কিমানৰ জীৱন ল’ব বিবাহ বৰ্হিভূত সম্পৰ্কই? চেতনা ঘূৰিবনে কাহানিবা?
একাংশ বিবাহিত পুৰুষ আৰু মহিলা বৰ্তমান বিবাহ বৰ্হিভূত সম্পৰ্কৰ প্ৰতি আকৃষ্ট হৈ পৰিছে । নিজতকৈ কম বয়সীয়া যুৱতী বা যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্কত বান্ধ খাই নিজৰেই সংসাৰ আৰু জীৱন ধ্বংস কৰি আহিছে এইসকলে । আপুনি ক'ব পাৰে কেৱল দৈহিক সম্ভোগ আৰু ধনৰ লালসাৰ বাবেহে এই সম্পৰ্কবোৰ গঢ়ি উঠে ।

বিবাহ বৰ্হিভূত সম্পৰ্ক । এই বিষয়টো বৰ্তমান অসমৰ মানুহৰ বাবে সুপৰিচিত । কিছু বছৰ আগলৈকে অসমৰ মানুহৰ বাবে ই পৰিচিত নাছিল । কিন্তু বৰ্তমান অসমত প্ৰায় নিতৌ এনে ঘটনা পোহৰলৈ আহে । কৰ’বাত স্বামী-সন্তান এৰি বোৱাৰী পলায় যায়, পত্নী-সন্তানক নিঠৰুৱা কৰি স্বামীয়ে আন মহিলাক আকোঁৱালি লয়, কৰ’বাত প্ৰেমিকৰ সৈতে মিলি স্বামী বা সন্তানক হত্যা কৰা হয়, শহুৰ-শাহুক হত্যা কৰা হয়, কেতিয়াবা প্ৰেমিকৰ সৈতে ধৰা পৰাৰ পিছত সেই মহিলা হত্যাৰ বলি হয় ।
এনে ঘটনা এতিয়া চিৰাচৰিত অসমৰ বাবে । আগতে খবৰ কাগজত বা টিভি ৰেডিঅ’ত কেতিয়াবাহে মানুহে এনে ঘটনাৰ কথা শুনিছিল । কিন্তু এতিয়া কোনদিনা নিজৰ ঘৰতেই বা ঘৰৰ কাষতেই এনে ঘটনাৰ সাক্ষী হ’বলগীয়া হয়, তাৰ যেন নিশ্চয়তা নোহোৱা হৈছে ।
একাংশ বিবাহিত পুৰুষ আৰু মহিলা বৰ্তমান বিবাহ বৰ্হিভূত সম্পৰ্কৰ প্ৰতি আকৃষ্ট হৈ পৰিছে । নিজতকৈ কম বয়সীয়া যুৱতী বা যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্কত বান্ধ খাই নিজৰেই সংসাৰ আৰু জীৱন ধ্বংস কৰি আহিছে এইসকলে । আপুনি ক’ব পাৰে কেৱল দৈহিক সম্ভোগ আৰু ধনৰ লালসাৰ বাবেহে এই সম্পৰ্কবোৰ গঢ়ি উঠে ।
অসমত শেহতীয়াকৈ এনে বহু ঘটনা পোহৰলৈ আহিছে, যাৰ সংযোগ আছে বিবাহ বৰ্হিভূত সম্পৰ্কৰ সৈতে । একাংশই ধ্বংস কৰিছে নিজৰ সংসাৰ আৰু আন একাংশই ধ্বংস কৰিছে নিজৰেই জীৱন । কিয়নো কেতবোৰ ঘটনাত এনে কিছু যুৱক বা যুৱতী জড়িত থকাৰ খবৰ পোৱা যায়, যাৰ জীৱনটো কেৱল আৰম্ভ হৈছেহে ।
নগাঁও জিলাৰ কামপুৰত মঙলবাৰে সংঘটিত এক ঘটনাই পুনৰ বিবাহ বৰ্হিভূত সম্পৰ্কৰ বিষয়টো চৰ্চালৈ আনিছে । নিজৰ পত্নীক আন এজন যুৱকৰ সৈতে একেলগে দেখাৰ পাছত হিতাহিত জ্ঞান হেৰুৱাই পেলালে এজন লোকে । সংঘটিত কৰিলে নৰহত্যাৰ দৰে নাৰকীয় কাণ্ড ।
জানিব পৰা মতে, নগাঁও জিলাৰ কামপুৰৰ জয়কান্ত দাস কৰ্মসূত্ৰে কামপুৰৰ পৰা দূৰৈত থাকে । কামপুৰত ভাৰাঘৰত বাস কৰিছিল তেওঁৰ পৰিয়ালে । একেটা চৌহদতে বাস কৰিছিল এজন শিক্ষকেও । সেই শিক্ষকজনৰ সৈতেই অবৈধ সম্পৰ্ক ৰক্ষা কৰাৰ অভিযোগ জয়কান্তৰ পত্নীৰ বিৰুদ্ধে । জুই জ্বলিলে ধোঁৱা ওলোৱাতো স্বাভাৱিক ।
ঘটনাৰ দিনা জয়কান্তৰ পত্নীৰ সৈতে কোঠাত সোমাই আছিল শিক্ষক ভাস্কৰ নাথ । সেই সময়তে কোঠাত উপস্থিত হয় জয়কান্ত । দুয়োকে একেলগে দেখি খঙত অগ্নি শৰ্মা হৈ পৰে তেওঁ । হিতাহিত জ্ঞান হেৰুৱাই এডাল ৰডেৰে কোবাই কোবাই দুয়োকে হত্যা কৰে জয়কান্ত দাসে । তাৰ পাছত তেওঁ আত্মসমৰ্পন কৰে কামপুৰ থানাত ।
এটা ভুলে ধ্বংস কৰিলে দুটা পৰিয়াল । জয়কান্তই হত্যাৰ অপৰাধত অৱশ্যেই শাস্তি পাব । কিন্তু এই ঘটনাই শিক্ষক ভাস্কৰ নাথৰ পৰিয়ালটোও ধ্বংস কৰিলে, লগতে জয়কান্তৰ সংসাৰো । এয়া এটাহে মাত্ৰ উদাহৰণ । এনে বহু ঘটনা ইতিমধ্যেই সংঘটিত হৈছে অসমত । যিয়ে ধ্বংস কৰি পেলাইছে বহুতৰে জীৱন ।
বিভিন্ন সময়ত এই বিষয়ক লৈ চৰ্চা হৈ আহিছে । বহুতেই ক’ব খোজে, ব্যস্ততাপূৰ্ণ জীৱনত মানুহে পৰিয়ালক সময় দিব নোৱাৰা, বুজাবুজিৰ অভাৱ আদিবোৰ কাৰণতেই এনে ধৰণৰ অবৈধ সম্পৰ্কই ঠাই পাবলৈ ধৰিছে । আন বহুতেই সামাজিক মাধ্যমৰ ব্যৱহাৰৰ প্ৰতিও আঙুলি টোঁৱায় । সামাজিক মাধ্যমৰ যোগেদি চিনাকী হৈও বহুতেই এনে সম্পৰ্ক গঢ়ি তোলে আৰু যেতিয়ালৈ ইয়াৰ কুপ্ৰভাৱ উপলব্ধি কৰে, তেতিয়ালৈ বহু দেৰি হৈ যায় ।
কেৱল এটা অজুহাতক দোষাৰোপ কৰি এনে সম্পৰ্কত বান্ধ খোৱাতো কিমান যুক্তি সংগত, সেই উত্তৰ বিচাৰি পোৱাতোও যেন বৰ্তমান সময়ত জটিল হৈ পৰিছে । এনেদৰে আৰু কিমান জীৱন নিঃশেষ হ’ব বিবাহ বৰ্হিভূত প্ৰেমৰ বাবে? সংঘটিত ঘটনাৱলীৰ পৰা মানুহে অৱশ্যেই শিক্ষা লোৱাৰ সময় আহি পৰিছে ।