শ্বহীদ স্মাৰক ক্ষেত্ৰ মুকলিঃ মঞ্চৰ পৰাই ‘অচিনাকী লোক’ৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ উদাত্ত ভাষণ…
Swahid Smarak Kshetra: আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে বৰগাঁৱত নিৰ্মাণ হৈ উঠা শ্বহীদ স্মাৰক ক্ষেত্ৰ। এই সময়চোৱাত তেওঁ বিভিন্ন দিশৰ ওপৰত মন্তব্য প্ৰদান কৰে। তেওঁ অচিনাকী লোকক লক্ষ্য কৰি উদাত্ত ভাষণ দিয়া দেখা যায়।
বুধবাৰ (১০ ডিচেম্বৰ)য়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে গুৱাহাটী বৰাগাঁৱত ৰাজ্য চৰকাৰে নিৰ্মাণ কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰ। প্ৰতিবছৰৰ দৰে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্বহীদ দিৱস পালন কৰা হয়। বৰগাঁৱত এইবাৰ ৰাজ্য চৰকাৰৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে এই দিৱস পালন কৰা হৈছে। আজিৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। স্মাৰক ক্ষেত্ৰ উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন দিশৰ ওপৰত মত প্ৰকাশ কৰে।
শৰ্মাই কয় যে, “১০ ডিচেম্বৰৰ দিনটো প্ৰকিগৰাকী অসমীয়াৰ বাবে পবিত্ৰ দিন। এই বছৰৰ এই দিনটো আমাৰ বাবে গৌৰৱৰ দিন। কিয়নো ১৭০ কোটি টকা ব্যয় সাপেক্ষে শ্বহীদ ক্ষেত্ৰ নিৰ্মাণ কৰা হয়। অসম আন্দোলনৰ ৪৬ বছৰ পাছতো আমি সুৰক্ষিত নাছিলো। চুক্তি স্বাক্ষৰ হোৱাৰ পাছতে চুক্তি কাৰ্যকৰী হোৱা নাছিল। আমি অসমৰ জাতি, মাটি, ভেটি ৰক্ষাৰ সংকল্পৰে আগবাঢ়িছিলো। মেহতা আয়োগৰ প্ৰতিবেদনত লিখা আছে কেনেকৈ অসম আৰু অসমীয়াক ৰঙালী কৰা হৈছিল”।
অসমত অচিনাকী লোকৰ সংখ্যা বৃদ্ধি হোৱা বুলি উল্লেখ কৰি শৰ্মাই কয় যে, “২০২৭ চনত ৬০% তলত আহিব আমাৰ জনসংখ্যা। অসমত অচিনাকি মানুহৰ সংখ্যা বাঢ়ি গৈ আছে। অসমীয়া জাতিৰ সৈতে কাজিয়া কৰিলে আমি প্ৰত্যুত্তৰ দিবলৈ সাজু। বিদেশীয়ে অনুপ্ৰৱেশ কৰিলে ২ ঘন্টাৰ ভিতৰত উভতাই পঠিয়াও। আমি এতিয়া নতুন অসমৰ বাবে আগবাঢ়িছো”।
জাতিয়ে জাতীয় সংকল্প ল’ব লাগিব বুলি উল্লেখ কৰি শৰ্মাই কয় যে, “আমি আমাৰ এটুকুৰা মাটি কেতিয়াও অচিনাকি লোকক বিক্ৰী নকৰো। অচিনাকীৰ হাতলৈ গ’লে আমি জীয়াই থাকিব নোৱাৰিম। মোৰ গাড়ী অচিনাকী নহয়, খিলঞ্জীয় লোকে চলাব লাগিব। আমাৰ জাতিয় আত্মসমৰ্পন কৰিবলৈ নাই। আজি যুঁজিম আৰু জিকিম। কেতিয়াবা কোনোবাই অলপ টকাৰ বাবে মাটি বিক্ৰী কৰিব পাৰে। কিন্তু আমি সংকল্প ল’ব লাগিব যে অচিনাকী লোকৰ হাতত মাটি বিত্ৰী নকৰো। আমাৰ মাটিত আমি নিজেই খেতি কৰিম”।
শৰ্মাই আৰু কয় যে, ”প্ৰতিগৰাকী উদ্যোগতিয়ে অচিনাকী মানুহক কাম নিদিয়াৰ সিদ্ধান্ত ল’ব লাগিব। গুৱাহাটীৰ পদপথৰ ব্যৱসায় অচিনাকী লোকে কৰিব নালাগে। খিলঞ্জীয়া ল’ৰা-ছোৱালীয়ে কৰক। অসমক চাকৰি চিনাকী লোকে পাব। তিনিটা প্ৰজন্ম অসমীয়া নহ’লে মাটি বিক্ৰী কৰিব নোৱাৰিব। আমাৰ নামঘৰ, সত্ৰ সুৰক্ষিত কৰি ৰাখিব লাগিব। আকৌ এবাৰ আন্দোলনৰ দিনবোৰৰ কথা মনত পেলাব লাগিব। এই সংগ্ৰাম হ’ব সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক সংগ্ৰাম “।
অন্য খবৰ পঢ়কঃ আহিছিল মন্দিৰ দৰ্শন কৰিবলৈ! গা ধুই থকা অৱস্থাত ব্ৰহ্মপুত্ৰৰ পৰা সন্ধানহীন ৫ জন…