18 June 2025
TV9 ASSAM
Photos Credit: Getty Images
বহু সময়ত ৰোগীয়ে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ ঔষধ সেৱন বন্ধ কৰে, যাৰ ফলত বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে।
এনে পৰিস্থিতিত হৃদযন্ত্ৰ, মগজু, বৃক্ক আৰু চকুত বেয়াকৈ প্ৰভাৱ পৰিব পাৰে। ইয়াৰ ফলত কেনেধৰণৰ ক্ষতি হ’ব পাৰে ? জানক
হঠাৎ ঔষধ এৰি দিয়াৰ পিছত ৰোগীৰ মূৰৰ বিষ, মূৰ ঘূৰোৱা, বুকুৰ বিষ, দ্ৰুত হৃদস্পন্দন, ভৰি ফুলা, উশাহ লোৱাত অসুবিধা হ’ব পাৰে।
চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ উচ্চ ৰক্তচাপৰ ঔষধ সেৱন বন্ধ কৰিলে মগজুৰ ৰক্তক্ষৰণ বা পক্ষাঘাতৰ সম্ভাৱনা বৃদ্ধি পায়।
উচ্চ ৰক্তচাপৰ ঔষধ এৰিলে হঠাৎ হৃদযন্ত্ৰৰ ওপৰত চাপ বৃদ্ধি পায়, যাৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায়।
চিকিৎসকৰ পৰামৰ্শ অবিহনে হঠাতে উচ্চ ৰক্তচাপৰ ঔষধ সেৱন বন্ধ কৰিলে বৃক্ক বিকল হ’ব পাৰে।
উচ্চ ৰক্তচাপ ৰোগীয়ে কেতিয়াও নিজাববীয়াকৈ ঔষধ খোৱা বন্ধ কৰিব নালাগে। ঔষধ বন্ধ কৰাৰ সিদ্ধান্ত সদায় চিকিৎসকৰ পৰামৰ্শ মতে লোৱা উচিত।
পঢ়িবলৈ ক্লিক কৰক