শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সাঁচি গছৰ খেতিৰ পৰা পাম খেতিলৈকে, মুখ্যমন্ত্ৰীৰে জ্যোতিৰাদিত্য সিন্ধিয়াৰ বৈঠকত কি কি বিষয়ত আলোচনা হয়?

কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই গুৱাহাটীত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। এই সাক্ষাৎ কালতে দুয়োগৰাকীয়ে এক পৰ্যালোচনা বৈঠকত মিলিত হয় । বৈঠকত উত্তৰ-পূব অঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ে মুগা ৰেচম উৎপাদন আৰু পাম তেল আৰু আগৰ কাঠৰ খেতি আদিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক সহযোগিতা আগবঢ়োৱাৰ সিদ্ধান্ত লোৱা হয় বুলি মুখ্যমন্ত্ৰী শৰ্মাই জানিবলৈ দিছে।

সাঁচি গছৰ খেতিৰ পৰা পাম খেতিলৈকে, মুখ্যমন্ত্ৰীৰে জ্যোতিৰাদিত্য সিন্ধিয়াৰ বৈঠকত কি কি বিষয়ত আলোচনা হয়?
উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন সন্দৰ্ভত আলোচনাImage Credit source: X Handle
manas-borah
Manas Borah | Updated On: 17 May 2025 11:35 AM

উত্তৰ-পূব অঞ্চলৰ উন্নয়ন দপ্তৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই শুকুৰবাৰে গুৱাহাটীত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। এই সাক্ষাৎ কালতে দুয়োগৰাকীয়ে এক পৰ্যালোচনা বৈঠকত মিলিত হয় । বৈঠকত অধিক বিনিয়োগৰ জৰিয়তে উত্তৰ-পূবৰ যোগান শৃংখল সুশৃংখলিত কৰাৰ সন্দৰ্ভত আলোচনা কৰে।

বৈঠকত উত্তৰ-পূব অঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ে মুগা ৰেচম উৎপাদন আৰু পাম তেল আৰু আগৰ কাঠৰ খেতি আদিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক সহযোগিতা আগবঢ়োৱাৰ সিদ্ধান্ত লোৱা হয় বুলি মুখ্যমন্ত্ৰী শৰ্মাই জানিবলৈ দিছে। সামাজিক মাধ্যম এক্স হেণ্ডেলত মুখ্যমন্ত্ৰী শৰ্মাই কয়, “কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু বিষয়াসকলৰ সৈতে এক অতি উৎপাদনশীল পৰ্যালোচনা বৈঠক সমাপ্ত কৰিলোঁ ।”

উত্তৰ-পূবৰ ৰাজ্যসমূহক আগুৱাই নিয়াৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰাৰ বাবে মন্ত্ৰালয়ে পাঁচ দফীয়া কাঠামোৰ ওপৰত কাম কৰি আছে বুলিও কয় মুখ্যমন্ত্ৰী শৰ্মাই । তেওঁ কয় যে, সেই অনুসৰি বৈঠকত অসমৰ সম্ভাৱনা মুকলি কৰাৰ ক্ষেত্ৰত ঘনিষ্ঠ সহযোগিতা কৰিবলৈ সন্মতি প্ৰকাশ কৰা হৈছে ।

মুগা ৰেচম উৎপাদন, পাম তেল আৰু আগৰ কাঠৰ খেতি(সাঁচি গছ), বৈচিত্ৰ্যপূৰ্ণ পৰ্যটনৰ সুযোগ আৰু সীমান্তৰ গাঁওসমূহক সজীৱ গাঁওলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত সহযোগিতা কৰাৰ সিদ্ধান্ত লোৱা হয় বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁ কয় যে,অধিক বিনিয়োগৰ জৰিয়তে উত্তৰ-পূবৰ যোগান শৃংখল সুশৃংখলিত কৰাৰ ৰোডমেপৰ বিষয়েও আলোচনা কৰা হৈছিল।

ইফালে, মন্ত্ৰী সিন্ধিয়াই কয় যে, আলোচনাত পৰ্যটন, কৃষিজাত সামগ্ৰী, আৰু বস্ত্ৰশিল্পকে ধৰি মূল খণ্ডসমূহৰ বৃদ্ধি ত্বৰান্বিত কৰা আৰু সীমান্তৰ গাঁওসমূহৰ উন্নয়নক আগুৱাই নিয়াত গুৰুত্ব দিয়া হৈছে। তেওঁ এক্স হেণ্ডেলত এটা পোষ্ট কৰি কয়, “আমি একেলগে অসম আৰু উত্তৰ-পূব অঞ্চলৰ সৰ্বাংগীন আৰু বহনক্ষম বিকাশ ত্বৰান্বিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।”