ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজি দিনটোৰ ঘটনা পৰিঘটনা…
১৯৭৫ চনৰ আজিৰ দিনটোতে দেশত ঘোষণা কৰা হয় জৰুৰীকালীন অৱস্থা। ১৯৭৫ চনৰ ২৫ জুনৰ পৰা ১৯৭৭ চনৰ ২১ মাৰ্চলৈ ২১ মাহৰ বাবে ভাৰতত জৰুৰীকালীন অৱস্থাৰ সৃষ্টি হৈছিল। ইয়াৰ লগতে চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা।

দিনটোৰ ইতিহাসImage Credit source: GettyImage
আজি ২৫ জুনৰ দিনটো দেশৰ ৰাজনৈতিক ইতিহাসৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ। ১৯৭৫ চনৰ আজিৰ দিনটোতে দেশত ঘোষণা কৰা হয় জৰুৰীকালীন অৱস্থা। ১৯৭৫ চনৰ ২৫ জুনৰ পৰা ১৯৭৭ চনৰ ২১ মাৰ্চলৈ ২১ মাহৰ বাবে ভাৰতত জৰুৰীকালীন অৱস্থাৰ সৃষ্টি হৈছিল।
তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নেতৃত্বত সেই সময়ৰ ভাৰত চৰকাৰৰ পৰামৰ্শ মতে ভাৰতীয় সংবিধানৰ ৩৫২ নং অনুচ্ছেদৰ অধীনত তদানীন্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদে দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল। স্বাধীন ভাৰতৰ ইতিহাসত এই সময়ছোৱাক আটাইতকৈ বিতৰ্কিত সময় বুলি গণ্য কৰা হয় । ইয়াৰ লগতে চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা।
দিনটোৰ ইতিহাস
- ১৫২৯ চনত মোগল শাসক বাবৰ বংগ জয় কৰি নিজৰ ৰাজধানী আগ্ৰালৈ উভতি আহে।
- ১৭৮৮ চনত ভাৰ্জিনিয়া আমেৰিকাৰ সংবিধান গ্ৰহণ কৰা দশমখন ৰাজ্য হিচাপে পৰিগণিত হয়।
- ১৯৪১ চনত ফিনলেণ্ডে ছোভিয়েট ইউনিয়নৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
- ১৯৫০ চনত উত্তৰ আৰু দক্ষিণ কোৰিয়াৰ মাজত গৃহযুদ্ধ আৰম্ভ হয় যিয়ে পিছলৈ আন্তঃৰাষ্ট্ৰীয় শীতল যুদ্ধৰ ৰূপ লয়।
- ১৯৭৪ চনত বলীউডৰ অভিনেত্ৰী কৰিশ্মা কাপুৰৰ জন্ম হয়।
- ১৯৭৫ চনত ইন্দিৰা গান্ধীৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰৰ পৰামৰ্শ মতে ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদে দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰে।
- ২০০৯ চনত পশ্চিমীয়া সংগীত আৰু নৃত্যৰ নতুন সংজ্ঞা লিখা আৰু বিশ্বৰ লাখ লাখ লোকৰ প্ৰিয় মাইকেল জেকচনৰ মৃত্যু।