শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কেনেকৈ ভাঙিল দলং? মৃত্যু কেইবাজনৰ, নদীত উটি গ’ল প্ৰায় ৩০ জন লোক…

পুণেৰ পৰা পোহৰলৈ আহিছে এক ভয়ংকৰ দুৰ্ঘটনা। দলং খহি পৰাৰ ফলত মৃত্যুক সাৱতি লয় কেইবাজনে লগতে নদীৰ পানীত উটি যায় বহুতো। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

কেনেকৈ ভাঙিল দলং? মৃত্যু কেইবাজনৰ, নদীত উটি গ’ল প্ৰায় ৩০ জন লোক…
দলংImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Updated On: 15 Jun 2025 19:55 PM

দেশত প্ৰায় প্ৰতিদিনে সংঘটিত হৈছে এটাৰ পাছত আন এটা অনাকাংক্ষিত ঘটনা। আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনেৰ পৰা পুনৰ এক ডাঙৰ খবৰ পোহৰলৈ আহিছে। পুনেৰ মাভাল তালুকাৰ পৰ্যটনস্থলী কুণ্ডমালাত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। ইন্দ্ৰায়নী নদীৰ ওপৰত থকা দলঙৰ এটা অংশ খহি পৰাৰ ফলত প্ৰাণ হেৰুৱাই কেইবাজনো লোকে। এই দুৰ্ঘটনাত ২৫ ৰ পৰা ৩০ জন লোকক নৈৰ সোতে উটুৱাই লৈ যায়।

জানিব পৰা মতে, জৰাজীৰ্ণ অৱস্থাত বাবে দলঙখন বন্ধ কৰি দিয়া হৈছিল। কিন্তু তাৰ পাছতো বহু সংখ্যক লোকে দলং খনৰ ওপৰত উঠিছিল।  যাৰ বাবে দলংখন খহি পৰে বুলি প্ৰাৰম্ভিক তথ্য পোহৰলৈ আহিছে। তথ্য অনুসৰি ঘটনা সংঘটিত হোৱাৰ সময়ত দলঙখনত প্ৰায় ১০০ জন মান পৰ্যটক আছিল। এই পৰ্যন্ত ৩৮ জন লোকক জীৱন্ত উদ্ধাৰ কৰাৰ লগতে ৩ জনৰ মৃতদেহ উদ্ধাৰ হৈছে।  দলঙখনৰ জৰাজীৰ্ণ অৱস্থা আৰু পৰ্যটকৰ সকলৰ অসাৱধানতাৰ ফলতেই এই ঘটনা সংঘটিত হোৱা বুলি প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে।

জানিব পৰা মতে, ইন্দ্ৰায়নী নদীৰ ওপৰত নিৰ্মাণ কৰা দলংখন জৰাজীৰ্ণ হৈ পৰিছিল। যাৰ বাবে দলঙখন ২-৩ মান আগতেই বন্ধ কৰি দিয়া হৈছিল। কিন্তু ইয়াৰ পাছতো বহু সংখ্যক পৰ্যটকে দলঙৰ ওপৰত উঠিছিল। যাৰ বাবে দলঙখন ভাঙি পৰে। স্থানীয় লোকে জনোৱা মতে, দলঙখনত বহু লোক উপস্থিত আছিল। আনকি দুখন বাইকো আছিল। প্ৰশাসনৰ জাননীৰ পাছতো দলখনত ১০০ ৰো অধিক লোকে ভিৰ কৰিছিল।

দেওবাৰ হোৱাৰ বাবে এই পৰ্যটনস্থলীত আজি যথেষ্ঠ সংখ্যক পৰ্যটকে ভিৰ কৰিছিল। জানিব পৰা মতে, এই দলঙখন ব্ৰিটিছৰ দিনৰে। ইয়াক বহুবাৰ মেৰামতি কৰা হৈছে যদিও সাধাৰণ যাতায়তৰ বাবে এইখন বন্ধ কৰি ৰখা হৈছিল । কিন্তু তাৰ পাছতো বহু লোকে এই দলঙখনত চাৰিচকীয়া, দুচকীয়া বাহনেৰে ভিৰ কৰে। তাৰ পৰিণতিতে আজি এই দুৰ্ঘটনা সংঘটিত হয়।

স্থানীয় লোকে জনাই যে, সকলো বিপদৰ আগজাননীক আওকান কৰি পৰ্যটকসকলে দলঙখনত উঠিছিল। ধাৰাসাৰ বৰষুণৰ বাবে সেই সময়ত নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছিল আৰু বতাহ আহি আছিল। যাৰ ফলত দলঙৰ এটা অংশ ভাঙি যায়। ইয়াৰ পাছতেই ঘটনাস্থলীত ২৫-২৬ খন এম্বুলেন্স উপস্থিত হৈছে। ইয়াৰোপৰি নদীত উটি যোৱা লোকসকলৰ উদ্ধাৰৰ বাবে উদ্ধাৰকাৰী দলে অব্যাহত আছে অভিযান।

 

অন্য খবৰ পঢ়কঃ ঈদ উদযাপনৰ বাবে আহিছিল ভাৰতলৈ! আহমেদাবাদ বিমান দুৰ্ঘটনাত শেষ হৈ গ’ল জাভেদ আৰু তেওঁৰ পৰিয়াল…