অসমে দেশ, বিশ্বত ধুমুহাৰ সৃষ্টি কৰিছে, পৰৱৰ্তী সময় উত্তৰ-পূূবৰ : প্ৰধানমন্ত্ৰী মোদী
বৰ্তমান অসম ভ্ৰমণত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই সময়ত প্ৰধানমন্ত্ৰীয়ে অসমৰ ৰাইজক সম্বোধন কৰি স্বদেশী সামগ্ৰী ক্ৰয় কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "প্ৰতিশ্ৰুতি দিয়ক যে যি কিনিব সেয়া স্বদেশী হ’ব। আপুনি মেড ইন ইণ্ডিয়া কিনিব। স্বদেশী সম্পৰ্কে মোৰ ব্যাখ্যা সহজ। কোম্পানীটো যিকোনো দেশৰ হ’ব পাৰে, নামটো যিকোনো দেশৰ হ’ব পাৰে। কিন্তু, ইয়াক কেৱল ভাৰততহে বনাব লাগে।

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত ১৯০০০ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে উৎসৱৰ বতৰৰ কথা উল্লেখ কৰি ৰাইজক স্বদেশী সামগ্ৰী ক্ৰয় কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে কয়, “কোম্পানীটো যিকোনো দেশৰ পৰা আহিব পাৰে, নাম যিকোনো দেশৰ হ’ব পাৰে। কিন্তু, ভাৰতত নিৰ্মিত সামগ্ৰীহে কিনিব।”
অসমৰ উন্নয়নৰ কথা কৈ প্ৰধানমন্ত্ৰীয়ে কয় যে, “চৰকাৰ আৰু অসমৰ যৌথ প্ৰচেষ্টাৰ বাবে আজি অসমে দেশ আৰু বিশ্বত ধুমুহাৰ সৃষ্টি কৰিছে। আজি ভাৰত বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা দেশ। একে সময়তে অসমতো দ্ৰুতগতিত বৃদ্ধি পোৱা ৰাজ্যত পৰিণত হৈছে। এটা সময় আছিল যেতিয়া অসম বহু পিছ পৰি আছিল। কিন্তু, আজি অসম ১৩ শতাংশ বৃদ্ধিৰ হাৰত আগবাঢ়িছে। মুখ্যমন্ত্ৰী হিমন্ত আৰু তেওঁৰ দলটোৱে প্ৰতিটো নিৰ্বাচনতে বিপুল সমৰ্থন লাভ কৰি আহিছে। অসমক ভাৰতৰ উন্নয়নৰ বৃদ্ধিৰ ইঞ্জিন হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে কাম কৰি আছে বিজেপি চৰকাৰে। এই মঞ্চৰ পৰাই ৬.৫ হাজাৰ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প ঘোষণা কৰা হৈছে।”
Assam’s healthcare sector is poised for a major upgrade. Speaking at a programme in Darrang. https://t.co/rjfGluOS4s
— Narendra Modi (@narendramodi) September 14, 2025
দৰং চিকিৎসা মহাবিদ্যালয়, ঘাইপথ আৰু ৰিং ৰোডৰ বাবে সকলোকে অভিনন্দন জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেওঁ কয়, “এখন উন্নত ভাৰত গঢ়াৰ বাবে সমগ্ৰ দেশ ঐক্যবদ্ধভাৱে আগবাঢ়িছে। আমাৰ যুৱ বন্ধুসকলৰ বাবে উন্নত ভাৰত এক সপোনৰ লগতে এটা সংকল্প। এই সংকল্পত আমাৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভূমিকা অতি ডাঙৰ। স্বাধীনতাৰ পিছত বৃহৎ চহৰ, ডাঙৰ অৰ্থনীতিৰ বিকাশ কেৱল পশ্চিম আৰু দক্ষিণ ভাৰততহে হৈছিল। ইয়াৰ বাবেই পূৱ ভাৰতৰ এক বৃহৎ জনসংখ্যা পিছ পৰি ৰৈ গ’ল। কিন্তু এতিয়া বিজেপি চৰকাৰে এই চৰ্তসমূহ সলনি কৰিছে।”
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “একবিংশ শতিকাৰ ২৫ বছৰ পাৰ হৈ গ’ল। এতিয়া একবিংশ শতিকাৰ এই পৰৱৰ্তী সময় উত্তৰ পূৰ্বাঞ্চলৰ। এতিয়া উত্তৰ পূৰ্বাঞ্চলৰ সময় আহি পৰিছে। যিকোনো অঞ্চলৰ দ্ৰুত বিকাশৰ বাবে দ্ৰুত সংযোগ অতি গুৰুত্বপূৰ্ণ। সেইবাবেই আমাৰ চৰকাৰে এই বিষয়ত গুৰুত্ব দি আহিছে। ইয়াৰ ফলত আমাৰ যুৱক-যুৱতীসকলৰ বাবে নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হৈছে। স্বাধীনতাৰ পিছৰ ৬ দশক ধৰি দিল্লীত কংগ্ৰেছ চৰকাৰে ক্ষমতাত আছে। কিন্তু, ৬০-৬৫ বছৰত কংগ্ৰেছে ব্ৰহ্মপুত্ৰৰ ওপৰত মাত্ৰ তিনিখন দলং নিৰ্মাণ কৰিছিল। তাৰ পিছত আপুনি আমাক এটা সুযোগ দিলে। এটা দশকত আমাৰ চৰকাৰে ৬ খন ডাঙৰ দলং নিৰ্মাণ কৰিলে। আজিৰ প্ৰয়োজন অনুযায়ী নহয় আগন্তুক ২৫-৫০ বছৰৰ প্ৰয়োজন অনুযায়ী আমি দেশক প্ৰস্তুত কৰি আছো। কাৰণ ২০৪৭ চনত যেতিয়া আমি স্বাধীনতাৰ ১০০ বছৰ উদযাপন কৰিম তেতিয়া আমি এখন উন্নত ভাৰত গঢ়িব লাগিব।”
স্বদেশী সামগ্ৰী ক্ৰয় কৰিবলৈ ৰাইজক আহ্বান
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “নৱৰাত্ৰিৰ প্ৰথম দিনটোত জি এছ টিৰ হাৰ হ্ৰাস হ’ব। স্বাস্থ্য, বীমা, সকলো সস্তা হ’ব। জি এছ টিৰ এই সিদ্ধান্তই উৎসৱৰ জিলিকনি বৃদ্ধি কৰিব।” লগতে প্ৰধানমন্ত্ৰীয়ে ৰাইজক কয়, “উৎসৱৰ বতৰত, কেৱল স্বদেশী সামগ্ৰীহে কিনিব।” প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “প্ৰতিশ্ৰুতি দিয়ক যে যি কিনিব সেয়া স্বদেশী হ’ব। আপুনি মেড ইন ইণ্ডিয়া কিনিব। স্বদেশী সম্পৰ্কে মোৰ ব্যাখ্যা সহজ। কোম্পানীটো যিকোনো দেশৰ হ’ব পাৰে, নামটো যিকোনো দেশৰ হ’ব পাৰে। কিন্তু, ইয়াক কেৱল ভাৰততহে বনাব লাগে। পইচা পৃথিৱীৰ যিকোনো দেশত থাকিব পাৰে কিন্তু ঘাম মোৰ দেশৰ যুৱক-যুৱতীৰ হব লাগে। যি Made in India হয় তাতেই মোৰ দেশৰ মাটিৰ সুগন্ধি থাকিব লাগে।”
লগতে পঢ়ক: মঙলদৈত কেইবা কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ, বিশাল জনসভা…