শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Morning Headlines: পলকতে পঢ়ক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ…

আজি ১৪ ছেপ্তেম্বৰ দেওবাৰ, ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেয়েহে পলকতে জানক ৰাজ্যৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিটো খবৰ...

Morning Headlines: পলকতে পঢ়ক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ…
পলকতে পঢ়ক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ…
barasha-misra
Barasha Misra | Updated On: 14 Sep 2025 07:10 AM

আজি ১৪ ছেপ্তেম্বৰ, প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই শনিবাৰৰ দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

    1. আজি অসমত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰিব। ইতিমধ্যে অসমৰ বাহিৰত এই দিনটো উদযাপন কৰিলে কিন্তু অসমীয়া কেলেণ্ডাৰ অনুসৰি ১৪ ছেপ্তেম্বৰত অৰ্থাৎ আজি অসমত পালন হ’ব। শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ দিনা গোপালৰ সৰু ৰূপৰ বিশেষ পূজা কৰা হয়।
    2. শনিবাৰে খানাপাৰত উপস্থিত হৈ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত অংশ ল’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অনুষ্ঠানৰ আৰম্ভণিতে ১১০০গৰাকী শিল্পীয়ে ১৮ মিনিটত পৰিৱেশন কৰিলে ড° ভূপেন হাজৰিকাৰ ১৪টা গান। অনুষ্ঠানত উন্মোচন কৰা হ’ব ভূপেন হাজৰিকাৰ জীৱনী সম্বলিত এখন গ্ৰন্থ। ৰাজ্যৰ ২০ লাখ পৰিয়ালৰ মাজত বিতৰণ কৰা হ’ব গ্ৰন্থখন।
    3. প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, ভূপেন দাৰ প্ৰতি প্ৰধানমন্ত্ৰী মোদীয়ে যিদৰে সন্মান প্ৰদৰ্শন কৰিছে, অসমৰ ৰাইজে কেতিয়াও পাহৰিব নোৱাৰে।
    4. এই সময়ছোৱাত অসম চৰকাৰে ভূমি অধিকাৰৰ নথি বিতৰণৰ পৰা আৰম্ভ কৰি যুৱ সাহিত্যিকক সম্বৰ্ধনা, স্বাস্থ্যসেৱাৰ পদক্ষেপলৈকে একাধিক কাৰ্যসূচী গ্ৰহণ কৰিব। এই কথা শনিবাৰে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰে।
    5. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে “দুবছৰ পলমকৈ” মণিপুৰ ভ্ৰমণ কৰা কাৰ্যক সমালোচনা কৰি লোকসভাৰ কংগ্ৰেছৰ উপ-দলপতি গৌৰৱ গগৈয়ে দাবী কৰে যে এই ভ্ৰমণত পটভূমিৰ বাস্তৱ কাহিনীতকৈ বিজেপি নেতাৰ ভাবমূৰ্তিৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে।
    6. জাতিগত হিংসাৰ পাছত প্ৰথমবাৰৰ বাবে মণিপুৰত উপস্থিত প্ৰধানমন্ত্ৰী মোদী। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণক তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছে। একে প্ৰকাৰে কয় যে, প্ৰধানমন্ত্ৰীয়ে মণিপুৰ ভ্ৰমণৰ সিদ্ধান্ত বহু দেৰিকৈ ল’লে।
    7. বিহাৰ চৰকাৰৰ কলা, সাংস্কৃতিক আৰু যুৱ বিভাগে “বিহাৰ কলা পুৰস্কাৰ যোজনা”ৰ অধীনত তিনি বছৰৰ বাবে (২০২২-২৩, ২০২৩-২৪ আৰু ২০২৪-২৫) মুঠ ৫২ গৰাকী শিল্পীক নিৰ্বাচিত কৰিছে। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰীলৈও এই সন্মান আগবঢ়োৱা হ’ব।
    8. ভাৰতৰ প্ৰতি হঠাৎ নৰম স্থিতি ড’নাল্ড ট্ৰাম্পৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয়, “চাওক, ভাৰত ৰাছিয়াৰ আটাইতকৈ ডাঙৰ গ্ৰাহক আছিল। মই ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক ৰাখিছিলো কাৰণ তেওঁলোকে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিছিল। সেয়া সহজ কাম নাছিল। কিন্তু মই কৰিলোঁ।”
    9. ভাৰতীয় ৰে’লৱে মানচিত্ৰত প্ৰথমবাৰৰ বাবে সংযোজন মিজোৰাম। ঐতিহাসিক ক্ষনটোৰ সাক্ষী হ’ল পাৰ্বত্য ৰাজ্যখনৰ ৰাইজ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভাৰম্ভণি কৰিছিল ৩ খনকৈ ৰে’ল। শনিবাৰে নিশা গুৱাহাটী ৰে’ল ষ্টেচনত উপস্থিত হয় চাইৰাং-আনন্দ বিহাৰ ৰাজধানী এক্সপ্ৰেছ ৰে’লখন।