শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সংঘাত নহয়, এতিয়া ফুটবলৰ বাবে পৰিচিত বড়োলেণ্ড ! ‘মন কী বাত’ৰ সময়ত বিটিআৰৰ বিষয়ে আৰু কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

প্ৰধানমন্ত্ৰীয়ে কয় যে, বিজয়ৰ বাবে কষ্ট আৰু প্ৰত্যাহ্বানক পৰাস্ত কৰা অঞ্চলটোৰ যুৱ ফুটবল খেলুৱৈসকল সমগ্ৰ দেশৰ বাবে প্ৰেৰণা উৎস হিচাপে পৰিগণিত হৈছে। প্ৰতিমাহে সম্প্ৰচাৰিত অনুষ্ঠান ‘মন কী বাত’ৰ সময়ত বিটিআৰত শান্তি পুনৰুদ্ধাৰৰ কথা উল্লেখ কৰে মোদীয়ে।

সংঘাত নহয়, এতিয়া ফুটবলৰ বাবে পৰিচিত বড়োলেণ্ড ! ‘মন কী বাত’ৰ সময়ত বিটিআৰৰ বিষয়ে আৰু কি ক’লে প্ৰধানমন্ত্ৰীয়ে?
প্ৰধানমন্ত্ৰী মোদীImage Credit source: PTI
manas-borah
Manas Borah | Published: 29 Jun 2025 16:36 PM

এসময়ত সংঘাতৰ বাবে পৰিচিত আছিল বিটিআৰ । কিন্তু বৰ্তমান বড়োলেণ্ড সমগ্ৰ দেশত ফুটবলৰ বাবে পৰিচিত। আজি এই মন্তব্য প্ৰকাশ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ কয় যে, এসময়ত সংঘাত জৰ্জৰিত বিটিআৰ বৰ্তমান দক্ষ যুৱ ফুটবল খেলুৱৈৰ বাবে পৰিচিত ।

তেওঁ কয় যে, বিজয়ৰ বাবে কষ্ট আৰু প্ৰত্যাহ্বানক পৰাস্ত কৰা অঞ্চলটোৰ যুৱ ফুটবল খেলুৱৈসকল সমগ্ৰ দেশৰ বাবে প্ৰেৰণা উৎস হিচাপে পৰিগণিত হৈছে। প্ৰতিমাহে সম্প্ৰচাৰিত অনুষ্ঠান ‘মন কী বাত’ৰ সময়ত বিটিআৰত শান্তি পুনৰুদ্ধাৰৰ কথা উল্লেখ কৰি মোদীয়ে কয়,”ৰাষ্ট্ৰৰ সন্মুখত বড়োলেণ্ডে এক নতুন পৰিচয় লৈ থিয় দিছে। অঞ্চলটোৰ যুৱক-যুৱতীসকলৰ শক্তি আৰু তেওঁলোকৰ আত্মবিশ্বাস ফুটবল খেলপথাৰত স্পষ্ট হৈ পৰিছে।”

বিটিআৰত চলি থকা বড়োলেণ্ড CEM Cup ৰ কথা উল্লেখ কৰি তেওঁ কয় যে, “এয়া কেৱল প্ৰতিযোগিতা নহয়,এয়া ঐক্য আৰু আশাৰ উদযাপন।” তেওঁ কয় যে, এই প্ৰতিযোগিতাত ৩৭০০ৰো অধিক দল আৰু প্ৰায় ৭০ হাজাৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে, ইয়াৰে বহু সংখ্যক ছোৱালী।

তেওঁ লগতে কয় যে, এই সংখ্যাই বড়োলেণ্ডৰ পৰিৱৰ্তনৰ কাহিনীক প্ৰতিফলিত কৰে । বড়োলেণ্ড এতিয়া দেশৰ ক্ৰীড়া মানচিত্ৰত অধিক উজ্জ্বল হৈ উঠিছে।

“এটা সময় আছিল যেতিয়া ‘সংঘাত’ বড়োলেণ্ডৰ পৰিচয় আছিল। যুৱক-যুৱতীসকলৰ বাবে সুযোগ সীমিত আছিল। কিন্তু আজি তেওঁলোকৰ চকুত নতুন সপোনেৰে ভৰি পৰিছে আৰু তেওঁলোকৰ মাজত আত্মনিৰ্ভৰশীল হোৱা সাহস দেখা গৈছে।” এইদৰে কয় প্ৰধানমন্ত্ৰী মোদীয়ে।

হলিচৰণ নাৰ্জাৰী, দুৰ্গা বড়ো, অপূৰ্ণা নাৰ্জাৰী, মনবীৰ বসুমতাৰীৰ দৰে খেলুৱৈৰ কথা উল্লেখ কৰি বড়োলেণ্ডৰ ফুটবল খেলুৱৈয়ে এতিয়া উচ্চ পৰ্যায়ত স্বীকৃতি অৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয় যে, এয়া কেৱল নাম নহয়, বৰঞ্চ নতুন প্ৰজন্মৰ পৰিচয় যিয়ে বড়োলেণ্ডক ৰাষ্ট্ৰীয় মঞ্চলৈ লৈ গৈছে।

যোৱা ১৫ জুনৰ পৰা চাৰিটা পৰ্যায়ত বিটিআৰৰ পাঁচখন জিলাত আৰম্ভ হৈছে বড়োলেণ্ড চিইএম কাপ ১.০। এই প্ৰতিযোগিতাৰ মুঠ বাজেট ৬.৪৪ কোটি টকা। মুঠ পুৰস্কাৰ ধন ৭২.৫৫ লাখ টকা।