শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Chanakya Niti: ধনবান হ’ব বিচাৰে নেকি? তেন্তে আজিয়েই ত্যাগ কৰক এই ৫টা সাধাৰণ অভ্যাস…

Chanakya Niti: চাণক্যই তেওঁৰ নীতি শাস্ত্ৰত মানুহক বিভিন্ন সমস্যাৰ সমাধান দি গৈছে। মানুহৰ ধনৰ সমস্যাৰ পৰা আৰম্ভ কৰি পাৰিবাৰিক জীৱনলৈ বিভিন্ন সমস্যাৰ সমাধানৰ বিষয়ে তেওঁ উল্লেখ কৰি গৈছে। যি আজিও বহু লোকে অনুসৰণ কৰে।

Chanakya Niti: ধনবান হ’ব বিচাৰে নেকি? তেন্তে আজিয়েই ত্যাগ কৰক এই ৫টা সাধাৰণ অভ্যাস…
চাণক্য নীতিImage Credit source: wikimedia
barasha-sarma
Barasha Sarma | Published: 16 Nov 2025 19:56 PM

আচাৰ্য চাণক্যক মহান পণ্ডিত আৰু এগৰাকী অৰ্থনীতিবিদ বুলি গণ্য কৰা হয়। যাৰ বাবে আজিও বহুতে তেওঁৰ নীতি অনুসৰণ কৰে। কোৱা হয়, তেওঁৰ নীতি মানি চলিলে ব্যক্তি সফলতাৰ শিখৰলৈ গতি কৰিব পাৰে। চাণক্যই তেওঁৰ নীতি শাস্ত্ৰত বিভিন্ন দিশৰ কথা উল্লেখ কৰিছে। তেওঁ ধন-সম্পত্তিৰ গুৰুত্বৰ কথাও কৈছে। চাণক্যৰ মতে, মানুহৰ কিছুমান ভুলৰ বাবে মা লক্ষ্মী অসন্তুষ্ট হ’ব পাৰে। ইয়াৰ বাবেই মানুহে আৰ্থিক সমস্যাৰ সন্মুখীন হ’ব পাৰে।

কি ভুলে মানুহক দৰিদ্ৰ কৰিব পাৰে, সেই সন্দৰ্ভত চাণক্যই কৈ যোৱা ৫টা কাৰণ উল্লেখ কৰা হ’ল-

অযথা খৰচঃ চাণক্যৰ মতে, যি মানুহে টকা-পইচা অযথা খৰচ কৰে তেনে লোক কেতিয়াও ধনী হ’ব নোৱাৰে। মানুহে সদায় বুদ্ধিমান হিচাপে ধন খৰচ কৰা উচিত। অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকিব লাগে। অযথা খৰচৰ দ্বাৰা মা-লক্ষ্মী অসন্তুষ্ট হয় আৰু পৰিয়াললৈ আৰ্থিক সংকট আহে।

লেতেৰা বাচন-বৰ্তনঃ পাকঘৰটোত বাসগৃহৰ এটা বিশেষ স্থান বুলি গণ্য কৰা হয়। চাণক্যৰ মতে, পাকঘৰত কেতিয়াও লেতেৰা বাচন-বৰ্তন ৰাখিব নালাগে। এনে কৰিলে দুৰ্ভাগ্য আহিব পাৰে। পাকঘৰ লেতেৰা হৈ থাকিলে, বা লেতেৰা বাচন-বৰ্তন ৰাখিলে ঘৰত আৰ্থিক সমস্যা আহিব পাৰে।

সন্ধিয়া ঝাড়ু দিয়াঃ কোৱা হয়, সন্ধিয়া ঘৰত ঝাড়ু লগালে মা লক্ষ্মী অসন্তুষ্ট হয়। চাণক্যৰ মতে, মা লক্ষ্মী ঝাড়ুত বাসন কৰে। যদি কাৰণত ঝাড়ু দিব লগীয়া হয় তেন্তে পাছদিনা জাবৰবোৰ পেলাই দিব লাগে।

এলাহঃ মানুহে এলাহ কৰিব নালাগে। যি মানুহৰ এলাহ আছে তেনে লোকৰ দ্বাৰা মা লক্ষ্মী ক্ষোভিত হয়। নিজৰ দায়িত্ব সদায় সময়মতে পালন কৰিব লাগে। এনে কৰিলে ঘৰত আৰ্থিক সংকট আহে।

বেয়া আচৰণঃ কেতিয়াও বৃদ্ধ, মহিলা, দুখীয়া আৰু পণ্ডিতক অপমান কৰিব নালাগে। এনে কৰিলে ধন-সম্পত্তি আৰু সুখৰ অভাৱ হয়। এনে ঘৰত লক্ষ্মী বাস নকৰে। আচৰণ সদায় নম্ৰ হ’ব লাগে।

 

(ওপৰোক্ত লেখাটো ধৰ্মীয় মান্যতা তথা বিশ্বাসৰ ভিত্তিত লিখা। ইয়াৰ সত্যাসত্যৰ সৈতে টিভি৯ অসমৰ কোনো সম্পৰ্ক নাই)

 

অন্য খবৰ পঢ়়কঃ ভতুৱা শাক খালে কি কি ৰোগ ভাল হয়? জানক ইয়াৰ আচৰিত গুণৰ বিষয়ে…