“মিঞাৰ সমৰ্থক তিনি গগৈ, বিজেপি নাথাকিলে অসম দখল কৰিব মিঞাই”: মুখ্যমন্ত্ৰীৰ ভৱিষ্যদ্বাণী
বিৰোধীৰ বৈঠকক সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এই বৈঠক লুৰীণজ্যোতি গগৈৰ বিয়াৰ দিন ঠিক কৰিবলৈ আয়োজন কৰা বুলি কটাক্ষ মুখ্যমন্ত্ৰীৰ। তিনি গগৈক মিঞা সম্প্ৰদায়ৰ সমৰ্থক বুলি কয় ডঃ শৰ্মাই।
কংগ্ৰেছ আৰু বিৰোধী নেতাসকলৰ ওপৰত চোকা আক্ৰমণ চলাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে কয় যে বিজেপিৰ ক্ষমতালৈ নাহিলে “সমগ্ৰ অসমখন — দিছপুৰৰ পৰা আৰম্ভ কৰি — মিঞা সম্প্ৰদায়ে দখল কৰিলেহেঁতেন।”
সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত শৰ্মাই কয়, “সকলোৱে এটা কথাত আত্মবিশ্বাসী হ’ব লাগিব — যিদিনা বিজেপিৰ ক্ষমতা শেষ হ’ব, সেইদিনা অসমক মিঞাই দখল কৰিব। মই আজি নিজেই এই কথা ভৱিষ্যদ্বাণী কৰিছো। বিজেপিক গালি পৰাসকলে এদিন আক্ষেপ কৰিব, কাৰণ আমি মিঞা আৰু খিলঞ্জীয়াৰ মাজত মথাউৰি হিচাপে থিয় হৈ আছো।”
মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয় যে প্ৰায় ৪০ শতাংশ জনসংখ্যা “উগ্ৰ” আৰু “আগ্ৰাসী”। তেওঁ লগতে কয়, ‘‘বিজেপি ক্ষমতাত থাকিলেও তেওঁলোকে নিৰ্ভয়ে ফেচবুকত কথাবোৰ পোষ্ট কৰে। কংগ্ৰেছ পুনৰ ক্ষমতালৈ আহিলে তেওঁলোকে কি কৰিব কল্পনা কৰক। তেওঁলোকে সকলো দখল কৰিব।”
এক বিবৃতিত শৰ্মাই এই বিষয়টোক জনগাঁথনিগত পৰিৱৰ্তন আৰু কথিত অপৰাধমূলক প্ৰৱণতাৰ সৈতে জড়িতৰ প্ৰসংগ উল্লেখ কৰি কয়, “তেওঁলোকে এগৰাকী মহিলাক নিৰ্যাতন চলাব পাৰে, তেওঁক টুকুৰা-টুকুৰ কৰি পানীত পেলাব পাৰে — সেয়াই তেওঁলোকৰ ইতিহাস। জনসাধাৰণে এই কথা বুজিব লাগিব আৰু একত্ৰিত হৈ থিয় দিব লাগিব, নহ’লে আমি জীয়াই থাকিব নোৱাৰিম।”
ৰাজনৈতিক প্ৰতিদ্বন্দ্বীসকলৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ কৰি শৰ্মাই কয়, “তিনি গগৈ — লুৰীণজ্যোতি গগৈ, অখিল গগৈ, আৰু গৌৰৱ গগৈ — গগৈৰ সমৰ্থক নহয়, মিঞা সম্প্ৰদায়ৰ আটাইতকৈ ডাঙৰ সমৰ্থক।”
গৌৰৱ গগৈক পুনৰ পাকিস্তানৰ এজেণ্ট আখ্যা
কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পৰিয়ালক পুনৰ এবাৰ সমালোচনা কৰি তেওঁলোকে “পাকিস্তানৰ আই এছ আইৰ এজেণ্টৰ দৰে কাম কৰা” বুলি অভিযোগ উত্থাপন কৰি সন্ত্ৰাসবাদ আৰু পাকিস্তান সম্পৰ্কীয় বিষয়ত তেওঁলোকৰ মৌনতা ইচ্ছাকৃত আৰু অনুপ্ৰাণিত বুলি অভিযোগ উত্থাপন কৰে।
সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্রী শৰ্মাই কয়, ‘‘কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ এজন পাকিস্তানী আই এছ আই এজেণ্ট। তেওঁৰ পত্নী সম্পূৰ্ণ এজেণ্ট, আৰু তেওঁ ক্ষুদ্ৰ এজেণ্ট— আৰু একে কথা প্ৰমাণ কৰিবলৈ আমাৰ হাতত প্ৰমাণ আছে। অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই ক’ব বিচাৰো যে গৌৰৱ গগৈ পাকিস্তানৰ লগত আছে, আৰু তেওঁৰ সমগ্ৰ পৰিয়ালে পাকিস্তানী আই এছ আই এজেণ্টৰ দৰে কাম কৰি আছে। সেয়েহে তেওঁ পাকিস্তানী চৰকাৰক সমালোচনা কৰিব নোৱাৰে।”
শৰ্মাই আৰু অভিযোগ কৰে যে গগৈয়ে সন্ত্ৰাসবাদী কাণ্ডক তৎকালীনভাৱে গৰিহণা দিয়াৰ পৰা বিৰত থাকে। “ভাৰতত যেতিয়াই কোনো কাণ্ড সংঘটিত হয়, তেতিয়াই গৌৰৱে ইয়াক তৎক্ষণাত গৰিহণা নিদিয়ে। দিনৰ শেষৰ ফালে তেওঁ এটা মৃদু বিবৃতি প্ৰকাশ কৰে — অৰ্থাৎ ইয়াৰ মাজতে তেওঁ পাকিস্তানৰ পৰা অনুমতি লয়,” শৰ্মাই দাবী কৰে।
গগৈৰ ছ’চিয়েল মিডিয়াৰ কাৰ্যকলাপৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয়, “দিল্লী বিস্ফোৰণৰ সন্দৰ্ভত তেওঁৰ প্ৰথম ফেচবুক পোষ্টটো চালে কোনো নিন্দা নাই — মাথোঁ সহানুভূতি। সন্ত্ৰাসবাদৰ বিৰুদ্ধে মাত মাতিবলৈও তেওঁৰ সাহস নাই।”