10 Dec 2025
TV9 ASSAM
বৰ্তমান সময়ত ডায়েবেটিছ এক ডাঙৰ সমস্যা। দেশৰ লাখ লাখ মানুহ এই ৰোগত আক্ৰান্ত। ডায়েবেটিছ সম্পূৰ্ণ ঠিক নহ'লেও ইয়াক নিয়ন্ত্ৰণত ৰাখিব পাৰি।
শীতকালত বজাৰত বিভিন্ন ধৰণৰ শাক-পাচলি, ফল-মূল আদি পোৱা যায়। কিন্তু এনে সময়চোৱাত ডায়েবেটিছ ৰোগীসকল কিছুমান খাদ্যৰ পৰা আঁতৰত থাকিব লাগে।
আলু, মিঠা আলুত ষ্টাৰ্চৰ মাত্ৰা অধিক পৰিমাণে থাকে। গতিকে ডায়েবেটিছ ৰোগীসকলে আলু বেছিকৈ খাব নালাগে। ইয়াত বহু পৰিমাণৰ কাৰ্বহাইড্ৰেট থাকে।
কৰ্ণ বা মাকৈ খাই বহুতে ভাল পায়। কিন্তু ডায়েবেটিছ ৰোগীয়ে চুইট কৰ্ণ, পপ কৰ্ণ আদি খাব নালাগে। ইয়াত ষ্টাৰ্চছ আৰু কাৰ্বোহাইড্ৰেট বহু পৰিমাণে থাকে। যাৰ বাবে খাব নালাগে।
সেউজীয়া মটৰচ ষ্টাৰ্চছ বহু পৰিমাণে থাকে। ই ব্লাড চুগাৰ বৃদ্ধি কৰিব পাৰে। গতিকে ডায়েবেটিছ ৰোগীয়ে মটৰ খোৱাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।
কল, তৰমুজ আদি মিঠা ফল খাব নালাগে। এনে ফল খালে ব্লাড চুগাৰ বৃদ্ধি পাব পাৰে। গতিকে যিকোনো মিঠা ফল খোৱাৰ আগত চিন্তা কৰা দৰকাৰ। ফলৰ জুচ খোৱাও বেয়া।
শীতকালত বহুতে জাংক ফুড খাই ভাল পায়। কিন্তু ই ব্লাড চুগাৰ বৃদ্ধি কৰিব পাৰে। গতিকে বেছি তেল দিয়া খাদ্য, মচলাযুক্ত, পেকেট খাদ্য আদিৰ পৰা আঁতৰি থাকিব লাগে। অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ লোৱা ভাল।
পঢ়িবলৈ ক্লিক কৰক