শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

সামাজিক মাধ্যমত উজাৰিলে ক্ষোভ, পোষ্ট মেলনৰ কনচাৰ্টত বিদেশী মহিলাক অশালীন ব্যৱহাৰ

পোষ্ট মেলনৰ কনচাৰ্টৰ পাছতে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী বিদেশী মহিলা ব্লগাৰে। তেওঁ ভাৰতত মহিলাৰ সুৰক্ষা কিমান তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

সামাজিক মাধ্যমত উজাৰিলে ক্ষোভ, পোষ্ট মেলনৰ কনচাৰ্টত বিদেশী মহিলাক অশালীন ব্যৱহাৰ
manas-borah
Manas Borah | Updated On: 10 Dec 2025 14:18 PM

পোষ্ট মেলনৰ কনচাৰ্টৰ সময়ত দুগৰাকী বিদেশী পৰ্যটকক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। তেওঁলোকৰ মাজৰ এগৰাকী বিদেশী ব্লগাৰে নিজৰ অভিজ্ঞতা সামাজিক মাধ্যম যোগে শ্বেয়াৰ কৰিছে। তেওঁ ভাৰতত মহিলাৰ সুৰক্ষা কিমান তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ এই কথা স্পষ্ট কৰি দিছে যে, এই অভিজ্ঞতাৰ বাবে সমগ্ৰ গুৱাহাটী দায়ী নহয়। গুৱাহাটীত থাকি তেওঁলোকে বহু ভাল অভিজ্ঞতাও লাভ কৰিছে। কেৱল কেইজনমান দুষ্ট প্ৰকৃতিৰ পুৰুষৰ বাবে সেই ভাল লগা মুহূৰ্তবোৰ বেয়া অভিজ্ঞতালৈ পৰিণত হ’ল। কনচাৰ্টৰ সময়ত তেওঁলোকে বহু মৰমিয়াল, উদাৰ আৰু সন্মানীয় লোককো লগ পোৱাৰ কথা উল্লেখ কৰিছে বিদেশী মহিলা ব্লগাৰগৰাকীয়ে।

উল্লেখ্য যে, উত্তৰ-পূৰ্বাঞ্চলৰ বহু ঠাই ভ্ৰমণ কৰাৰ পাছত ইংলেণ্ডৰ কিছু সংখ্যক পৰ্যটক গুৱাহাটীত অনুষ্ঠিত হোৱা পোষ্ট মেলনৰ সংগীতানুষ্ঠান চাবলৈ আহিছিল। তেওঁলোক একো একোজন ব্লগাৰ। কিন্তু গুৱাহাটীৰ অনুষ্ঠানটোত তেওঁলোকে নিৰাপদ অনুভৱ নকৰিলে। তেওঁলোকে অনুষ্ঠান চাবলৈ ভিতৰলৈ প্ৰৱেশ কৰাৰ কিছু সময়ৰ পাছতে তেওঁলোক ওলাই আহিবলৈ বাধ্য হ’ল। কাৰণ বিদেশী মহিলা পৰ্যটক কেইগৰাকীৰ দেহত সন্মতি অবিহনে স্পৰ্শ কৰা হ’ল, হেঁচা ঠেলা কৰা হ’ল।

তেওঁ সামাজিক মাধ্যমত লিখিছে এইদৰে,”ভাৰতত এইধৰণৰ কনচাৰ্ট মহিলাসকলৰ বাবে নিৰাপদ স্থান বুলি আপুনি ভাবেনে? যোৱা নিশা গুৱাহাটীৰ পোষ্ট মেলন কনচাৰ্টত কথাবোৰ অতি সোনকালে গুৰুতৰ হৈ পৰিল। ভিৰৰ মাজত দুগৰাকী মহিলা হিচাপে মোক আৰু মোৰ বান্ধৱী দুয়োকে ভিৰ হৈ থকা ঠাইখনত প্ৰৱেশ কৰাৰ কিছু মিনিটৰ ভিতৰতে সন্মতি অবিহনে স্পৰ্শ কৰা হ’ল। মাত্ৰ ১০ মিনিটৰ পিছত আমি জোৰকৈ ওলাই আহি বিক্ৰেতাসকলৰ ওচৰলৈ গুচি যাবলগীয়া হ’ল, কাৰণ আমি আৰু নিৰাপদ অনুভৱ কৰা নাছিলো।”

“দুখৰ বিষয় যে, যি হৈছিল তাৰ বাবে আমি আৰু কনচাৰ্টটো উপভোগ কৰিব পৰা নাছিলো। এইটো “সাধাৰণ হেঁচা-ঠেলা কৰা ভিৰ” নহয়। ই নাৰীৰ ওপৰত হোৱা হিংসা আৰু ৰাজহুৱা স্থানত অপদস্থ কৰাৰ ধৰণৰ এক বহল বিষয়ৰ অংশ।”

“যিমানেই ডাঙৰ নহওক কিয়, কোনো কনচাৰ্টেই নাৰীক সংগীত উপভোগ কৰা আৰু নিজৰ শৰীৰক সুৰক্ষা দিয়াৰ মাজৰ পৰা এটা বাছি ল’বলৈ বাধ্য কৰাব নালাগে। মই একেবাৰে স্পষ্টকৈ ক’ব বিচাৰিছো যে, এয়া সামগ্ৰিকভাৱে গুৱাহাটীৰ প্ৰতিফলন নহয়। ইয়াত থকা সময়ছোৱাত আমি অতিশয় উদাৰতা, উষ্মা আৰু প্ৰকৃত আতিথ্যৰ অভিজ্ঞতা লাভ কৰিছো।”

“যোৱা নিশা আমি অগণন মানুহক লগ পাইছিলো যিসকল আছিল মৰমিয়াস, সন্মানীয় আৰু সেই মুহূৰ্তটোৰ বাবে এক্সচাইটেড হৈ আছিল। কিন্তু মাত্ৰ কেইজনমান পুৰুষৰ সন্মান বা সন্মতিৰ অভাৱেই সমগ্ৰ অভিজ্ঞতাটো নষ্ট কৰি ভয়ৰ পৰিৱেশ সৃষ্টি কৰিবলৈ যথেষ্ট।মহিলাসকলে নিৰাপত্তা অনুভৱ কৰাৰ যোগ্য। কেৱল কনচাৰ্টতে নহয়, সকলোতে।”