ভটিয়াপাৰৰ গেছ নিৰ্গমণত প্ৰভাৱিত পৰিয়ালসমূহলৈ ২৫০০০ টকাকৈ সাহায্য ঘোষণা ৰাজ্য চৰকাৰৰ
১২ জুনৰ পুৱাৰ পৰাই ৰুটিন চাৰ্ভিচিং অপাৰেচনৰ সময়ত শিৱসাগৰ জিলাৰ ভটিয়াপাৰস্থিত RDS-147 ৰীগত গেছ লিক হৈছিল। সেই গেছ আজিও নিৰ্গত হৈ আছে । যাৰ বাবে প্ৰায় ৩৫০ টা পৰিয়ালক সেই স্থানৰ পৰা স্থানান্তৰ কৰা হৈছে। ইয়াৰ মাজতে গেছ নিৰ্গমণৰ ফলত প্ৰভাৱিত পৰিয়ালসমূহলৈ ২৫০০০ টকাকৈ সাহায্য ঘোষণা কৰিছে অসম চৰকাৰে ।

শিৱসাগৰৰ ভটিয়াপাৰ গাঁৱত আজিও ONGC ৰ ৰিগৰ পৰা নিৰ্গমণ হৈ আছে গেছ। প্ৰায় এসপ্তাহ ধৰি গেছ নিৰ্গমণ হৈ থকা ঘটনাই আতংকিত কৰিছে শিৱসাগৰবাসীক। ১২ জুনৰ পুৱাৰ পৰাই ৰুটিন চাৰ্ভিচিং অপাৰেচনৰ সময়ত শিৱসাগৰ জিলাৰ ভটিয়াপাৰস্থিত RDS-147 ৰীগত গেছ লিক হৈছিল। সেই গেছ আজিও নিৰ্গত হৈ আছে । ইয়াৰ ফলত আতংকই বিৰাজ কৰিছে স্থানীয় লোকসকলৰ মাজত । প্ৰায় ৩৫০ টা পৰিয়ালক সেই স্থানৰ পৰা স্থানান্তৰ কৰা হৈছে। ইয়াৰ মাজতে গেছ নিৰ্গমণৰ ফলত প্ৰভাৱিত পৰিয়ালসমূহলৈ ২৫০০০ টকাকৈ সাহায্য ঘোষণা কৰিছে অসম চৰকাৰে ।
এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে, “শিবিৰটোত প্ৰায় ৩৫০টা পৰিয়াল আছে আৰু তেওঁলোক উদ্বিগ্ন হৈ পৰিছে। ক্ষতিপূৰণৰ কাম পিছত কাম কৰা হ’ব। তাৎক্ষণিক সকাহৰ বাবে আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা পৰিয়ালসমূহক ২৫ হাজাৰকৈ টকা প্ৰদান কৰিম।” তেওঁ কয়, “বৰ্তমান চৰকাৰে গেছ লিকেজ নিয়ন্ত্ৰণ কৰাত গুৰুত্ব আৰোপ কৰিছে। তাৰ পিছত সবিশেষ ক্ষতিপূৰণৰ কথা আলোচনা কৰা হ’ব। ক্ষতিগ্ৰস্ত পৰিয়ালক অস্থায়ী শিবিৰলৈ স্থানান্তৰ কৰা হৈছে য’ত তেওঁলোকে প্ৰয়োজনীয় সহায় লাভ কৰি আছে।”
ইফালে, পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে দিল্লীত শীৰ্ষ বিষয়াসকলৰ সৈতে বৈঠক আহ্বান কৰি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ উভয়ৰে জড়িততাৰ ওপৰত আলোকপাত কৰি পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে। কেন্দ্ৰীয় কৰ্তৃপক্ষৰ সৈতে তেওঁৰ সমন্বয় সন্দৰ্ভত মন্তব্য কৰি শৰ্মাই কয়, “গুৱাহাটী পোৱাৰ পিছত তেওঁৰ সৈতে ভিডিঅ’ কনফাৰেন্স কৰিম। এই সহযোগিতাৰ লক্ষ্য হৈছে সংকটৰ ক্ষিপ্ৰ সমাধান নিশ্চিত কৰা।”
অ’ এন জি চিৰ এজন প্ৰতিনিধিয়ে উল্লেখ কৰে যে, “ONGC-এ কৈছে তেওঁলোকে ইতিমধ্যে আমেৰিকাৰ পৰা এজন বিশেষজ্ঞক আমন্ত্ৰণ জনাইছে আৰু তেওঁলোকে আশাবাদী যে লিকেজ অতি সোনকালে বন্ধ হ’ব। আমাৰ মুখ্য সচিবে কেন্দ্ৰীয় পেট্ৰলিয়াম সচিবৰ সৈতেও কথা পাতিছে আৰু তেওঁ সকলো পদক্ষেপ লোৱাৰ আশ্বাস দিছে। এই আন্তঃৰাষ্ট্ৰীয় সহযোগিতাই ঘটনাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰিছে।” প্ৰয়োজন হ’লে অধিক আৰ্থিক সাহায্যৰ কথা চিন্তা কৰিব পৰা যাব বুলিও ইংগিত দিছে ৰাজ্য চৰকাৰে। এজন বিষয়াই কয়, “প্ৰয়োজন হ’লে ৰাজ্য চৰকাৰে অধিক আৰ্থিক সাহায্য আগবঢ়াব আৰু মইও পুনৰ সেই ঠাইখন ভ্ৰমণ কৰিম।”
উল্লেখ্য যে, যোৱা ১২ জুনত ভাটিয়াপাৰৰ বাৰীচুকস্থিত অ’ এন জি চিৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ ৰিগ নং এছ কে পি ১৩৫ৰ ৱেল নং আৰ ডি এছ ১৪৭ ত সংঘটিত হৈছিল এই ব্ল’আউট। ‘মহাৰত্ন’ কোম্পানীটোৰ হৈ কূপটো চলাইছিল এছ কে পেট্ৰ’ চাৰ্ভিচেছ নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানে।
জিলা প্ৰশাসনৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে, গেছ নিৰ্গত হোৱাৰ ফলত প্ৰায় ১৫০০ লোক প্ৰভাৱিত হৈছে । গেছৰ পৰা ওলোৱা দুৰ্গন্ধৰ ফলত স্থানীয় লোকসকল থাকিব নোৱাৰাৰ পৰিস্থিতি সৃষ্টি হৈছে । একেদৰে গেছ নিৰ্গত হোৱাৰ ফলত স্থানীয় লোকে খাদ্য ৰন্ধনৰ বাবে চৌকা জ্বলাব পৰা নাই । এনে পৰিস্থিতিত ক্ষতিগ্ৰস্থ লোকসকলক খাদ্য যোগান ধৰা হৈছে আৰু পৰিস্থিতিৰ ওপৰত অহৰহ নিৰীক্ষণ কৰি থকা হৈছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিছে ।