শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ পৰা কাজিৰঙাৰ সীমা সম্প্ৰসাৰণলৈ, কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ…

Assam cabinet 21th May: আজি অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেট বৈঠকত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে । এই সময়তচোৱাত অসমত কনচাৰ্ট অনুষ্ঠিত কৰাৰ পৰা চাহ শ্ৰমিকৰ দৰমহা বৃদ্ধিলৈ কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়।

চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ পৰা কাজিৰঙাৰ সীমা সম্প্ৰসাৰণলৈ, কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ…
ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তImage Credit source: Facebook (himanta biswa sarma)
barasha-sarma
Barasha Sarma | Updated On: 21 May 2025 13:33 PM

বুধবাৰে অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। এই বৈঠকৰ অন্তত  লাচিত বৰফুকন পুলিচ একাডেমী, দেৰগাঁৱত এক সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেলত শৰ্মাই সদৰি কৰা অনুসৰি আজিৰ কেবিনেট বৈঠকত চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ পৰা অসমত কনচাৰ্ট অনুষ্ঠিত কৰালৈকে, কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই কেবিনেট বৈঠকত লোৱা সিদ্ধান্তসমূহ তলত উল্লেখ কৰা হ’ল-

১) অসমৰ কনচাৰ্ট অৰ্থনীতিৰ বিকাশঃ কেবিনেটে ‘অসমৰ কনচাৰ্ট পৰ্যটনৰ অর্থনীতি’ক অনুমোদন জনাইছে। ইয়াৰ উদ্দেশ্য হৈছে বৃহৎ পৰিসৰৰ কনচাৰ্ট আৰু সংগীত উৎসৱ আয়োজন কৰিব পৰাকৈ অসমক এক মুখ্য সংগীত আৰু বিনোদন পর্যটন কেন্দ্ৰৰ ৰূপত প্রতিষ্ঠা কৰা। এই নীতি অনুসৰি উন্নতমানৰ সংগীত স্থানসমূহ বিশ্বমানৰ পোহৰ আৰু শব্দ প্রযুক্তিৰ সৈতে বিকশিত কৰি তোলা হ’ব আৰু অসম পর্যটনে আৱশ্যকীয় ভি জি এফৰে সংগীতানুষ্ঠানসমূহক সমর্থন আগবঢ়াব।

২) চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিঃ অসম চাহ বাগিচাৰ শ্ৰমিকসকলক আমি ২২০ টকা দি অহা হৈছিল। কিন্তু  ১ অক্টোবৰৰ পৰা আমি অসম চাহ নিগমৰ বাগিচা চলাই আছো, সকলোকে ২৫০ টকা প্ৰদান কৰাৰ সিদ্ধান্ত।

 

 

 

৩)চলাৰ পাৱাৰ জেনেৰেশ্যন প্ৰমোশ্যন পিলিচি অপপ্ৰোভঃ ৰাজ্যৰ সৌৰ শক্তি উৎপাদনৰ সম্ভাৱনাক সম্পূর্ণৰূপে ব্যৱহাৰ কৰিবলৈ কেবিনেটে ‘অসম সৌৰ শক্তি উৎপাদন প্ৰচাৰ নীতি ২০২৫’ত অনুমোদন কৰিছে, যাৰ লক্ষ্য ২০৩০ চনৰ ভিতৰত ৩৫০০ মেগাৱাট সৌৰ ক্ষমতা উৎপাদন কৰা তথা ৰাজ্যত ব্যক্তিগত আৰু ৰাজহুৱা বিনিয়োগ আকর্ষণ কৰি প্রায় ১৫,০০০ নিয়োগ সৃষ্টি কৰা। এই নীতিয়ে ঔদ্যোগিক উদগনি, শক্তি ক্রয়, ছিংগল উইণ্ড’ ক্লীয়াৰেঞ্চ, আন্তঃগাঁথনি উন্নয়ন, পৰিবহণ শুল্ক আৰু বিদ্যুৎ কৰ ৰেহাই আদিৰ লগতে বহুতো সুবিধা প্রদান কৰিব।

৪) লাচিত বৰফুকন আৰক্ষী একাডেমী উন্নীতকৰণঃ লাচিত বৰফুকন আৰক্ষী একাডেমীৰ উন্নয়নৰ দ্বিতীয় পৰ্যায়ৰ বাবে কেবিনেটে ২২৯.৪১ কোটি টকা ব্যয়ৰ প্রশাসনিক অনুমোদন আগবঢ়াইছে। আনুমানিক ২ বছৰত ইয়াক সম্পূৰ্ণ কৰাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে।

৫) ডিব্ৰুগড়ক ৰাজধানী ৰূপ দিয়াৰ দিশত অন্য এক খোজঃ কেবিনেটে ২৮৪.০৩ কোটি টকা ব্যয়সাপেক্ষে ডিব্ৰুগড়ত নতুন সংসদ পৰিসৰ আৰু বিধায়ক আৱাস নির্মাণত অনুমোদন জনাইছে।

৬) খনিকৰ ক্ৰীড়া পৰিসৰ উন্নীতকৰণঃ খনিকৰ ক্ৰীড়া পৰিসৰ উন্নীতকৰণৰ বাবে কেবিনেটে ২০৯.১৩ কোটি টকা ব্যয়েৰে মূল ষ্টেডিয়ামৰ আসনৰ ক্ষমতা ৫,০০০ৰ পৰা ৩৫,০০০ আসনলৈ বৃদ্ধি কৰাৰ অনুমোদন প্রদান কৰিছে।

৭) কাজিৰঙাৰ সীমা সম্প্ৰসাৰণঃ কেবিনেটে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৬ষ্ঠ সংযোজকৰ অধীনত ৪৭,৩০৬.৩৩ হেক্টৰ এলেকা চূড়ান্ত অধিসূচনাৰ প্ৰস্তাৱ অনুমোদন প্রদান কৰিছে। এই সম্প্ৰসাৰণৰ অধীনত গোপালঝাৰণি, গোনাইটাপু, ঠুটেচাপৰি, জবৰে, বালিগাঁও, বিশ্বনাথ ঘাট, ‘উমাটুমনি, গাখীৰখাইতী, শিলঘাট আৰু হাতীমূৰা গাঁওসমূহ অন্তর্ভুক্তিৰ আওতাৰ বাহিৰত বখা হৈছে।

৮) এন আৰ এলৰ বাবে ইকুইটী সংযোজনঃ কেবিনেটে নুমলীগড় বিফাইনেৰী লিমিটেড (এন আৰ এল)ত অসম চৰকাৰৰ অনুমোদিত ইকুইটা বিনিয়োগৰ চতুৰ্থ আৰু চূড়ান্ত পর্যায়ৰ বাবে ২০৫.৭২৫ কোটি টকা মুকলিত অনুমোদন জনায়। ইয়াৰ সৈতে অসম চৰকাৰে এন আৰ এলৰ প্ৰসাৰৰ বাবে আগতে প্রতিশ্রুতি আগবঢ়োৱা ৮২৩ কোটি টকাৰ বিনিয়োগ সম্পূর্ণ কৰিব।

 

অন্য খবৰ পঢ়কঃ ভাৰত চৰকাৰৰ অনুমতি অবিহনে পাকিস্তানলৈ যাব পাৰি নেকি? মুখ্যমন্ত্ৰীক কি কি প্ৰত্যাহ্বান জনালে গগৈয়ে…