গুৱাহাটীত নহয়, ক’ত স্থাপন কৰা হ’ব অসমৰ দ্বিতীয়খন চিৰিয়াখানা ? মুখ্যমন্ত্ৰীৰ ঘোষণা…
আন এখন চিৰিয়াখানা নিৰ্মাণৰ পৰিকল্পনাৰ কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা মতে, এইবাৰ অসমৰ ডিব্ৰুগড় জিলাত এই চিৰিয়াখানাখন স্থাপনৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে ।

অসমত নিৰ্মাণ কৰা হ’ব আন এখন অত্যাধুনিক চিৰিয়াখানা । চিৰিয়াখানা নিৰ্মাণৰ পৰিকল্পনাৰ কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা মতে, এইবাৰ অসমৰ ডিব্ৰুগড় জিলাত এই চিৰিয়াখানাখন স্থাপনৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে । মুখ্যমন্ত্ৰীয়ে এক ভাষণত কয় যে, বৰ্তমানৰ গুৱাহাটী চিৰিয়াখানাৰ আৰ্হিত ডিব্ৰুগড়ত আন এখন অত্যাধুনিক চিৰিয়াখানা স্থাপনৰ অভিলাষী পৰিকল্পনা কৰা হৈছে।
শেহতীয়াকৈ এক মত বিনিময়ৰ সময়ত মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে যে, ৰাজ্য চৰকাৰে ইতিমধ্যে প্ৰাৰম্ভিক কাম আৰম্ভ কৰিছে আৰু নতুন দিল্লীৰ ৰাষ্ট্ৰীয় চিৰিয়াখানা কৰ্তৃপক্ষৰ পৰা প্ৰয়োজনীয় অনুমতি লাভৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। অনুমতি লাভ কৰাৰ লগে লগে চিৰিয়াখানাখন নিৰ্মাণৰ বাবে আগবাঢ়িব ৰাজ্য চৰকাৰ ।
Sharing a good news with the people of Dibrugarh.
A Zoo will soon come up in the city and we have initiated the process for the same already. pic.twitter.com/TerZ8Aa6bP
— Himanta Biswa Sarma (@himantabiswa) June 14, 2025
মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে যে, “আমি প্ৰয়োজনীয় ক্লিয়াৰেন্স নিশ্চিত কৰাৰ বাবে দিল্লীৰ সৈতে যোগাযোগ কৰিছোঁ । মোৰ এটা লক্ষ্য হৈছে গুৱাহাটীৰ দৰেই ডিব্ৰুগড়ত ৰাইজৰ বাবে এখন সুন্দৰ চিৰিয়াখানা নিৰ্মাণ কৰা হ’ব।”
মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে, কেন্দ্ৰৰ অনুমোদন লাভ কৰাৰ পিছত কম দিনৰ ভিতৰত চিৰিয়াখানাখন নিৰ্মাণৰ কাম আৰম্ভ হ’ব। তেওঁ লগতে কয়,”মই সময় এইকাৰণে নিৰ্ধাৰণ কৰি দিয়া নাই যে, ক্লিয়াৰেন্স প্ৰক্ৰিয়াত কিমান সময় লাগিব সেয়া নিশ্চিত নহয়। কিন্তু আমি ক্ৰমাগতভাৱে আগবাঢ়িছো।”