শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মুখ্যমন্ত্ৰীৰ ৰাহুল গান্ধীক কটাক্ষৰ পৰা ইজৰাইল-ইৰাণৰ যুদ্ধলৈ, পলকতে পঢ়ক দিনটোৰ ডাঙৰ খবৰ

আজিৰ দিনটোত বহুকেইটা বাতৰিয়ে শীৰ্ষ স্থান দখল কৰিছে। পলকতে চাও আহক অসমৰ লগতে দেশ বিদেশৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ-

মুখ্যমন্ত্ৰীৰ ৰাহুল গান্ধীক কটাক্ষৰ পৰা ইজৰাইল-ইৰাণৰ যুদ্ধলৈ, পলকতে পঢ়ক দিনটোৰ ডাঙৰ খবৰ
দিনটোৰ ৯টা ডাঙৰ খবৰ
trishna-kalita
Trishna Kalita | Updated On: 17 Jun 2025 20:23 PM

আজিৰ দিনটোত বহুকেইটা বাতৰিয়ে শীৰ্ষ স্থান দখল কৰিছে। পলকতে চাও আহক অসমৰ লগতে দেশ বিদেশৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ-

  1. ধুবুৰীত মন্দিৰৰ চৌহদত গো-মাংস উদ্ধাৰৰ ঘটনা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কোনো হিন্দুৱে এই কাম কৰা বুলি উঠা অভিযোগ সন্দৰ্ভত তেওঁ কয় যে হিন্দুৱে মন্দিৰৰ চৌহদত গো-মাংস ৰাখিব পাৰে বুলি কেৱল ৰাহুল গান্ধীয়েহে কল্পনা কৰিব পাৰে।
  2. গোৱালপাৰাত চলা উচ্ছেদৰ বিৰুদ্ধে চৰকাৰক সমালোচনা বিৰোধী দল কংগ্ৰেছৰ। মঙলবাৰে কেবাগৰাকীও কংগ্ৰেছ বিধায়কে উচ্ছেদস্থলী পৰিদৰ্শন কৰে। এই উচ্ছেদক হিটলাৰী শাসন বুলি অভিহিত কৰে কংগ্ৰেছৰ বিধায়কসকলে । উচ্ছেদিতক সাক্ষাতৰ ক্ষেত্ৰত বিৰোধী বিধায়কক বাধা দিয়াৰো অভিযোগ। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এই উচ্ছেদ বন্ধ কৰাৰ বাবে মুখ্যমন্ত্ৰীলৈ পত্ৰও প্ৰেৰণ কৰে ।
  3. শিৱসাগৰৰ ভটিয়াপাৰ গাঁৱত আজিও ONGC ৰ ৰিগৰ পৰা নিৰ্গমণ হৈ আছে গেছ। প্ৰায় এসপ্তাহ ধৰি গেছ নিৰ্গমণ হৈ থকা ঘটনাই আতংকিত কৰিছে শিৱসাগৰবাসীক। প্ৰায় ৩৫০ টা পৰিয়ালক সেই স্থানৰ পৰা স্থানান্তৰ কৰা হৈছে। অসম চৰকাৰে পৰিয়ালসমূহলৈ ২৫০০০ টকাকৈ সাহায্য ঘোষণা কৰিছে।
  4. অসমৰ কোকৰাঝাৰ জিলাত সংঘটিত হৈছে এক জঘন্য ঘটনা। নিজৰ কিশোৰী কন্যাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ গ্ৰেপ্তাৰ কৰা হৈছে এজন লোকক। পত্নীৰ মৃত্যুৰ পিছৰে পৰা দীৰ্ঘদিন ধৰি নিজ কন্যাক নিৰ্যাতন চলাই আহিছিল লোকজনে। ইতিমধ্যে জেললৈ প্ৰেৰণ কৰা হৈছে অভিযুক্তজনক।
  5.  গুৱাহাটীত পুনৰ প্ৰাণ হেৰুৱালে এগৰাকী যুৱতীয়ে। ভঙাগড়ৰ চিলাৰায় পথৰ নিজা বাসগৃহত উদ্ধাৰ যুৱতীগৰাকীৰ মৃতদেহ। প্ৰেমৰ বাবেই মানসিক নিৰ্যাতনৰ বলি হৈ যুৱতীগৰাকীয়ে চৰম সিদ্ধান্ত লোৱাৰ সন্দেহ । যুৱতীগৰাকীক প্ৰেমৰ জালত পেলাই এজন যুৱকে ধন দাবী কৰাৰ অভিযোগ।
  6. যোৰহাটত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা। চুৰিৰ সন্দেহত নিৰ্মমভাৱে প্ৰহাৰ এজন কিশোৰক । গৰখীয়া দল গাঁৱত সংঘটিত হৈছে এই ঘটনা। গাঁওবুঢ়াৰ উপস্থিতিতেই একাংশ লোকে চুৰিৰ অভিযোগত খুটাত বান্ধি প্ৰহাৰ কৰে কিশোৰটিক । এই ঘটনাৰ ভিডিঅ’ মুহূৰ্ততে ভাইৰেল হৈ পৰে সামাজিক মাধ্যমত। এই কাৰ্যক গৰিহণা দিছে বিভিন্নজনে ।
  7. পুনৰ এয়াৰ ইণ্ডিয়াৰ বিমানত যান্ত্ৰিক বিজুতি ! যাৰ বাবে কলকাতাৰ বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হ’ল এয়াৰ ইণ্ডিয়াৰ এ আই ১৮০ বিমানখন । জানিব পৰা মতে, বিমানখন ছান ফ্ৰান্সিস্কোৰ পৰা মুম্বাইৰ অভিমুখে আহি আছিল । যোৱা ২৪ ঘণ্টাত ৪ খনকৈ বিমানত সংঘটিত কাৰিকৰী বিজুতি।
  8. ৰাজা ৰঘুবংশীৰ হত্যাৰ তদন্ত অব্যাহত ৰাখিছে মেঘালয় আৰক্ষীয়ে। মঙলবাৰে সোনমসহ পাঁচ অভিযুক্তক ঘটনাস্থলীলৈ লৈ যোৱা হয়। ছাউডং জলপ্ৰপাতৰ সমীপত ঘটনাৰ পুনৰ নিৰ্মাণ কৰে তদন্তকাৰী দলে। ৰাজা হত্যাৰ সন্দৰ্ভত ইটোৰ পিছত সিটো নতুন তথ্য পোহৰলৈ আনিছে আৰক্ষীয়ে।
  9. ভয়ংকৰ ৰূপ লৈছে ইৰাণ-ইজৰাইলৰ সংঘাতে। এইবাৰ ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইক হত্যা কৰাৰ কথা কৈছে ইজৰাইলৰ ৰাষ্ট্ৰপতি বেঞ্জামিন নেতান্যাহুৱে । আমেৰিকাৰ এক সংবাদ মাধ্যমৰ আগত নেতান্যাহুৱে কয় যে খামেনেইক নিঃশেষ কৰিলেই এই যুদ্ধ অন্ত পৰিব ।

লগতে পঢ়ক: প্ৰেম, প্ৰতাৰণা আৰু তাৰ পিছত…. মহানগৰীত পুনৰ যুৱতীৰ ৰহস্যজনক মৃত্যু