ভুৱা প্ৰমাণ পত্ৰ! মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে USTM ৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু
মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে ভুৱাকৈ জাতিগত প্ৰমাণ পত্ৰ উলিয়ালে ক্ৰিমিনেল গোচৰ ৰুজু হ'ব লাগে। কিন্তু কৰিমগঞ্জ জিলা আয়ুক্তই গোচৰ ৰুজু কৰা নাই। মই জিলা উপায়ুক্তক এই সন্দৰ্ভত গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছো। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মেই কৰিমগঞ্জ জিলা আয়ুক্তই মহবুবুল হকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

বিপদত USTM ৰ স্বত্বাধিকাৰী মহবুবুল হক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতেই কৰিমগঞ্জ জিলা আয়ুক্ত মৃদুল যাদৱে মহবুবুল হকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। প্ৰৱঞ্চনাৰে জাতিগত প্ৰমাণ পত্ৰ উলিওৱাৰ অভিযোগ উত্থাপন হৈছিল মহবুবুল হকৰ বিৰুদ্ধে। তাৰ পাছতেই USTM ৰ স্বত্বাধিকাৰীগৰাকী OBC প্ৰমাণ পত্ৰ বাতিল কৰি এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰধান ব্যক্তিগত সচিবলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল কৰিমগঞ্জ জিলা আয়ুক্তই।
বুধবাৰে সংবামেল সম্বোধন কৰাৰ সময়ত মুখ্যমন্ত্ৰীয়ে এই বিষয়ে উল্লেখ কৰি কয় যে, ইমানদিনে আমি সকলোৱে USTM ৰ মালিকক শিক্ষাবিদ বুলি কৈ আছিলো। কিন্তু কৰিমগঞ্জ জিলা উপাযুক্তৰ দৃষ্টিগোচৰ হয় যে USTM ৰ মালিকা প্ৰৱঞ্চনাৰে OBC প্ৰমাণ পত্ৰ উলিয়াইছিল। যাৰ বাবে এতিয়া তেওঁৰ এই প্ৰমাণ পত্ৰ বাতিল কৰা হৈছে। ভুৱা প্ৰৱঞ্চনাৰে জাতিগত প্ৰমাণ পত্ৰ ল’লে শিক্ষাবিদ হ’ব পাৰে নেকি বুলি প্ৰশ্ন মুখ্যমন্ত্ৰীৰ।
ইয়াৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে ভুৱাকৈ জাতিগত প্ৰমাণ পত্ৰ উলিয়ালে ক্ৰিমিনেল গোচৰ ৰুজু হ’ব লাগে। কিন্তু কৰিমগঞ্জ জিলা আয়ুক্তই গোচৰ ৰুজু কৰা নাই। মই জিলা উপায়ুক্তক এই সন্দৰ্ভত গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছো। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মেই কৰিমগঞ্জ জিলা আয়ুক্তই মহবুবুল হকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।
উল্লেখ কৰা প্ৰয়োজন যে, কৰিমগঞ্জ জিলা আয়ুক্তই মহবুবুল হকৰ জাতিগত প্ৰমাণ পত্ৰ ভুৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সচিবলৈ প্ৰেৰণ কৰিছিল। ২৭ আগষ্ট, ২০২৪ ত পত্ৰ নং ই ৪৯৭১২/ডি এফ এ ২৮৯২৮৯ ত উল্লেখ আছিল যে, কৰিমগঞ্জ জিলাৰ পাথাৰকাণ্ডি থানাৰ অন্তৰ্গত পূৰ্বাগোল গাঁওৰ প্ৰয়াত ইব্ৰাহিম আলিৰ পুত্ৰ মহবুবুল হকে ২৪ আগষ্ট, ১৯৯২ চনত জাতিগত প্ৰমাণ পত্ৰ সংগ্ৰহ কৰিছিল। এই জাতিগত পত্ৰত স্বাক্ষৰ কৰিছিল কৰিমগঞ্জৰ তদানীন্তন উপায়ুক্তই। কিন্তু এই প্ৰমাণ পত্ৰ ভুৱা বুলি গ’ম পোৱাৰ পাছত ইয়াৰ পৰীক্ষা কৰা হৈছিল আৰু ১৯৯৬ চনৰ ২০ আগষ্টত ইয়াক বাতিল কৰা হৈছিল। মহবুল হক মৈমাল বা কিৰণ সম্প্ৰদায়ৰ নহয় বুলিও পত্ৰখনত উল্লেখ আছিল।
উল্লেখ কৰা প্ৰয়োজন যে, অসমৰ ৰাজনীতিত বিগত কেইটামান দিনত বিশেষ চৰ্চাত আছে মহবুবুল হক। USTM য়ে গুৱাহাটীত ফ্লাড জেহাদ সংঘটিত কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰে আৰম্ভ হোৱা বিতৰ্ক এতিয়া এই পৰ্যায় পাছেগৈ যে ভুৱা জাতিগত প্ৰমাণ পত্ৰৰ বাব গোচৰ ৰুজু হৈছে। ইতিমধ্যেই মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছিল যে তেওঁৰ USTM ৰ ওপৰত এটা বিশেষ খং আছে। গতিকে এই বিবাদ কি পৰ্যায় পাই সেয়া হ’ব লক্ষণীয়।