শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

এনেকুৱা লাগিছিল মৃত্যু সন্মুখত… TMC ৰ নেত্ৰী সাগৰিকা ঘোষে দিলে শ্ৰীনগৰত জৰুৰীকালীন অৱতৰণ কৰা বিমানৰ শিহৰণকাৰী বৰ্ণনা

বেয়া বতৰৰ বাবে শ্ৰীনগৰ বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ এখন ইণ্ডিগ’ বিমানৰ। এই বিমানত জম্মু-কাশ্মীৰলৈ যোৱা টিএমচিৰ এটা প্ৰতিনিধি দলো আছিল। টিএমচিৰ নেত্ৰী সাগৰিকা ঘোষে কয় যে, মৃত্যুৰ দৰে অভিজ্ঞতা আছিল, ভয় খাইছিল আৰু সকলোৱে প্ৰাৰ্থনা কৰিছিল।

এনেকুৱা লাগিছিল মৃত্যু সন্মুখত… TMC ৰ নেত্ৰী সাগৰিকা ঘোষে দিলে শ্ৰীনগৰত জৰুৰীকালীন অৱতৰণ কৰা বিমানৰ শিহৰণকাৰী বৰ্ণনা
TMC ৰ নেত্ৰী সাগৰিকা ঘোষে দিলে শ্ৰীনগৰৰ বিমানৰ শিহৰণকাৰী বৰ্ণনা
barasha-misra
Barasha Misra | Updated On: 22 May 2025 09:10 AM

বুধবাৰে শ্ৰীনগৰ বিমানবন্দৰত ইণ্ডিগ’ৰ 6E 2142 বিমানে জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয়। ভয়ংকৰ পৰিৱেশৰ মাজত বিমানখনৰ সন্মুখৰ অংশ বেয়াকৈ ক্ষতিগ্ৰস্ত হয়। বতৰ বেয়াৰ বাবে বিমানখনৰ ভিতৰত থকা লোকৰ কি অৱস্থা হৈছিল সেয়া ভিডিঅ’ই প্ৰমাণ কৰিছে। এই বিমানত টিএমচিৰ নেত্ৰী সাগৰিকা ঘোষো আছিল। এই বিমানত যি ঘটিছিল তাৰ বিষয়ে ক’লে নেতৃগৰাকীয়ে।

শ্ৰীনগৰ অভিমুখী বিমানখনত ডেৰেক অ’ব্ৰাইন, নাদিমুল হক, সাগৰিকা ঘোষ, মানস ভুনিয়া, মমতা ঠাকুৰকে ধৰি ৫ জনীয়া তৃণমূল কংগ্ৰেছৰ এটা প্ৰতিনিধি দল আছিল। যেতিয়া বতৰৰ বাবে পৰিস্থিতি অধিক বেয়া হৈ পৰে তেতিয়া বিমানখনে নিৰাপদ জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয়।

“মৃত্যুৰ দৰে অভিজ্ঞতা”

টিএমচিৰ নেত্ৰী সাগৰিকা ঘোষে কয়, মৃত্যুৰ ওচৰৰ পৰা উভতি অহা যেন লাগিছে। মই ভাবিছিলো মোৰ জীৱনটো শেষ হ’বলৈ বেছি সময় নাই। সকলোৱে ভয় খাইছিল, আতংকত চিঞৰিছিল আৰু প্ৰাৰ্থনা কৰিছিল। তেওঁ পাইলটক আৰু প্ৰশংসা কৰি ক’লে, তাৰ পৰা আমাক উলিয়াই অনা পাইলটজনক চেলুট। আমি যেতিয়া অৱতৰণ কৰিলোঁ আমি দেখিলোঁ যে বিমানখনৰ পিছফালৰ অংশটো উৰি গৈছে। ঘোষে কয় যে, জৰুৰীকালীন অৱতৰণৰ পিছত প্ৰতিনিধি দলটোৱে পাইলটজনক ধন্যবাদ জনায়।

এই বিমানখনত ২০০ জন লোক আছিল আৰু সকলো নিৰাপদ। কাৰো কোনো ধৰণৰ ক্ষতি হোৱা নাই। কিন্তু বতৰ বেয়া হোৱাৰ বাবে বিমানখনৰ কেবিন কঁপিবলৈ ধৰে। যাৰ বাবে পৰিস্থিতি অধিক বেয়া হ’বলৈ আৰম্ভ কৰে আৰু মানুহে আতংকিত হৈ প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। বিমানখনৰ ভিডিঅ’ পোহৰলৈ আহিছে, য’ত ৰাইজৰ ভয় আৰু আতংকিত হোৱা স্পষ্টকৈ দেখা গৈছে।