শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ৰমেন বৰুৱাৰ বাসগৃহত মুখ্যমন্ত্ৰী; ভাতৃয়ে ক’লে, মোৰ লাগিছে তেওঁ উভতি আহিব…

ঘটনাৰ ২৩ দিন উকলিল। কিন্তু আজিও সন্ধান নাই ৰমেন বৰুৱাৰ। একাংশই তেওঁ আত্মগোপন কৰি থাকিব পাৰে বুলি দাবী কৰিছে। কিয়নো ব্ৰহ্মপুত্ৰত পৰিলে সাধাৰণতে ৫-৬ দিনৰ ভিতৰত মৃতদেহ ওপঙি আহে।

ৰমেন বৰুৱাৰ বাসগৃহত মুখ্যমন্ত্ৰী; ভাতৃয়ে ক’লে, মোৰ লাগিছে তেওঁ উভতি আহিব…
ৰমেন বৰুৱা
barasha-sarma
Barasha Sarma | Published: 13 Aug 2024 14:26 PM

বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱাৰ বাসগৃহত মঙলবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।  যোৱা ২৩ দিন ধৰি শিল্পীগৰাকী নিৰুদ্দেশ হৈ আছে যদিও এতিয়ালৈকে কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই অসম আৰক্ষী। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, আৰক্ষীয়ে অক্লান্ত পৰিশ্ৰম কৰাৰ পাছতো তেখেতৰ সন্ধান উলিয়াব পৰা নাই। ব্ৰহ্মপুত্ৰ নদীত ৰমেন বৰুৱাৰ শেষ খোজটোও আৰক্ষীয়ে পাইছে। ড’গ স্কোৱাডেও পানীৰ ওচৰলৈ গৈছে। আনকি বহু কেইজন সাক্ষী পোৱা  গৈছে যিয়ে বৰুৱাক নদীৰ কাষলৈ নামি যোৱা দেখিছে কিন্তু উঠি অহা দেখা নাই।

ৰমেন বৰুৱা নিৰুদ্দেশ সন্দৰ্ভত আৰক্ষীয়ে  প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি শৰ্মাই কয়। তেওঁ কয় যে, এই ঘৰখনৰ লগত মোৰ পুৰণি সম্পৰ্ক আছে। ইমান দিনে ভাবি আছিলো ভাল খবৰ পাম বুলি। এই ঘটনাই সকলোকে দুখ দিছে। কিন্তু হাতত কৰিবলগীয়া এতিয়া আৰু একো নাই।

এই সন্দৰ্ভত ভাতৃ দ্বীপেন বৰুৱাই কয় যে, ৰমেন বৰুৱা এতিয়াও আছে আছে লাগি থাকো। বহু দোমোজাত আছো। আত্মগোপন কৰিছে নেকি বুলি সোধা প্ৰশ্নত বৰুৱাই কয় যে,তেওঁ আত্মগোপন কৰিব লগা মানুহ নহয়। সদায় কাপোৰ সলনি কৰি পিন্ধে তেওঁ, দাড়ি কাটে। গতিকে এনেদৰে কেনেকৈ থাকিব? আত্মগোপন কৰি থাকিলে পৰিয়ালক জনালেহেতেন। ইয়াৰোপৰি এনেকৈ লুকাই থাকিব নোৱাৰে আৰু পানীৰ তলত থাকিলেও ওলালহেতেন। বৰুৱাই কয় যে, মোৰ এতিয়াও এনে লাগে যে তেওঁ ঘূৰি আহিব।

উল্লেখ্য যে, ২২ জুলাই, ২০২৪ ৰ দিনা ঘৰৰ পৰা লতাশিলৰ গনেশ মন্দিৰলৈ ওলাই গৈছিল বৰুৱা। সেই যি ওলাই গ’ল, আজিলৈ ঘূৰি অহা নাই বৰুৱাই। আৰক্ষীৰ তদন্তত এটা চিচিটিভি ফুটেজ পোহৰলৈ আহে য’ত বৰুৱাক দেখা  পোৱা গৈছিল। সেই সময়ত তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সন্মুখৰে গৈ আছিল।

বৰুৱা নিৰুদ্দেশ হোৱাৰ পাছত তেওঁৰ পৰিয়াল সম্পৰ্কত বহু বিতৰ্কই স্থান লাভ কৰিছিল।  আৰক্ষীয়ে জনোৱা অনুসৰি তেওঁ ঘৰুৱা অশান্তিৰ ফলত নিজেই ঘৰ এৰি যোৱাৰ সম্ভাৱণা আছে। ইয়াৰোপৰি বৰুৱাৰ কন্যা সন্দৰ্ভতো বহু অভিযোগ উত্থাপন হৈছিল। খোদ দ্বীপেন বৰুৱাই ৰমেন বৰুৱাৰ কন্যাৰ ওপৰত মন্তব্য প্ৰদান কৰিছিল যে তেওঁ পিতৃৰ লগত প্ৰায়ে কাজিয়াত লিপ্ত হয়। কিন্তু কি কাজিয়া লাগে সেয়া তেওঁ ক’ব নোৱাৰে। অৱশ্যে পৰৱৰ্তী সময়ত সুৰ সলনি কৰিছিল দ্বীপেন বৰুৱাই আৰু কৈছিল যে তেওঁৰ মন্তব্যৰ ভুল বাখ্যা দিয়া হৈছে।

ঘটনাৰ ২৩ দিন উকলিল। কিন্তু আজিও সন্ধান নাই ৰমেন বৰুৱাৰ। একাংশই তেওঁ আত্মগোপন কৰি থাকিব পাৰে বুলি দাবী কৰিছে। কিয়নো ব্ৰহ্মপুত্ৰত পৰিলে সাধাৰণতে ৫-৬ দিনৰ ভিতৰত মৃতদেহ ওপঙি আহে। কিন্তু এতিয়ালৈকে ৰমেন বৰুৱাৰ ক্ষেত্ৰত তেনে হোৱা নাই। ৰমেন বৰুৱা ক’ত আছে, কি হ’ল তাৰ মাত্ৰ এতিয়া ধাৰণাহে কৰিব পাৰি, স্পষ্টকৈ ক’ব নোৱাৰি।