মই বৰ অকলশৰীয়া…. সামাজিক মাধ্যমত বিধায়ক অখিল গগৈৰ আৱেগিক পোষ্ট
সদনৰ মজিয়াত হোৱা বিভিন্ন বাক-বিতণ্ডাৰ বাবেই চৰ্চাত থাকে বিধায়ক অখিল গগৈ। কেতিয়াবা যদি মুখ্যমন্ত্ৰী, কেতিয়াবা আকৌ মন্ত্ৰীসকলৰ ওপৰত জপিয়াই পৰে তেওঁ। কিন্তু শেহতীয়াকৈ অখিল গগৈয়ে সামাজিত মাধ্যমত শ্বেয়াৰ কৰা পোষ্টসমূহে ডাঙি ধৰিছে বিভিন্ন দিশ। যিবোৰ ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে সামজিক মাধ্যমত।

বিধানসভা অধিৱেশন অনুষ্ঠিত হ’লে প্ৰায়ে চৰ্চাত থকা এজন বিধায়ক হ’ল অখিল গগৈ। সদনৰ মজিয়াত হোৱা বিভিন্ন বাক-বিতণ্ডাৰ বাবেই চৰ্চিত হয় বিধায়কগৰাকী। কেতিয়াবা যদি মুখ্যমন্ত্ৰী, কেতিয়াবা আকৌ মন্ত্ৰীসকলৰ ওপৰত জপিয়াই পৰে তেওঁ। কিন্তু শেহতীয়াকৈ অখিল গগৈয়ে সামাজিত মাধ্যমত শ্বেয়াৰ কৰা পোষ্টসমূহে ডাঙি ধৰিছে বিভিন্ন দিশ। যিবোৰ ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে সামজিক মাধ্যমত।
শেহতীয়াকৈ অখিল গগৈয়ে এটা পোষ্টত লিখিছিল, “মোৰ সদনৰ পৰা নিলম্বিত হৈ হৈ আমনি লাগিছে। সদনলৈ যোৱাই বাদ দিম যেন লাগিছে দেই।” বিধানসভাত চলাত বিভিন্ন তৰ্কৰ মাজতে প্ৰায়ে অধ্যক্ষই নিলম্বন কৰে অখিল গগৈক। কিছুদিন পূৰ্বেও বিধানসভাৰ পৰা নিলম্বন কৰা হৈছিল শিৱসাগৰৰ বিধায়কগৰাকীক। তাৰ পাছতে অখিল গগৈৰ সামাজিক মাধ্যমত আৱেগিক পোষ্ট।
তাৰ পিছত আহিছিল বুদ্ধিজীৱীৰ প্ৰসংগ। প্ৰায়ে ড৹ হীৰেন গোঁহাই আৰু অখিল গগৈৰ মাজত বাকযুদ্ধ চলা দেখা যায়। বৃহস্পতিবাৰে পুৱা এখন বাতৰি কাকতত প্ৰকাশ পাইছিল অখিল গগৈক উদেশ্য়ি ড৹ হীৰেন গোঁহাইৰ এক মন্তব্য। য’ত ড৹ গোঁহাইয়ে উল্লেখ কৰিছিল, “অখিলৰ গতিবিধি বুজি নাপাও ।” তাৰ পাছতে অখিল গগৈ এটা ফেচবুক পোষ্টে দৃষ্টি আকৰ্ষণ কৰিছিল সকলোৰে। য’ত তেওঁ লিখিছে- “বুদ্ধিজীৱী নিৰপেক্ষ হ’ব লাগে। নহ’লে ফলাফল শূন্য”। অৱশ্যে এই পোষ্টটোত তেওঁ প্ৰত্যক্ষভাৱে কাৰোৰে নাম উল্লেখ কৰা নাই। ইফালে সংবাদমাধ্যমৰ আগত অখিল গগৈ কয়, “অসমৰ একাংশ বুদ্ধিজীৱী সাংঘাতিকধৰণে কংগ্ৰেছপন্থী । সেইকাৰণে মনটো অলপ বেয়া লাগে । আমিতো সদায় ঐক্য মঞ্চৰ পক্ষত । যদি কোনোবাই বেলেগকৈ উত্তৰ দিয়ে তেন্তে তেওঁলোকে নিজকে চিকুট মাৰি চাব লাগে যে তেওঁলোক কাৰ পক্ষত ?”
এইখিনিতে সমাপ্ত হোৱা নাই অখিল গগৈৰ চৰ্চা। শুকুৰবাৰে ফেচবুক বিধায়কগৰাকী এটা দীঘলীয়া পোষ্ট। য’ত তেওঁ লিখিছে-“বিধান সভাত মই বৰ অকলশৰীয়া”।