5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ক’লৈ গ’ল ৰমেন বৰুৱা? নিৰুদ্দেশ বিশিষ্ট সংগীত পৰিচালকগৰাকী…

"দেউতা, ক'ত গুচি গলা অ ' তুমি? পুৱাৰ পৰা ফোন কৰি আছো, ফোনটো চুইটছ অফ কৰি থৈছা। আহাচোন ঘূৰি। মই কাৰ লগত থাকিম? কোনোবাই যদি দেউতাক দেখা পাই তেন্তে ৮৪০৪০৩৮১২৩ নম্বৰত যোগাযোগ কৰিব''।

ক’লৈ গ’ল ৰমেন বৰুৱা? নিৰুদ্দেশ বিশিষ্ট সংগীত পৰিচালকগৰাকী…
ৰমেন বৰুৱা
Follow Us
barasha-sarma
Barasha Sarma | Published: 23 Jul 2024 06:36 AM

বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা সন্ধানহীন। সোমবাৰে পুৱাই ঘৰৰ পৰা ওলাই গৈছিল যদিও এতিয়াও উভতি অহা  নাই বৰুৱা। পৰিয়ালৰলোকে জনোৱা অনুসৰি  পুৱা প্ৰায় ১০.৩০ মান বজাত লতাশিলস্থিত গনেশ মন্দিৰলৈ ওলাই গৈছিল বৰুৱা। আৰু তেতিয়াৰ পৰা সন্ধানহীন হৈ আছে তেওঁ। আৰক্ষীয়ে বৰুৱাক বিচাৰি অভিযান অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে কোনো  সন্ধান লাভ কৰা নাই।

জানিব পৰা মতে, পুৱাই ঘৰৰ পৰা ওলাই গৈছিল বৰুৱা। বহু সময় ঘৰলৈ ঘূৰি নহাত কন্যাই ফোন কৰিছিল পিতৃক। কেইবাবাৰো ফোন কৰিছিল যদিও যোগাযোগ স্থাপন কৰিব পৰা নাছিল। বাৰে বাৰে শিল্পীগৰাকীৰ ফোনটো চুইটচ অফ দেখুৱাই আছিল। তাৰ পাছতেই চিন্তাত পৰিছিল পৰিয়ালৰলোক আৰু কাষ চাপিছিল আৰক্ষীৰ। পৰিয়ালৰ এজাহাৰৰ ভিত্তিতেই আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত।

এই সন্দৰ্ভত শিল্পীগৰাকীৰ কন্যাই ছ’চিয়েল মিডিয়াত পোষ্ট দি কয় যে, “দেউতা, ক’ত গুচি গলা অ ‘ তুমি? পুৱাৰ পৰা ফোন কৰি আছো, ফোনটো চুইটছ অফ কৰি থৈছা। আহাচোন ঘূৰি। মই কাৰ লগত থাকিম? কোনোবাই যদি দেউতাক দেখা পাই তেন্তে ৮৪০৪০৩৮১২৩ নম্বৰত যোগাযোগ কৰিব”। এই পোষ্ট ভাইৰেল হৈ পৰাৰ লগে লগে এজন প্ৰত্যক্ষদৰ্শীয়ে জনাই যে দিনৰ প্ৰায় ১ মান বজাত তেওঁ বৰুৱাক উজান বজাৰ পিনে দেখিছিল। সেই সময়ত খোজ কাঢ়ি গৈ আছিল তেওঁ। আন এজনে জনাই যে তেওঁৱো বৰুৱাক দেখিছিল আৰু মাত লগাব চেষ্টা কৰিছিল। কিন্তু মাত লগোৱা নাছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পিনে তেওঁ বৰুৱাত দেখিছিল।

যশস্বী সংগতী পৰিচালত গৰাকীক বিচাৰি তদন্ত কৰাত আৰক্ষীয়ে সংগ্ৰহ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সন্মুখৰ চিচিটিভি ফুটেজ। য’ত স্পষ্টকৈ দেখা গৈছিল যে শিল্পীগৰাকীয়ে খোজ কাঢ়ি গৈ আছিল। কিন্তু তেওঁ ক’লৈ গ’ল এতিয়ালৈকে জানিব পৰা হোৱা নাই। পৰিয়ালৰলোকে জানিবলৈ দিয়া মতে ৮৬ বছৰীয়া বৰুৱাৰ কোনো ধৰণৰ শাৰীৰিক অসুস্থতাও নাছিল।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছচিয়েল মিডিয়াত লিখে যে- ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰৰ এগৰাকী বৰেণ্য কাণ্ডাৰী, বিশিষ্ট সংগীত পৰিচালক শ্ৰীৰমেন বৰুৱা ডাঙৰীয়া আজি পুৱাৰ পৰা নিৰুদ্দেশ হৈ থকা খবৰটিত আমি গভীৰভাৱে চিন্তিত হৈছোঁ। তেখেতৰ অনুপস্থিতিয়ে পৰিয়াল, বন্ধু-বান্ধৱী আৰু তেখেতৰ অগণন অনুগামীক চিন্তিত কৰি তুলিছে। মই গুৱাহাটীৰ আৰক্ষী আয়ুক্ত শ্ৰীদিগন্ত বৰাক কোনো ত্ৰুটি নৰখাকৈ বৰুৱাদেৱৰ সন্ধান উলিয়াবলৈ ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ।

Latest News