শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বাতিল হ’ল USTM ৰ স্বত্বাধিকাৰী মহবুবুল হকৰ জাতিগত প্ৰমাণ পত্ৰ, ৰুজু হ’ব গোচৰ

কৰিমগঞ্জ জিলা প্ৰশাসনে বাতিল কৰিলে USTM ৰ স্বত্বাধিকাৰ মহবুল হকৰ জাতিগত প্ৰমাণ পত্ৰ। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰধান ব্যক্তিগত সচিবলৈ সবিশেষ তথ্য প্ৰেৰণ কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে, USTM ৰ মালিকৰ বিৰুদ্ধে গোচৰ ৰুজু হ'ব।

বাতিল হ’ল USTM ৰ স্বত্বাধিকাৰী মহবুবুল হকৰ জাতিগত প্ৰমাণ পত্ৰ, ৰুজু হ’ব গোচৰ
মহবুবুল হক
barasha-sarma
Barasha Sarma | Published: 28 Aug 2024 15:40 PM

বিপদত USTM ৰ স্বত্বাধিকাৰী মহবুবুল হক। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে শীঘ্ৰেই তেওঁৰ বিৰুদ্ধে ৰুজু হ’ব গোচৰ। কিয়নো মহবুবুল হকে প্ৰৱঞ্চনাৰে উলিয়াইছিল জাতিগত প্ৰমাণ পত্ৰ।  ইতিমধ্যে তেওঁৰ OBC প্ৰমাণ পত্ৰ বাতিল কৰিছে কৰিমগঞ্জ জিলা প্ৰশাসনে। এই ক্ষেত্ৰত কৰিমগঞ্জ জিলা উপাযুক্তই মুখ্যমন্ত্ৰীলৈ এক পত্ৰ প্ৰেৰণ কৰি সবিশেষ জনাইছে।

বিষয় সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ইমানদিনে আমি সকলোৱে USTM ৰ মালিকক শিক্ষাবিদ বুলি কৈ আছিলো। কিন্তু কৰিমগঞ্জ জিলা উপাযুক্তৰ দৃষ্টিগোচৰ হয় যে USTM ৰ মালিকা প্ৰৱঞ্চনাৰে  OBC প্ৰমাণ পত্ৰ উলিয়াইছিল। যাৰ বাবে এতিয়া তেওঁৰ এই প্ৰমাণ পত্ৰ বাতিল কৰা হৈছে। ভুৱা প্ৰৱঞ্চনাৰে জাতিগত প্ৰমাণ পত্ৰ ল’লে শিক্ষাবিদ হ’ব পাৰে নেকি বুলি প্ৰশ্ন মুখ্যমন্ত্ৰীৰ।

ইয়াৰোপৰি মহবুবুল হকৰ বিৰুদ্ধে গোচৰ ৰুজু হ’ব বুলি উল্লেখ কৰি শৰ্মাই কয় যে ভুৱাকৈ জাতিগত প্ৰমাণ পত্ৰ লোৱাৰ অপৰাধত তেওঁৰ বিৰুদ্ধে ক্ৰিমিনেট গোচৰ ৰুজু হ’ব লাগিছিল। কিন্তু কৰিমগঞ্জৰ জিলা উপায়ুক্তই কোনো গোচৰ ৰুজু নকৰিলে।  মই জিলা উপায়ুক্তক এই সন্দৰ্ভত গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছো।

উল্লেখ কৰা প্ৰয়োজন যে, কৰিমগঞ্জ জিলা আয়ুক্তই ২৭ আগষ্ট, ২০২৪ ত পত্ৰ নং ই ৪৯৭১২/ডি এফ এ ২৮৯২৮৯ ৰ যোগে মুখ্যমন্ত্ৰীৰ প্ৰধান ব্যক্তিগত সচিবলৈ এই বিষয়ে সবিশেষ তথ্য প্ৰেৰণ কৰিছে। সেই পত্ৰত উল্লেখ আছে যে কৰিমগঞ্জ জিলাৰ পাথাৰকাণ্ডি থানাৰ অন্তৰ্গত পূৰ্বাগোল গাঁওৰ প্ৰয়াত ইব্ৰাহিম আলিৰ পুত্ৰ মহবুবুল হকে ২৪ আগষ্ট, ১৯৯২ চনত জাতিগত প্ৰমাণ পত্ৰ সংগ্ৰহ কৰিছিল। এই জাতিগত পত্ৰত স্বাক্ষৰ কৰিছিল কৰিমগঞ্জৰ তদানীন্তন উপায়ুক্তই। কিন্তু এই প্ৰমাণ পত্ৰ ভুৱা বুলি গ’ম পোৱাৰ পাছত ইয়াৰ পৰীক্ষা কৰা হৈছিল আৰু ১৯৯৬ চনৰ ২০ আগষ্টত ইয়াক বাতিল কৰা হৈছিল। মহবুল হক মৈমাল বা কিৰণ সম্প্ৰদায়ৰ নহয় বুলিও পত্ৰখনত উল্লেখ কৰে।

মন কৰিবলগীয়া যে, USTM ৰ বিৰুদ্ধে বিগত কেইবাটাও দিনত মুখ্যমন্ত্ৰীগৰাকীয়ে বহু অভিযোগ উত্থাপন কৰি আহিছে। মুখ্যমন্ত্ৰীয়ে USTM ক ফ্লাড জিহাদ কৰা বুলি মন্তব্য কৰাৰ লগতে জানি বুজি গুৱাহাটীৰ পিনৰ পাহাৰ কটা বুলি অভিযোগ তুলিছিল। আনকি USTM ত পঢ়া ল’ৰা- ছোৱালীৰ বাবে অসমত চাকৰি পোৱা অসুবিধা হ’ব বুলিও শৰ্মাই কৈছিল। এনোবোৰ অভিযোগৰ মাজতে এতিয়া USTM ৰ মালিকৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ। আইনগতভাৱে তেওঁৰ বিৰুদ্ধে কি ব্যৱস্থা লয় সেয়া হ’ব লক্ষণীয়।