শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

তুৰ্কী আৰু আজাৰবাইজানে নহয়! এইখন মুছলিম দেশে পৰ্দাৰ আঁৰত থাকি সহায় কৰিছিল পাকিস্তানক, পোহৰলৈ সকলো…

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ সময়ত বহু দেশে মুকলিকৈ সমৰ্থন আগবঢ়াইছিল পাকিস্তানক। ইয়াৰ মাজতে আন এখন মুছলিম দেশৰ নাম পোহৰলৈ আহিছে যিয়ে পৰ্দাৰ আঁৰত থাকি পাকিস্তানক সহায় কৰিছে।

তুৰ্কী আৰু আজাৰবাইজানে নহয়! এইখন মুছলিম দেশে পৰ্দাৰ আঁৰত থাকি সহায় কৰিছিল পাকিস্তানক, পোহৰলৈ সকলো…
ইজিপ্ত-পাকিস্তানImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 21 May 2025 20:27 PM

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ সময়ত বহু দেশে পাকিস্তানক প্ৰত্যক্ষ সমৰ্থন আগবঢ়াইছিল। ইয়াৰ ভিতৰত তুৰ্কী, আজাৰবাইজান, চীন অন্যতম। কিন্তু এতিয়া আন এটা নাম পোহৰলৈ আহিছে যি হয়তো কোনোৱে আশা কৰা নাছিল। এই দেশখনৰ নামটো পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে নিজেই উল্লেখ কৰি কৈছে যে এই দেশখনে তেওঁলোকক সহায় কৰিছে। এই দেশখন হ’ল ইজিপ্ত। এই সহায়ৰ বাবে পাকিস্তানে ইজিপ্তৰ ৰাষ্ট্ৰপতিক ফোন কৰি ধন্যবাদ জ্ঞাপন কৰাৰ লগতে উত্তেজনাৰ সময়ত লাভ কৰা সমৰ্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।

পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ আল চিছিৰ সৈতে ফোনযোগে কথা পাতে। এই কথা-বতৰাত তেওঁ ভাৰত-পাকিস্তানৰ উত্তেজনাৰ সময়ত ইজিপ্তৰ সুষম মনোভাৱৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। শ্বাহবাজ শ্বৰীফে কয় যে, ইজিপ্তৰ পদক্ষেপে এই উত্তেজনা হ্ৰাস কৰাত সহায় কৰিছিল। গতিকে ইয়াৰ পৰা স্পষ্ট হৈ পৰে যে তুৰ্কী, চীন, আজাৰবাইজানৰ উপৰি ইজিপ্তেও সকলোৰে আঁৰত থাকি পাকিস্তানক সমৰ্থন আগবঢ়াইছিল। এই সন্দৰ্ভত ইজিপ্ত প্ৰশাসনে এতিয়ালৈকে কোনো আনুুষ্ঠানিক বিবৃতি দিয়া নাই যদিও পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ পৰা প্ৰায় সকলো স্পষ্ট হৈ পৰিছে।

পৰ্দাৰ আঁৰত থাকিয়ে ইজিপ্তে পাকিস্তানক সমৰ্থন আগবঢ়াই আহিছে। অৱশ্যে ইয়াৰ প্ৰমাণ পূৰ্বতেও পোহৰলৈ আহিছিল। উল্লেখ্য যে, ১২ মে’ত ‘ফ্লাইট ২৪ ৰাডাৰ’ৰ এটা পোষ্টে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। য’ত দাবী কৰা হৈছিল যে, ইজিপ্তৰ এখন মালবাহী বিমান পাকিস্তানত অৱতৰণ কৰিছে। সেই সময়ত এই দাবীৰ কোনোৱে বিশেষ গুৰুত্ব দিয়া নাছিল। কিন্তু শ্বাহবাজৰ মন্তব্যৰ পাছতে সেই দাবী যেন এতিয়া স্পষ্ট হৈ পৰিছে। পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ কথা-বতৰাই এক প্ৰকাৰ এই কথা স্পষ্ট কৰি দিছে যে সম্ভৱতঃ সেইদিন সঁচাকৈ ইজিপ্তৰ বিমান পাকিস্তানত অৱতৰণ কৰিছিল।

শ্বাহবাজ শ্বৰীফে এই আলোচনাৰ সময়ত ভাৰতে স্থগিত কৰি ৰখা সিন্ধু জল চুক্তিৰ কথাও উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, এই বিষয়টো পাকিস্তানৰ বাবে গুৰুত্বপূৰ্ণ। ইয়াৰোপৰি এই চুক্তি আঞ্চলিক শান্তিৰ বাবে ইয়াক অপৰিহাৰ্য। এই আলোচনাৰ সময়ত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ কথা উল্লেখ কৰে। ইয়াৰ মাজতে ইজিপ্তৰ ৰাষ্ট্ৰপতিগৰাকীক পাকিস্তান ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাই শ্বাহবাজ শ্বৰীফে, এই আমন্ত্ৰণ ইতিমধ্যে স্বীকাৰ কৰি লৈছে ইজিপ্তৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।

 

অন্য খবৰ পঢ়কঃ পহলগাম কাণ্ডৰ পাছতে চীন-পাকিস্তানৰ ঘনিষ্ঠতা বৃদ্ধি! বেইজিঙত আফগানিস্তানৰ সৈতে ২ ৰাষ্ট্ৰৰ বৈঠক…