী ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত অংশ লৈছিল মোদীয়ে।