হয়, গৌৰৱৰ পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা লৈছিল, তেওঁ ভাৰতীয় নহয়! অকপট স্বীকাৰৰ পাছতে ব্যৱস্থা লোৱাৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ…
হয়, গৌৰৱ গগৈৰ পত্নীৰ ভাৰতীয় নাগৰিক নহয়। তেওঁ লৈছে পাকিস্তানৰ পৰা দৰমহা। ইমানেই নহয়, তেওঁৰ সন্তানৰো নাই ভাৰতীয় নাগৰিকত্ব- এই মন্তব্য কংগ্ৰেছৰ প্ৰাক্তন সাংসদ ৰিপুণ বৰাৰ।

হয়, গৌৰৱ গগৈৰ পত্নী এলিজাবেথে পাকিস্তানৰ পৰা দৰমহা লৈছে- এই মন্তব্য প্ৰাক্তন কংগ্ৰেছ সাংসদ তথা কংগ্ৰেছ নেতা ৰিপুণ বৰাৰ। বৰ্তমান অসমৰ ৰাজনীতিত চৰ্চিত বিষয় এটা হৈছে সাংসদ গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই অভিযোগৰ প্ৰত্যুত্তৰ দি দেওবাৰে এক সংবাদমেল সম্বোধন কৰে ৰিপুণ বৰাই। এই সময়চোৱাত বৰাই সাংসদ গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ কৰা বিষয়টোৰ লগতে গৌৰৱ পত্নী এলিজাবেথ সন্দৰ্ভতো মন্তব্য প্ৰদান কৰে।
বৰাই কয় যে, এয়া সঁচা যে এলিজাবেথে পাকিস্তানৰ পৰা দৰমহা লৈছিল। পেছাগতভাবে কোনোবাই এন জি অ’ত চাকৰি কৰিব পাৰে। গৌৰৱ গগৈৰ পত্নী এগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এন জি অ’ কৰ্মীয়। গতিকে এন জি অ’ৰ কামতে তেওঁ পাকিস্তানলৈ গৈছিল আৰু পাকিস্তানৰ পৰা দৰমহা লৈছিল। এই সকলোবোৰ বিধিসন্মতভাবে হৈছিল।
ইয়াৰ পাছতে বৰাই কয় যে, ইয়াত ভুল কি আছে? বাকীসকলে যদি যাব পাৰে তেওঁ কিয় নোৱাৰে? পাকিস্তানত কেৱল গৌৰৱ গগৈৰ পত্নীয়ে নহয়, হাজাৰ হাজাৰ মানুহ যায়। গৌৰৱ গগৈৰ পত্নীৰ বাহিৰেও বহু মানুহে তাত ব্যৱসায় কৰি আছে। বিধি সন্মতভাবে কিবা কৰিলে তাত একো ভুল নাই।
কেৱল ইমানেই নহয়, গৌৰৱৰ সন্তান ভাৰতীয় হয় নে নহয় বুলি উত্থাপন হোৱা প্ৰশ্নৰো উত্তৰ দিয়ে ৰিপুণ বৰাই। তেওঁ কয় যে, গৌৰৱ গগৈৰ সন্তান ভাৰতীয় নহয়। সন্তানে মাকৰ লগত নাথাকি কত থাকিব। মাকৰ নাগৰিকত্ব গ্ৰহণ কৰিছে সন্তানে। গৌৰৱ এগৰাকী সাংসদ হোৱা বাবে বিভিন্ন কামত বিভিন্ন দেশত গৈ থাকিব লাগে। গতিকে লৰা-ছোৱালীক কোনে যাব। মাকে মাজে মাজে বিদেশলৈও যাবলগীয়া হয় আৰু তেতিয়া ল’ৰা-ছোৱালীক লৈ যায়। ইয়াত ক্ষতি কি? সময় আহিলে তেওঁলোকে ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰিব বুলি কয় বৰাই।
ইয়াৰোপৰি এলিজাবেথৰ ব্ৰিটিছ পাছপোৰ্ট সন্দৰ্ভত মন্তব্য প্ৰদান কৰি বৰাই কয় যে, ব্ৰিটিছ পাছপোৰ্ট ৰখাৰ বাবে হিমন্ত বিশ্ব শৰ্মাই আপত্তি দৰ্শাইছে। কিন্তু তাত আপত্তি ক’ত? এলিজাবেথে সঘনাই বিদেশলৈ গৈ থাকিব লাগে। তেনেস্থলত বাৰে বাৰে ভিছা লোৱা, শাৰী পাতি ভিছাৰ বাবে সাক্ষাৎকাৰ দিয়া এক দীঘলীয়া প্ৰক্ৰিয়া। কিন্তু ব্ৰিটিছ পাছপোৰ্ট থাকিলে এইবোৰৰ প্ৰয়োজন নাই। কিয়নো শক্তিশালী ব্ৰিটিছ পাছপোৰ্ট।
ৰিপুণ বৰাৰ এই মন্তব্যৰ পাছতে এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যমত শৰ্মাই কয় যে, কালি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা শ্ৰীৰিপুন বৰা ডাঙৰীয়াই এটা চাঞ্চল্যকৰ মন্তব্য প্ৰদান কৰে৷ তেওঁ স্বীকাৰ কৰে যে মাননীয় সাংসদ শ্ৰীগৌৰৱ গগৈ ডাঙৰীয়াৰ ব্ৰিটিছ পত্নী আচলতে পাকিস্তান চৰকাৰৰ পে-ৰোলত আছিল।যদি এই বিষয়টি সঁচা হয়, তেন্তে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তাক লৈ ই অতি গুৰুতৰ আৰু চিন্তনীয় প্ৰশ্নৰ উত্থাপন কৰিছে। শত্ৰু ৰাষ্ট্ৰৰ সৈতে জড়িত কোনো ব্যক্তিৰ অবিৰত উপস্থিতি, তাকো সংসদ সদস্যৰ নিকটতম পাৰিবাৰিক মহলত— ইয়ে ভাৰতৰ সংস্থাসমূহৰ অখণ্ডতাৰ প্ৰতি এক গুৰুতৰ ভাবুকি সৃষ্টি কৰিছে।
উল্লেখ্য যে, বিগত কেইটামান মাহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰি আহিছে। শৰ্মাই অভিযোগ কৰা অনুসৰি, ISI ৰ আমন্ত্ৰণমৰ্মে গগৈ পাকিস্তানলৈ গৈছিল। কেৱল ইমানেই নহয়, গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ পাকিস্তানৰ সৈতে সু-সম্পৰ্ক থকাৰ অভিযোগ তুলিছিল শৰ্মাই। ইয়াৰোপৰি প্ৰশ্ন কৰিছিল, বিয়াৰ ইমান বছৰ পাছতো কিয় এলিজাবেথ আৰু দুই সন্তানে ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰা নাই।
এই সমগ্ৰ বিষয়টোৱে এতিয়া ৰাজ্যৰ ৰাজনীতি তোলপাৰ কৰি পেলাইছে। গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীৰ অভিযোগৰ প্ৰত্যুত্তৰ দিছে যদিও এতিয়ালৈকে স্পষ্ট মত প্ৰকাশ কৰা নাই। ইয়াৰ বিপৰীতে শৰ্মাই কৈছে যে, অহা ১০ ছেপ্টেম্বৰত তেওঁ গৌৰৱ গগৈৰ বিৰুদ্ধে সকলো তথ্য প্ৰমাণ ৰাজহুৱা কৰিব। গতিকে এই বিষয়টোৱে পাছলৈ কি ৰূপ ধাৰণ কৰে সেয়া হ’ব লক্ষণীয়।
অন্য খবৰ পঢ়কঃ ২৬’ৰ নিৰ্বাচনত মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হ’ব পাৰে গৌৰৱ গগৈ, যাৰ বাবে শংকিত হৈছে হিমন্ত বিশ্ব শৰ্মাঃ ৰিপুণ বৰা