৩০ কোটি দৰমহা,  পাছে কোনোৱে নিবিচাৰে এই চাকৰি...

20 May 2025

TV9 ASSAM

এটা  কামৰ বাবদ এজনক বছৰি ৩০ কোটি টকা দিয়া হয়। কিন্তু তাৰ পাছতো কোনোৱে এই কাম কৰিব নিবিচাৰে। উল্লেখ কৰা প্ৰয়োজন যে, এই কামটো হ'ল কেৱল এটা লাইট সকলো সময়তে জ্বলাই ৰখা।

৩০ কোটি

এই কাম ইজিপ্তৰ ঐতিহাসিক লাইট হাউচ 'ফেৰোছ অফ অলেকজেণ্ড্ৰিয়া'ত লাইট কিপাৰৰ। এই চাকৰিত কোনো  ছিনিয়ৰ নাথাকে, কোনো মিটিং নহয় বা কাকো একো ৰিপোৰ্ট কৰিব নালাগে।  কিন্তু তাৰ পাছতো বহুতে চাকৰি কৰিব নিবিচাৰে।

লাইট হাউচ

এই চাকৰিটোৰ কাম মাত্ৰ এয়া মাত্ৰ সুনিশ্চিত কৰা যে লাইট হাউচৰ পোহৰ কেতিয়াও নুনুমায়। সকলো সময়তে লাইট জ্বলি থাকিব লাগিব যাতে সাগৰৰ পৰা জাহাজে সঠিক ৰাস্তা দেখিবলৈ পাই আৰু দুৰ্ঘটনাতপতিত নহয়।

কাম

এই লাইট হাউচটো সাগৰৰ মাজত। গতিকে যেতিয়া সাগৰত  ধুমুহা-বতাহ আহে আৰু ঢৌ উঠে তেতিয়া ইয়াত থকা ভয়ংকৰ হৈ পৰে। কেতিয়াবা সম্পূৰ্ণ মিনাৰটো পানীত ডুব যায়।

সাগৰৰ মাজত

ইয়াৰোপৰি এই কামটোত কেৱল এজন মানুহ থাকে। কোনো সতীৰ্থ নাথাকে। আশা-পাশে কোনো নাথাকে। যাৰ বাবে অকলশৰে থাকি মানুহ বহু সময়ত মানসিক ৰূপত অশান্তিত ভোগে। আৰু সেইবাবে এই লাইট হাউচত কোনো যাব নিবিচাৰে।

অকলশৰীয়া

 ইতিহাসৰ কথা ক'বলৈ হ'লে বিশেষ কাৰণত এই লাইট হাউচ নিৰ্মাণ হৈছিল।  এবাৰ নাৱৰীয়া এজন সাগৰেৰে গৈ আছিল আৰু আন্ধাৰত কোনো পথ দেখা নাপাই নাওখন ডুবিছিল। এনে ঘটনাৰ পৰা হাত সাৰিবলৈ ইজিপ্তৰ প্ৰশাসনে সাগৰৰ মাজত ওখ টাৱাৰটো বনাইছিল।

ইতিহাস

সাগৰৰ মাজত আৰু জনসমাগমৰ পৰা দূৰত হোৱা বাবে এই চাকৰিটোত বহু টকা দিয়া হয়। কিন্তু এই চাকৰি কৰা সহজ নহয়। যাৰ বাবে ইয়াত বহু কোটি টকা পোৱাৰ পাছতো কোনোৱে কাম কৰিব নিবিচাৰে।

কাম নিবিচাৰে

পঢ়িবলৈ ক্লিক কৰক

পাকিস্তানত সেন্দূৰৰ দাম কিমান