শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ইজৰাইলৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা ধ্বংস! ইৰাণে নিক্ষেপ কৰিলে আটাইতকৈ শক্তিশালী ক্ষেপণাস্ত্ৰ

ইৰাণে ফাতেহ হাইপাৰছ’নিক মিছাইলেৰে আক্ৰমণ কৰি ইজৰাইলৰ বায়ু প্ৰতিৰক্ষাত ভেদ কৰা বুলি দাবী কৰিছে।  এই অভিযানক এক টাৰ্নিং পইণ্ট বুলি অভিহিত কৰিছে ইছলামিক ৰিভল্যুচনেৰী গাৰ্ডছ কৰ্পছে। ২০২৩ চনত ইৰাণৰ সেনাবাহিনীত অন্তৰ্ভুক্ত কৰা ফাতেহ ক্ষেপণাস্ত্ৰৰ ৰেঞ্জ হ'ল ১৪০০ কিলোমিটাৰ।

ইজৰাইলৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা ধ্বংস! ইৰাণে নিক্ষেপ কৰিলে আটাইতকৈ শক্তিশালী ক্ষেপণাস্ত্ৰ
ইৰাণে নিক্ষেপ কৰিলে আটাইতকৈ শক্তিশালী ক্ষেপণাস্ত্ৰ
trishna-kalita
Trishna Kalita | Published: 18 Jun 2025 10:36 AM

বুধবাৰে ইজৰাইলৰ বিৰুদ্ধে যুদ্ধত নিজৰ অস্ত্ৰভাণ্ডাৰৰ পৰা ফাতেহ ক্ষেপণাস্ত্ৰ প্ৰদৰ্শন কৰিছিল ইৰাণে। ইছলামিক ৰিভল্যুচনেৰী গাৰ্ডছ কৰ্পছে (IRGC)  ঘোষণা কৰিছে যে অপাৰেশ্যন ট্ৰু প্ৰমিজ IIIত ফাতেহ হাইপাৰছ’নিক মিছাইল ব্যৱহাৰ কৰা হৈছিল। আই আৰ জি চিয়ে কয় যে এই মিছাইলটোৱে ইজৰাইলৰ বায়ু প্ৰতিৰক্ষাক সফলতাৰে ভেদ কৰি সমৰ্থকসকললৈ বাৰ্তা প্ৰেৰণ কৰে।

আই আৰ জি চিয়ে এই অভিযানক এক টাৰ্নিং পইণ্ট বুলি অভিহিত কৰি কয় যে ফাতেহ ক্ষেপণাস্ত্ৰ নিয়োগ কৰাৰ ফলত ইজৰাইলৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ অন্ত পৰাৰ আৰম্ভণি হৈছে।  IRGCয়ে আৰু কয় যে শক্তিশালী আৰু অতি কৌশলগত ফাতেহ ক্ষেপণাস্ত্ৰই ইজৰাইলৰ ঘাটিসমূহ জোকাৰি গৈছিল, যাৰ ফলত তেল আভিভৰ মিত্ৰ দেশসমূহলৈ ইৰাণৰ শক্তিৰ স্পষ্ট বাৰ্তা প্ৰেৰণ কৰা হৈছিল।

মিছাইলৰ বিষয়ে জানি লওক

ফাতেহ অৰ্থ হ’ল খুলি দিয়া (The Opener)। এই ক্ষেপণাস্ত্ৰৰ ৰেঞ্জ ১৪০০ কিলোমিটাৰ। ২০২৩ চনৰ জুন মাহত ইৰাণৰ সেনাবাহিনীত এই ক্ষেপণাস্ত্ৰ অন্তৰ্ভুক্ত কৰা হৈছিল।আই আৰ জি চিৰ প্ৰাক্তন এৰ’স্পেচ কমাণ্ডাৰ ব্ৰিগেডিয়াৰ জেনেৰেল আমিৰ আলী হাজিজাদেহে ২০২৩ চনত ইয়াৰ উন্মোচন অনুষ্ঠানত এই ক্ষেপণাস্ত্ৰক এক ডাঙৰ সফলতা বুলি অভিহিত কৰিছিল।ইৰাণৰ পূৰ্বে মাত্ৰ তিনিখন দেশেই অপাৰেশ্যনেল হাইপাৰছনিক মিছাইল নিৰ্মাণৰ প্ৰযুক্তি আয়ত্ত কৰিছিল।

ইয়াৰ ভিতৰত আছে ৰাছিয়া, চীন আৰু ভাৰত। তেওঁলোকৰ মডেলৰ লঞ্চ প্লেটফৰ্ম, ৰেঞ্জ, পেলোড আৰু হাইপাৰছ’নিক প্ৰযুক্তিৰ পাৰ্থক্য আছে। নিউয়ৰ্ক টাইমছৰ মতে ইৰাণে ২০২৪ চনৰ ১ অক্টোবৰত ইজৰাইলৰ বিৰুদ্ধে আক্ৰমণত এই ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰিছিল।এয়া হাইপাৰছ’নিক মিডিয়াম ৰেঞ্জ বেলিষ্টিক ক্ষেপণাস্ত্ৰ। ইয়াৰ ওজন ৩৫০ কিলোগ্ৰামৰ পৰা ৪৫০ কিলোগ্ৰামৰ ভিতৰত। ১২ মিটাৰ দৈৰ্ঘ্যৰ এই ক্ষেপণাস্ত্ৰই ২০০ কিলোগ্ৰাম পৰ্যন্ত বিস্ফোৰক কঢ়িয়াই নিব পাৰে।

ক্ৰমান্বয়ে  তীব্ৰতৰ হৈ পৰিছে ইজৰাইল আৰু ইৰাণৰ মাজত যুদ্ধ।  ইৰাণৰ এজন শীৰ্ষ জেনেৰেলক হত্যা কৰাৰ দাবী কৰিছে ইজৰাইলে। একে সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে তেহৰাণৰ নাগৰিকসকলক চহৰখন খালী কৰিবলৈ সকীয়াই দি ইৰাণৰ পৰা বিনাচৰ্ত আত্মসমৰ্পণৰ দাবী জনায়। ট্ৰাম্পে কয়, “যুদ্ধবিৰতিৰ আশা কৰা নাই। আমি যুদ্ধবিৰতিতকৈ ভাল আশা কৰিছো।”

তেওঁ কয়, “আমেৰিকাই এই সংঘাতৰ প্ৰকৃত অন্ত চাব বিচাৰে। য’ত ইৰাণৰ ‘সম্পূৰ্ণ আত্মসমৰ্পণ’ থাকিব পাৰে।” তেওঁ আৰু কয়, “মই আলোচনা কৰাৰ মুডত নাই।” ইফালে ইৰাণৰ আন এজন শীৰ্ষ সামৰিক বিষয়া জেনেৰেল আলী ছাদমানিক হত্যা কৰা বুলি দাবী কৰিছে ইজৰাইলে। ইয়াৰ পূৰ্বেও ইজৰাইলৰ আক্ৰমণত গুলাম আলী ৰছিদ নামৰ এজন জ্যেষ্ঠ জেনেৰেল নিহত হৈছে।