শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আহিছিল মন্দিৰ দৰ্শন কৰিবলৈ! গা ধুই থকা অৱস্থাত ব্ৰহ্মপুত্ৰৰ পৰা সন্ধানহীন ৫ জন…

মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ নিখোজ ৫ জনকৈ লোক। ইয়াৰ লগে লগে অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। বৰ্তমান সন্ধানহীনসকলক বিচাৰি অভিযান অব্যাহত আছে।

আহিছিল মন্দিৰ দৰ্শন কৰিবলৈ! গা ধুই থকা অৱস্থাত ব্ৰহ্মপুত্ৰৰ পৰা সন্ধানহীন ৫ জন…
গুৱাহাটী
Barasha Sarma
Barasha Sarma | Updated On: 10 Dec 2025 17:20 PM

মহানগৰী গুৱাহাটীত অঘটন। ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ নিখোজ ৫ জনকৈ লোক। জানিব পৰা মতে, খাৰঘূলিৰ ভক্তি কুটীৰ নামৰ মন্দিৰটোলৈ আহিছিল লোকসকল। মন্দিৰৰ পূজা- অৰ্চনাৰ বাবে ৮ জনকৈ লোক নামিছিল ব্ৰহ্মপুত্ৰত গা ধুবলৈ। কিন্তু তাৰ মাজতে সংঘটিত হয় এক ডাঙৰ ঘটনা আৰু সন্ধানহীন হৈ পৰে ৫ জনকৈ লোক। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমান অব্যাহত ৰাখিছে।

সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, ব্ৰহ্মপুত্ৰত গা ধুই থকা অৱস্থাত ৫ জনকৈ লোক ডুব যায়। ইয়াৰ লগে লগে ঘটনাস্থলীত হাহাকাৰ লাগে। পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে NDRF, আৰক্ষীৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। জানিব পৰা মতে, ইতিমধ্যে ৩ জন লোকক হাস্পাতাললৈ প্ৰেৰণ কৰা হৈছে। ইয়াৰে দুজনক নাৱৰীয়াই উদ্ধাৰ কৰিছে। পানীত নমা লোকসকলৰ ভিতৰত আছিল- উপেশ কুমাৰ। তেওঁৰ ঠিকনা গুৱাহাটী উলুবাৰীৰ ইস্কন মন্দিৰ।

তথ্য অনুসৰি, এই আটাইকেইজন লোকক নদীৰ পাৰলৈ লৈ গৈছিল ভক্তি কুটীৰৰ মালিকৰ পুত্ৰই। গা ধুবলৈ যোৱা দলটোত আছিল আমেৰিকা আৰু অষ্ট্ৰেলিয়াৰ যুৱকো। সম্প্ৰতি সন্ধানহীন হৈ থকাসকলৰ ভিতৰত আছে বিশ্বনাথৰ প্ৰতাপ, গুৰগাঁৱৰ সাগৰ, গুৱাহাটীৰ অভিজিৎ, বঙাইগাঁৱৰ ৰণক ছাদক আৰু উপেশ কুমাৰ। বাতৰি লিখি থকা পৰলৈকে বাকীসকলৰ তথ্য এতিয়াও পোহৰলৈ অহা নাই।

এই সমগ্ৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বৰ্তমান সময়তো আৰক্ষীয়ে ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা লোকসকলৰ বিভিন্ন নথি-পত্ৰ, কাপোৰ আদি উদ্ধাৰ কৰিছে। গতিকে পৰৱৰ্তী সময়ত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। এই ঘটনা কেনেকৈ সংঘটিত হ’ল সেয়া সকলো তদন্তৰ অন্তত জানিব পৰা যাব।

অন্য খবৰ পঢ়কঃ আন এক প্ৰাপ্তি! জুবিন গাৰ্গলৈ মৰণোত্তৰভাৱে কটন বিশ্ববিদ্যালয়ৰ ডি.লিট সন্মান…