Assam online teacher transfer: শিক্ষক বদলিকৰণৰ আৱেদনৰ সময়সীমা বৃদ্ধি
অসমত শিক্ষক-শিক্ষয়িত্ৰী বদলিৰ বাবে অনলাইন আবেদনৰ সময়সীমা ৩১ মে', ২০২৫ লৈ বৃদ্ধি কৰা হৈছে। অফিচিয়েল পৰ্টেলৰ জৰিয়তে অনলাইনযোগে জমা দিয়াৰ পিছত অসম শিক্ষক বদলি আইন অনুসৰি গ্ৰহণ কৰা হ'ব (Assam Teachers Transfer Act)।

অসমৰ শিক্ষা বিভাগে প্ৰাথমিক, মাধ্যমিক, আৰু সমগ্ৰ শিক্ষা সঞ্চালকালয়ৰ অধীনত শিক্ষক বদলিৰ বাবে অনলাইন আৱেদনৰ সময়সীমা বৃদ্ধি কৰিছে।
২০২৫ চনৰ ২০ মে’ত জাৰি কৰা এক আনুষ্ঠানিক অধিসূচনাত চৰকাৰে ঘোষণা কৰিছে। চৰকাৰে উল্লেখ কৰে, যোগ্য শিক্ষক-শিক্ষয়িত্ৰীয়ে https://hrmsassam.in পৰ্টেলযোগে বদলিৰ বাবে নিৰ্ধাৰিত নিয়ম অনুসৰি আবেদন কৰিব পাৰিব। এই সময়সীমা হৈছে ৩১ মে’ৰ মাজনিশালৈকে।
এই সম্প্ৰসাৰণ ২০২৫ চনৰ ১৭ মে’ত জাৰি কৰা SOP অনুসৰি, একেখন জিলাতে ২ বছৰ কাল সেৱা সম্পূৰ্ণ কৰা বিশেষভাৱে সক্ষম শিক্ষকক অগ্ৰাধিকাৰ দিয়া হ’ব। বিশেষভাৱে সক্ষম পুৰুষ শিক্ষকতকৈ বিশেষভাৱে সক্ষম শিক্ষকক অগ্ৰাধিকাৰ দিয়া হ’ব। বিধৱা শিক্ষয়িত্ৰী, গুৰুতৰ ৰোগত আক্ৰান্ত পুৰুষ শিক্ষকতকৈ মহিলা শিক্ষকক অগ্ৰাধিকাৰ দিয়া হ’ব। এই SOP অনুসৰি দুৰ্গম অঞ্চলৰ বিদ্যালয়ত সেৱা আগবঢ়োৱা পুৰুষ শিক্ষকতকৈ শিক্ষয়িত্ৰীক আৰু একেখন জিলাতে ১০ বছৰ বা তাতকৈ অধিক সময় সেৱা আগবঢ়োৱা শিক্ষকক অগ্ৰাধিকাৰ দিয়া হ’ব।
এইবাৰ বিভাগটোৱে জোৰ দি কয় যে, কেৱল অনলাইন আৱেদনহে গ্ৰহণ কৰা হ’ব। বদলিৰ বাবে কোনো অফলাইন অনুৰোধ গ্ৰহণ কৰা নহ’ব। বদলি বিচাৰা আগ্ৰহী শিক্ষক-শিক্ষয়িত্ৰীসকলক এই সময়সীমাৰ ভিতৰত আৱেদন কৰিবলৈ আহ্বান জনোৱা হৈছে।
উল্লেখ্য যে, অফিচিয়েল পৰ্টেলৰ জৰিয়তে অনলাইনযোগে জমা দিয়াৰ পিছত অসম শিক্ষক বদলি আইন অনুসৰি গ্ৰহণ কৰা হ’ব (Assam Teachers Transfer Act)। এই বদলিকৰণৰ আৱেদনত কনিষ্ঠ শিক্ষকতকৈ জ্যেষ্ঠ শিক্ষকক অগ্ৰাধিকাৰ দিয়া হ’ব।