সংবিধানৰ ‘ধৰ্মনিৰপেক্ষ’ আৰু ‘সমাজবাদী’ শব্দ দুটা আঁতৰোৱাৰ দাবী মুখ্যমন্ত্ৰীৰ, কি ক’লে?
জৰুৰীকালীন সময়ত ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত 'ধৰ্মনিৰপেক্ষ' আৰু 'সমাজবাদী' শব্দ দুটা সংযোজিত হৈছিল। জৰুৰী অৱস্থাৰ সময়ত সংযোজিত শব্দ দুটা সংবিধানৰ পৰা বাদ দিয়াৰ সময় সমাগত ৷ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

ইন্দিৰা গান্ধীৰ দিনত দেশত জাৰি কৰা জৰুৰীকালীন সময়ত ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত ‘ধৰ্মনিৰপেক্ষ’ আৰু ‘সমাজবাদী’ শব্দ দুটা সংযোজিত হৈছিল। জৰুৰী অৱস্থাৰ সময়ত সংযোজিত শব্দ দুটা সংবিধানৰ পৰা বাদ দিয়াৰ সময় সমাগত ৷ এই মন্তব্য প্ৰকাশ কৰি পুনৰবাৰ ৰাজনৈতিক বিতৰ্ক সৃষ্টি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
তেওঁ কয়, “ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন সময়ত ‘ধৰ্মনিৰপেক্ষ’ আৰু ‘সমাজবাদী’ শব্দ দুটা সংবিধানত সংযোজিত কৰে । যিটো ভাৰতীয় চিন্তাৰ পৰিপন্থী। ভাৰতীয় সংবিধানৰ ১৪ নং অনুচ্ছেদত ৰাষ্ট্ৰই কাকো পৃথকে পৃথকে চাব নোৱাৰিব বুলি উল্লেখ কৰি ধৰ্মনিৰপেক্ষতাৰ এক বিশাল স্তম্ভ নিৰ্মাণ কৰি থোৱা আছে। ইয়াৰ পাছতো এই শব্দ দুটা ব্যৱহাৰে আমাৰ দেশক পশ্চিমীয়া দেশৰ কাষলৈ ওচৰ চপাই লৈ গ’ল। ইয়াৰ ফলত আমাৰ ৰাষ্ট্ৰৰ নিজাৰ চিন্তাধাৰাৰ পৰা আমি আঁতৰি গ’লো।”
ইয়াৰ লগতে তেওঁ কয়, ” আমি কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাম যে,ভাৰতৰ সংবিধান যিধৰণে আম্বেদকাৰ ডাঙৰীয়াই ৰচনা কৰিছিল, ড° ৰাজেন্দ্ৰ প্ৰসাদৰ নেতৃত্বত যিধৰণে সংবিধানখন গ্ৰহণ কৰা হৈছিল, সংবিধানৰ প্ৰস্তাৱনা তেনেকৈ থাকিবলৈ দিয়া উচিত ৷” জৰুৰী অৱস্থাৰ সময়ত সংযোজিত শব্দ দুটা সংবিধানৰ পৰা বাদ দিয়াৰ সময় সমাগত বুলিও কয় মুখ্যমন্ত্ৰীয়ে।
“দ্য ইমাৰ্জেন্সি ডায়েৰী” নামৰ গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাছতে এই মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী শৰ্মাৰ এই বক্তব্যই ৰাজনৈতিক আৰু সাংবিধানিক বিতৰ্কৰ সূচনা কৰাৰ সম্ভাৱনা আছে।
লগতে তেওঁ কয় যে, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়ত ৰাজনৈতিকভাৱে ভীতিগ্ৰস্ত হৈ ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থা ঘোষণাৰ দৰে ইতিহাস কলুষিত কৰাৰ সিদ্ধান্ত লৈছিল৷ আনকি তাৰ আগত প্ৰয়োজনীয় কেবিনেটৰ সিদ্ধান্তও গ্ৰহণ কৰা নাছিল৷ ইয়াৰ কাৰণ আছিল-অবিশ্বাস ৷ তেতিয়াৰ পৰা এতিয়ালৈ প্ৰমাণ হৈ আহিছে যে গান্ধী পৰিয়ালে কাকো বিশ্বাস নকৰে বুলি কয় মুখ্যমন্ত্ৰীয়ে।
উল্লেখ্য যে, ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট কৰা “ধৰ্মনিৰপেক্ষ” আৰু “সমাজবাদী” শব্দ দুটাই ক্ৰমে ধৰ্মৰ সৈতে ৰাষ্ট্ৰৰ সম্পৰ্ক আৰু সমাজৰ আৰ্থ-সামাজিক বিকাশৰ দিশটোক আলোকপাত কৰে। ১৯৭৬ চনত, ৪২ তম সংশোধনীৰ জৰিয়তে এই শব্দ দুটা সংযোজন কৰা হৈছিল।