শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভাৰতৰ সাৰ্বভৌমত্ব দুৰ্বল কৰাৰ ষড়যন্ত্ৰ- অসমৰ সাংসদ আৰু বিদেশী পত্নীৰ বিৰুদ্ধে কি আছে SIT ৰ প্ৰতিবেদনত?

গৌৰৱ গগৈৰ আছে নেকি পাকিস্তানৰ সৈতে সম্পৰ্ক? এই সন্দৰ্ভত চলা তদন্তৰ অন্তত আজি এছ আই টিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত দাখিল কৰিলে প্ৰতিবেদন।

ভাৰতৰ সাৰ্বভৌমত্ব দুৰ্বল কৰাৰ ষড়যন্ত্ৰ- অসমৰ সাংসদ আৰু বিদেশী পত্নীৰ বিৰুদ্ধে কি আছে SIT ৰ প্ৰতিবেদনত?
হিমন্ত বিশ্ব শৰ্মা
barasha-sarma
Barasha Sarma | Published: 10 Sep 2025 20:02 PM

সঁচাকৈ ভাৰত বিৰোধী কাৰ্যকলাপত জড়িত আছে নেকি গৌৰৱ গগৈ? পাকিস্তানৰ সৈতে আছে নেকি কোনো সম্পৰ্ক? দীৰ্ঘদিনীয়া বিতৰ্কৰ অন্তত ১০ ছেপ্টেম্বৰ, ২০২৫ ত এছ আই টিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত দাখিল কৰিছে তদন্তৰ প্ৰতিবেদন। সূত্ৰ অনুসৰি জানিব পৰা মতে, এছ আই টিয়ে ১০০ তকৈ অধিক পৃষ্ঠাৰে ভৰা এখন প্ৰতিবেদন মুখ্যমন্ত্ৰীৰ হাতত দাখিল কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এক পোষ্ট দি কয় যে এছ আই টিয়ে তদন্তত কিছুমান আচৰিত তথ্য ফাদিল কৰিছে।

শৰ্মাই সামাজিক মাধ্যমত লিখে- “২০২৫ চনৰ ১৭ ফেব্ৰুৱাৰীত অসম কেবিনেটে আলী তৌকীৰ শ্বেখ নামৰ এজন পাকিস্তানী নাগৰিক আৰু তেওঁৰ সহযোগীসকলৰ ভাৰতবিৰোধী কাৰ্যকলাপৰ তদন্তৰ বাবে এক বিশেষ তদন্তকাৰী গোট গঠন কৰে। এই বিস্তৃত তদন্তৰ সময়ত এছ আই টিয়ে আশ্চৰ্যকৰ তথ্য উদঘাটন কৰিছে, যি আমাৰ ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বক দুৰ্বল কৰাৰ উদ্দেশ্যে এক বৃহত্তৰ ষড়যন্ত্ৰৰ দিশটোক আঙুলিয়াই দিছে। এছ আই টিয়ে আলী তৌকীৰ শ্বেখৰ বৃহত্তৰ ভাৰতবিৰোধী কাৰ্যকলাপত ভাৰতৰ এগৰাকী সাংসদৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা ব্ৰিটিছ নাগৰিক জড়িত থকাৰ কথাও প্ৰমাণ কৰিছে”।

লগতে লিখে, “তদুপৰি পাকিস্তান চৰকাৰৰ গৃহ মন্ত্ৰ্যালয়ে কেনেদৰে অসমৰ এজন মাননীয় সাংসদক তেওঁলোকৰ দেশলৈ ভ্ৰমণৰ সুবিধা প্ৰদান কৰিছিল, সেই বিষয়েও অনুসন্ধানত আলোকপাত কৰা হৈছে। অসম চৰকাৰে এতিয়া এছ আই টিৰ প্ৰতিবেদন বিতংভাৱে পৰীক্ষা কৰি অসম কেবিনেটৰ সন্মুখত দাখিল কৰিব। বিষয়টো কেবিনেটত আলোচনা হোৱাৰ পাছত তদন্তৰ সময়ত সংগ্ৰহ কৰা তথ্য ৰাজহুৱা কৰা হ’ব”।

উল্লেখ্য যে, অহা ১৩ ছেপ্টেম্বৰত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সম্ভৱতঃ মোদীয়ে দিল্লীলৈ ঘূৰি যোৱাৰ পাছতে অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক কেবিনেট বৈঠকত শৰ্মাই এই প্ৰতিবেদন দাখিল কৰিব। যোৱা ১৭ ফেব্ৰুৱাৰীত অসম কেবিনেটে বিশেষ তদন্তকাৰী গোট গঠন কৰিছিল। সেই অনুসৰি কেবিনেট বৈঠকতে শৰ্মাই সকলো তথ্য ফাদিল কৰিব পাৰে।

বিগত সময়চোৱাত সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন অভিযোগ উত্থাপন কৰি আহিছিল। শৰ্মাই কৈছিল যে, আই এছ আইৰ আমন্ত্ৰণমৰ্মে পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ। আনকি তেওঁৰ পত্নীৰ বিৰুদ্ধেও উত্থাপন কৰিছিল গুৰুতৰ অভিযোগ। গগৈৰ পত্নীয়ে কিয় এতিয়ালৈকে ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰা নাই তাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি শৰ্মাই কৈছিল যে- “ৰাষ্ট্ৰীয় নিৰাপত্তা অস্থিৰ কৰাৰ বাবে ধর্মান্তৰকৰণ জোঁটত অংশগ্ৰহণ আৰু জৰ্জ ছৰছকে ধৰি বাহ্যিক উৎসৰ পৰা পুঁজি লাভ কৰা আদি হৈছে গুৰুতৰ উদ্বেগপূর্ণ বিষয়, যাক কেতিয়াও এৰি দিব নোৱাৰি। গতিকে ইয়াৰ ওপৰত তদন্ত হ’ব লাগে”।

তাৰ পাছতে গগৈৰ বিৰুদ্ধে আৰু বহু অভিযোগ তুলি গৈছিল শৰ্মাই। ইয়াকলৈয়ে গঠন কৰিছিল বিশেষ তদন্তকাৰী গোট। সেই এছ আই টিয়ে আজি মুখ্যমন্ত্ৰীৰ হাতত দাখিল কৰিলে প্ৰতিবেদন। কিন্তু সেই প্ৰতিবেদনত কি আছে সেয়া এতিয়ালৈকে প্ৰকাশ হোৱা নাই। এসাগৰ ৰহস্য লৈ বন্ধ হৈ থকা ফাইলটোত এতিয়া চকু অসমৰ কোটি কোটি জনতাৰ।

 

 

অন্য খবৰ পঢ়কঃ সাংসদ পত্নীৰ ISI ৰ সৈতে সম্পৰ্ক, ১২ বছৰে লোৱা নাই ভাৰতীয় নাগৰিকত্বঃ হিমন্ত বিশ্বৰ ডাঙৰ অভিযোগ

অন্য খবৰ পঢ়কঃ এগৰাকী সাংসদে সাক্ষাৎ কৰিছিল পাকিস্তানী বিষয়াক, পত্নীৰ আছিল পাকিস্তানৰ সৈতে সু-সম্পৰ্কঃ হিমন্ত বিশ্ব