বাপতি সাহোন বিহুক ‘মিঞা বিহু’লৈ ৰূপান্তৰ কৰিলে কোন অসমীয়াই মানি ল’বঃ হিমন্ত
মুখ্যমন্ত্ৰীৰ এই বাৰ্তা তেওঁ ইতিবাচক বাৰ্তা হিচাপে গ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনায়। তেওঁ কয় যে, ভূপেন হাজৰিকাই কৈ গৈছিল- কিছু ধৰিব লাগিব, কিছু দিব লাগিব, কিছু এৰিব লাগিব, তেতিয়াহে এখন বহল সমাজ হ'ব।
ৰাজ্যত বিতৰ্কৰ সৃষ্টি কৰা মিঞা বিহুকলৈ এইবাৰ মাত মাতিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমৰ বাপতি সাহোন বিহুক মিঞা বিহুলৈ ৰূপান্তৰ কৰিলে কোনোৱে সহ্য নকৰে বুলি শৰ্মাই মন্তব্য কৰে। লগতে সকলোকে সমাজ সংস্কৃতিৰ লগত মিলিবৰ বাবে কিছুমান এৰি দিবলৈ আৰু কিছুমান ধৰি ৰাখিবলৈ আহ্বান জনায়। মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুক লাইভৰ জৰিয়তে কেইবাটাও বিষয়ৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰে।
শৰ্মাই কয় যে, এটা মিঞা বিহু ওলাল। আমাk ইতিকিং, গালি গালাজ কৰি ক’ৰ’বাত ক’ৰ’বাত আমাৰ সভ্যতা সংস্কৃতিক ইতিকিং কৰি মিঞা বিহুৰ প্ৰচলন কৰিলে। এই মিঞা বিহু গোৱা আলতাফ হুচেইনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এটা কথা ঠিক যে যিমান দিনলৈ আমি জীয়াই আছো, সিমান দিনলৈ আমাৰ সমাজ জীয়াই থাকিব। আমি স্বাভিমানৰ সৈতে জীয়াই থাকিব লাগিব। আমাৰ সমাজ ব্যৱস্থাৰ ওপৰত কোনোৱে আক্ৰমণ কৰিলে সেয়া কেতিয়াও সহ্য কৰা নহয়। কোনোৱে আক্ৰমণ কৰাৰ চেষ্টাও কৰিব নালাগে।
তেওঁ লগতে কয়, আমি সকলোৰে লগত মিলি চলিব লাগে। কিছুমান এৰি চলিব লাগে আৰু কিছুমান ধৰি ৰাখিব লাগে। যদি কেৱল ধৰি ৰখাৰ প্ৰৱণতা থাকে তেন্তে কেতিয়াও সমাজত মিলি যাব নোৱাৰে। আমি যদি কোনো ঠাইৰ পৰা আহিছো তেন্তে সেই সমাজ ব্যৱস্থাৰ লগত আমি মিলিব লাগিব। সেই সমাজৰ মৌলিক চৰিত্ৰ মানিব লাগিব। বিৰূপভাৱে আমাৰ নৃত্য, গীতৰ প্ৰচলন কৰাতো কোনে মানি ল’ব? বাপতি সাহোন বিহুটিক মিঞা বিহুলৈ ৰূপান্তৰিত কৰিব বিচাৰিলে কোনে মানি ল’ব? আমি কেতিয়ালৈকে জীয়াই থাকো নাজানো, কিন্তু জীয়াই থকাৰ দিন কেইটা নত শিৰ কৰিও জীয়াই নাথাকো। উচ্চ শিৰ লৈ জীয়াই থাকিব লাগিব। যিদিনালৈ জীয়াই থাকো সেই দিনালৈ স্বাভিমানেৰে জীয়াই থাকিব লাগিব।
মুখ্যমন্ত্ৰীৰ এই বাৰ্তা তেওঁ ইতিবাচক বাৰ্তা হিচাপে গ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনায়। তেওঁ কয় যে, ভূপেন হাজৰিকাই কৈ গৈছিল- কিছু ধৰিব লাগিব, কিছু দিব লাগিব, কিছু এৰিব লাগিব, তেতিয়াহে এখন বহল সমাজ হ’ব।
উল্লেখ্য যে, কিছুদিনৰ পৰা অসমত মিঞা কেন্দ্ৰিক বিতৰ্কই দেখা দিছে। ধৰ্ষণৰ পৰা আৰম্ভ কৰি গীতলৈ, সকলো ক্ষেত্ৰতে এই বিশেষ সম্প্ৰদায়ৰ নামটো সাঙোৰ খাইছে। মুখ্যমন্ত্ৰীগৰাকীয়েও এই ক্ষেত্ৰত সৰৱ হৈ এই সম্প্ৰদায়ক লক্ষ্য কৰি মন্তব্য কৰা দেখা যায়। শেহতীয়াকৈ আলতাফ হুচেইন নামৰ এজনে নিজৰ ফেচবুক পেজত এটা গীত আপলোড কৰিছিল। এই গীতটি যথেষ্ঠ উচতনিমূলক হোৱাৰ লগতে অসমীয়া সমাজক লক্ষ্য কৰি গোৱা গৈছিল। তাৰ পাছতেই সমগ্ৰ ৰাজ্যত ইয়াক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু পাছত তথাকথিত গায়কজনে গীতটো ডিলিট কৰিছিল।