শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ব্ৰহ্মপুত্ৰৰ বুকুত হেৰাল নে আত্মগোপন? ক’ত আছে ৰমেন বৰুৱা…

২১ দিন উকলি গ'ল, কিন্তু এতিয়ালৈকে সন্ধান ওলোৱা নাই বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱাৰ। ক'লৈ গ'ল ৰমেন বৰুৱা? সঁচাকৈ ব্ৰহ্মপুত্ৰত হেৰাই গ'ল নে কৰবাত আত্মগোপন কৰি আছে বৰুৱা।

ব্ৰহ্মপুত্ৰৰ বুকুত হেৰাল নে আত্মগোপন?  ক’ত আছে ৰমেন বৰুৱা…
ৰমেন বৰুৱা
barasha-sarma
Barasha Sarma | Published: 11 Aug 2024 19:28 PM

প্ৰায় ২১ দিন উকলিল। কিন্তু এতিয়াও সন্ধান নাই বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱাৰ। ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা নিৰুদ্দেশ হোৱা ৰমেন বৰুৱাৰ আজিও নোলাল কোনো সন্ধান। আৰক্ষী, এছ ডি আৰ এফ আদিৰ যোৰদাৰ অভিযানৰ পাছতো সন্ধান নোলাল ৰমেন বৰুৱাৰ।  ২২ জুলাই, ২০২৪ ৰ দিনা ঘৰৰ পৰা লতাশিলৰ গনেশ মন্দিৰলৈ ওলাই গৈছিল বৰুৱা। সেই যি ওলাই গ’ল, আজিলৈ ঘূৰি অহা নাই বৰুৱাই। আৰক্ষীৰ তদন্তত এটা চিচিটিভি ফুটেজ পোহৰলৈ আহে য’ত বৰুৱাক দেখা  পোৱা গৈছিল। সেই সময়ত তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সন্মুখৰে গৈ আছিল।

ক’ত হেৰাল বৰুৱা? সঁচাকৈ ব্ৰহ্মপুত্ৰৰ বুকুত নিখোজ হ’ল নে ক’ৰবাত আত্মগোপন কৰি আছে বৰুৱাই? ব্ৰহ্মপুত্ৰত জীৱিকা লাভ কৰা বহু মানুহে কয় যে, সাধাৰণতে ব্ৰহ্মপুত্ৰত মানুহ পৰিলে মৃতদেহটো ৪-৫ দিনৰ ভিতৰত ওপঙি আহে। কেতিয়াবা ৩-৪ টা দিন আৰু কেতিয়াবা ৫-৬ দিন সময় লাগে। এটা সময়ত পানীত ওপঙে বা ব্ৰহ্মপুত্ৰৰ বালিচৰত লাগি ধৰে। কিন্তু ৰমেন বৰুৱাৰ ক্ষেত্ৰত এনে একো হোৱা নাই। ২- ৩ দিন ব্ৰহ্মপুত্ৰত অভিযান চলোৱাৰ পাছতো তেওঁৰ কোনো স্থিতি ধৰা পেলাব নোৱাৰিলে আৰক্ষীয়ে।

অনুসন্ধানৰ অন্তত আৰক্ষীয়ে কৈছে যে ব্ৰহ্মপুত্ৰৰ পাৰত ৰমেন বৰুৱাৰ খোজৰ চিহ্ন দেখিবলৈ  পোৱা গৈছিল। বৰুৱা নদীলৈ নামি যোৱাৰ প্ৰমাণ আছে কিন্তু উঠি অহাৰ প্ৰমাণ নাই।  সেই সময়ত ৰমেন বৰুৱাৰ মানসিক স্থিতি ভাল নাছিল। ঘৰুৱা সমস্যাক লৈ চিন্তিত আছিল ৰমেন বৰুৱা। যাৰ বাবে এয়া এক দুৰ্ঘটনা বা স্ব-ইচ্ছা যিকোনো হ’ব পাৰে বুলি আৰক্ষীয়ে মন্তব্য প্ৰদান কৰিছিল। লগতে কৈছিল যে, এই ঘটনাত কোনো তৃতীয় পক্ষ জড়ত নাই। স্ব- ইচ্ছাই তেওঁ ঘৰৰ পৰা ওলাই গৈছিল।

চিচিটিভি ফুটেজত পোহৰলৈ আহিছিল যে, হাতত এটা আমলখি লৈ বৰুৱা গৈ আছিল ভৰা ব্ৰহ্মপুত্ৰৰ দিশে। সেই সময়ত বৰুৱাক প্ৰত্যক্ষ কৰা  অঞ্চলটোৰ এগৰাকী পাচলি বিক্ৰেতাৰ মতে বৰুৱা সেই সময়ত বেচ চিন্তিত আছিল।  কিন্তু তেওঁ মাত লগোৱা নাছিল।  আৰক্ষীয়ে বৰুৱাৰ লোকেশ্যন ট্ৰেক কৰি ফোনৰ অৱস্থান ধৰা পেলাইছিল উচ্চ ন্যায়ালয়ৰ পাছফালে থকা ব্ৰহ্মপুত্ৰৰ পাৰ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা , আৰক্ষী আয়ুক্ত দিগন্ত বৰাই এই ক্ষেত্ৰত প্ৰত্যক্ষভাৱে হস্তক্ষেপ কৰিছিল। কিন্তু এতিয়ালৈকে ৰমেন বৰুৱাৰ কোনো সন্ধান নাই। যদি সঁচাকৈ ব্ৰহ্মপুত্ৰত পৰিছিল তেন্তে ক’লৈ গ’ল ৰমেন বৰুৱাৰ মৃতদেহ? নে ক’ৰবাত আত্মগোপন কৰি আছে বৰুৱাই? কিন্তু আত্মগোপন কৰাৰ জানো কিবা কাৰণ আছে?  এতিয়া সকলো কেৱল ধাৰণা মাত্ৰ। ৰমেন বৰুৱা ক’ত আছে, কি হ’ল তাৰ মাত্ৰ এতিয়া ধাৰণাহে কৰিব পাৰি, স্পষ্টকৈ ক’ব নোৱাৰি।