শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

লিচু দেখিলেই জিভাৰ পানী পৰেনে? কোনটো লিচু ভাল কেনেকৈ জানিব?

গৰম দিনত লিচু খাই সকলোৱে ভাল পায়। লিচুত ৮২ শতাংশ পানী থাকে, যি আমাৰ শৰীৰক হাইড্ৰেট কৰি ৰখাত সহায় কৰে। গ্ৰীষ্মকালত উপলব্ধ এই ফলবিধ খালে স্বাস্থ্যৰ লগতে ছালৰ বাবেও বহু উপকাৰ পোৱা যায়। কিন্তু ভাল বেয়া লিচু কেনেকৈ চিনাক্ত কৰিব?

লিচু দেখিলেই জিভাৰ পানী পৰেনে? কোনটো লিচু ভাল কেনেকৈ জানিব?
লিচু দেখিলেই জিভাৰ পানী পৰেনে?
barasha-misra
Barasha Misra | Published: 22 May 2025 08:39 AM

গ্ৰীষ্মকালত যিদৰে মানুহে আম পছন্দ কৰে, একেদৰে লিচুও যথেষ্ঠ ভাল পায়। কেৱল ৰঙা আৰু ৰসাল লিচুবোৰ চাইয়ে মুখৰ পৰা পানী ওলাবলৈ আৰম্ভ কৰে। কিন্তু লিচুত সৰু সৰু পোকো থাকে। বহু সময়ত লিচু বাহিৰৰ পৰা ৰঙা আৰু সতেজ দেখা যায়, কিন্তু খোলাটো আঁতৰাই দিলে এটা অদ্ভুত, ৰুচিহীন আৰু দুৰ্গন্ধযুক্ত পদাৰ্থ ওলাই আহে। এনে পৰিস্থিতিত জানি লওক ভাল আৰু চেয়া লিচু কেনেকৈ চিনাক্ত কৰিব।

এইদৰে কৰক চিনাক্ত

  • লিচু কিনিলে তাৰ খোলাটো চাওক। খোলাৰ ৰং পাতল গোলাপী, ৰঙা, বাদামী হ’ব পাৰে, কিন্তু বেয়া লিচুৰ খোলাৰ ৰং অলপ বগা বা অলপ বেছি চকচকীয়া দেখা যাব পাৰে।
  • লিচুৰ গোন্ধ পোৱাৰ পিছতহে কিনিব লাগে। যদি ই নকল হয় তেন্তে ইয়াৰ কোনো গোন্ধ নাথাকিব। কৃত্ৰিমভাৱে প্ৰস্তুত কৰা লিচুৰ ৰং,কৃত্ৰিম সংৰক্ষক পদাৰ্থৰ গোন্ধ আহিব পাৰে। এইবোৰ স্বাস্থ্যৰ বাবেও ক্ষতিকাৰক।
  • ভাল লিচুৰ খোলা ৰুক্ষ আৰু ডাঙৰ ডাঙৰ দানা থাকে। ইয়াৰ স্পৰ্শ অলপ চামৰাৰ দৰে। যদি ফলটো স্পৰ্শ কৰিলে অস্বাভাৱিকভাৱে মসৃণ, পিছল যেন লাগে, তেন্তে লিচুক সতেজ যেন দেখাবলৈ মম বা তেলৰ আৱৰণ দিয়া হ’ব পাৰে। প্ৰায়ে ফল বিক্ৰেতাই ফলবোৰ সতেজ দেখাবলৈ মিশ্ৰণ ব্যৱহাৰ কৰে।
  • পানীত দি লিচু প্ৰকৃত নে নকল পৰীক্ষা কৰিব পাৰি। ইয়াৰ বাবে এটা পাত্ৰত বিশুদ্ধ পানী থব লাগিব। প্ৰাকৃতিকভাৱে পকা লিচবোৰ পানীৰ ৰং সলনি নকৰাকৈ ডুব যাব বা ভাঁহি থাকিব। যদি পানীৰ ৰং ৰঙা বা গোলাপী হ’বলৈ আৰম্ভ কৰে বা ফলবোৰ পানীৰ ওপৰত ওপঙি থাকে, তেন্তে ই বাহ্যিক ৰং বা ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰৰ ইংগিত হ’ব পাৰে।