TV9 ASSAM
যোৱা কেইটামান বছৰ পূৰ্বে কোৰোনা ভাইৰাছে ভাৰতত যি ত্ৰাসৰ সৃষ্টি কৰিছিল সেয়া আজিও হয়তো সকলোৰে মনত আছে। পুনৰ এবাৰ কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা পোহৰলৈ আহিছে।
JN.1 ভেৰিয়েন্ট কোৰোনা ভাইৰাছৰ এক নতুন প্ৰকাশ যি আমেৰিকান BA.2.86 ৰ পৰ অহা। ইয়াক প্ৰথমবাৰ ২০২৩ চনৰ আগষ্টত পোৱা গৈছিল। গতিকে JN.1 ভেৰিয়েন্ট ৰ লক্ষ্যণসমূহ জনা দৰকাৰ।
JN.1 ভেৰিয়েন্টত ৩০ টা মিউটেশ্যন আছে। যাৰ বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা দুৰ্বল হৈ পৰে। এক কথাত, ৰোগ প্ৰতিৰোধ কৰা অতি কঠিন হৈ পৰে।
এই ৰোগৰ কিছুমান বিশেষ লক্ষণ আছে। শুকান কাহ, নাকৰ পানী ওলোৱা, নাক বন্ধ হোৱা, মূৰৰ বিষ, ডিঙিত সমস্যা, জ্বৰ, দুৰ্বলতা, খাদ্যৰ সোৱাদ বা গোন্ধত সাল-সলনি আদি।
২০২৫ চনৰ ১৯ মে' লৈকে ভাৰতত কোৰোনাৰ ২৫৭ টা সক্ৰিয় ঘটনা পোহৰলৈ আহিছে। এয়া চলিত বৰ্ষৰ সবাতোকৈ অধিক। পুনৰ কোৰোনাৰ দ্বাৰা একাংশ মানুহ সংক্ৰমিত হৈছে।
স্বাস্থ্য সেনা মহানিৰ্দেশকৰ অধ্যক্ষতাত হোৱা এক বৈঠকত NCDC, ICMR আৰু অন্য সংস্থাৰ বিশেষজ্ঞসকলে অংশ লৈছিল। তেওঁলোকে কৈছিল যে ভাৰতত স্থিতি নিয়ন্ত্ৰত আছে । চিন্তাৰ কাৰণ নাই।
উল্লেখ্য যে, এই লেখাটোত কিছুমান সাধাৰণ কথা উল্লেখ কৰা হৈছে। কোৰোনা সন্দৰ্ভত সকলোৱে সচেতন হৈ থকা ভাল। ইয়াৰোপৰি ইয়াৰ বিষয়ে অধিক জানিবলৈ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।
পঢ়িবলৈ ক্লিক কৰক