শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

এক মহা সংগ্ৰামৰ অৱসানঃ অন্ধবিশ্বাস বিৰোধী যুঁজৰ মহাসৈনিক বীৰুবালা ৰাভা আৰু নাই

অন্ধবিশ্বাস বিৰোধী মহাসংগ্ৰামৰ মহানায়িকা বীৰুবালা ৰাভা আৰু নাই। দীৰ্ঘদিনীয়া স্বাস্থ্যজনিত সমস্যাৰ সৈতে যুঁজৰ অন্তত আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰে পদ্মশ্ৰী বীৰুবালা ৰাভাই। গুৱাহাটীৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত চিকিৎসাধীন অৱস্থাত আজি পুৱা ৯:২৩ বজাত প্ৰখ্যাত সমাজকৰ্মীগৰাকীয়ে ৭৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।

এক মহা সংগ্ৰামৰ অৱসানঃ অন্ধবিশ্বাস বিৰোধী যুঁজৰ মহাসৈনিক বীৰুবালা ৰাভা আৰু নাই
প্ৰখ্যাত সমাজকৰ্মী বীৰুবালা ৰাভাৰ মৃত্যু
monjit-dutta
Monjit Dutta | Published: 13 May 2024 12:34 PM

অন্ধবিশ্বাস বিৰোধী মহাসংগ্ৰামৰ মহানায়িকা বীৰুবালা ৰাভা আৰু নাই। দীৰ্ঘদিনীয়া স্বাস্থ্যজনিত সমস্যাৰ সৈতে যুঁজৰ অন্তত আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰে পদ্মশ্ৰী বীৰুবালা ৰাভাই। গুৱাহাটীৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত চিকিৎসাধীন অৱস্থাত আজি পুৱা ৯:২৩ বজাত প্ৰখ্যাত সমাজকৰ্মীগৰাকীয়ে ৭৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। ডাইনী হত্যাকে ধৰি সমাজত চলি থকা অন্ধবিশ্বাস তথা কুসংস্কাৰৰ  বিৰুদ্ধে এক সবল কণ্ঠ ৰূপত আত্মপ্ৰকাশ কৰি গণসজাগতাৰ সৃষ্টি কৰা বীৰুবালা ৰাভাৰ মৃত্যুত শোকাহত হৈ পৰিছে সমগ্ৰ ৰাজ্য।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি, যোৱা ২২ এপ্ৰিলত বীৰুবালা ৰাভাক ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত ভৰ্তি কৰোৱা হৈছিল। ২০২১ চনৰ ২৩ এপ্ৰিলৰ পৰা কৰ্কট ৰোগৰ সৈতে যুঁজি থকা বীৰুবালা ৰাভাই কেমোথেৰাপিৰ সমান্তৰালভাৱে ৰেডিঅ’থেৰাপী গ্ৰহণ কৰিছিল। ২০২১ চনৰে ১ জুলাইত তেওঁৰ চিকিৎসা সম্পূৰ্ণ কৰিছিল যদিও শেহতীয়াকৈ পুনৰ তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে।

শেহতীয়াকৈ যোৱা ৪ মে’ত তেওঁক আই চি ইউত ভৰ্তি কৰা হৈছিল আৰু তাৰ পিছত ২০২৪ চনৰ ১২ মে’ত শ্বাস-প্ৰশ্বাসজনিত অসুবিধাৰ বাবে তেওঁক মেকানিকেল ভেণ্টিলেটৰত ৰখা হৈছিল। ইতিপূৰ্বে অসম চৰকাৰে তেওঁৰ চিকিৎসাৰ খৰচ বহন কৰিব বুলি ঘোষণা কৰিছিল। কিন্তু চিকিৎসাধীন অৱস্থাতে আজি চিৰদিনৰ বাবে চকু মুদে অন্ধবিশ্বাস বিৰোধী মহাসংগ্ৰামৰ মহাসেনানীগৰাকীয়ে।

উল্লেখ্য যে গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তৰ এখন ভিতৰুৱা গাঁৱৰ এটি সাধাৰণ পৰিয়ালত ১৯৫৪ চনত বীৰুবালা ৰাভাৰ জন্ম হৈছিল।পৰিয়ালৰ আৰ্থিক সমস্যাৰ বাবে ৰাভাই মাত্ৰ পঞ্চম শ্ৰেণীলৈকে আনুষ্ঠানিক শিক্ষাগ্ৰহণ কৰিছিল। সৰুৰে পৰা বিভিন্ন সামাজিক কাম-কাজত জড়িত ৰাভাই ২০০০ চনৰ পৰাই সমাজত প্ৰচলিত ডাইনী প্ৰথাৰ বিৰুদ্ধে সৰৱ হৈ উঠিছিল।

প্ৰথমতে গোৱালপাৰা জিলাতে ডাইনী হত্যাৰ বিৰুদ্ধে গণসচেতনতা আনিবলৈ চেষ্টা কৰা ৰাভাৰ এই সংগ্ৰাম পিছলৈ সমগ্ৰ ৰাজ্যতে বিয়পি পৰে। যোৱা দুটা দশক ধৰি এই অন্ধবিশ্বাসৰ বিৰুদ্ধে মহাসংগ্ৰামৰ নেতৃত্ব দি আহিছিল বীৰুবালা ৰাভাই। ১৯৮৫ চনত তেওঁ ঠাকুৰভিলা মহিলা সমিতিৰ ছেক্ৰেটেৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে। তাৰপিছত তেওঁ বিভিন্ন গাঁৱে ভূঁঞে গৈ ডাইনী হত্যাৰ দৰে অন্ধবিশ্বাসসমূহৰ বিষয়ে মানুহক সচেতন কৰিবলৈ চেষ্টা কৰি আহিছিল।

ডাইনী হত্যাৰ বিৰুদ্ধে ব্যাপক গণজাগৰণ গঢ়ি তুলি বীৰুবালা ৰাভাই প্ৰায় ৩৪ গৰাকী লোকৰ প্ৰাণৰক্ষা কৰিছে। ২০১১ চনত ডাইনী হত্যাৰ বিৰুদ্ধে তেওঁ গোৱালপাৰা জিলাত মিছন বিৰুবালা আৰম্ভ কৰে। ২০১২ চনৰ ৩০ অক্টোবৰত এই মিছনক ৰাজ্যিক অভিযান হিচাপে স্বীকৃতি দিয়া হয়। তেওঁ অসম চৰকাৰৰ ডাইনী চিকাৰ প্ৰতিৰোধ আৰু সুৰক্ষা আইন, ২০১৫ প্ৰণয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

সামাজিক ক্ষেত্ৰত তেওঁৰ উল্লেখযোগ্য অৱদানৰ স্বীকৃতি স্বৰূপে ২০২১ চনত ভাৰত চৰকাৰে ৰাভাক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে। উল্লেখ্য যে তেওঁৰ এই মহাসংগ্ৰামৰ স্বীকৃতি হিচাপে নৰ্থ ইষ্ট নেটৱৰ্ক নামৰ গুৱাহাটীৰ এটা আগশাৰীৰ সংগঠনে ২০০৫ চনত বীৰুবালা ৰাভাৰ নাম শান্তিৰ ন’বেল বঁটাৰ বাবেও প্ৰেৰণ কৰিছিল।