শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ আৰু অসমবাসীৰ ওচৰত ক্ষমা খোজা উচিতঃ দেৱব্ৰত শইকীয়া

গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে লিংক সম্পৰ্কীয় বিষয়টো তদন্তৰ অন্তত আজি এছ আই টিয়ে প্ৰতিবেদন দাখিল কৰে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই।

হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ আৰু অসমবাসীৰ ওচৰত ক্ষমা খোজা উচিতঃ দেৱব্ৰত শইকীয়া
দেৱব্ৰত শইকীয়া
barasha-sarma
Barasha Sarma | Published: 10 Sep 2025 22:52 PM

আজি ১০ ছেপ্টেম্বৰ। কথা দিয়া অনুসৰি আজি এছ আই টিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত গৌৰৱ গগৈৰ পাকিস্তান সম্পৰ্কীয় তদন্তৰ প্ৰতিবেদন দাখিল কৰে। ইয়াৰ পাছতে শৰ্মাই সামাজিক মাধ্যমত পোষ্ট কৰি কয় যে, এছ আই টিয়ে তদন্তত  আশ্চৰ্যজনক তথ্য উন্মোচন কৰিছে। ইয়াৰোপৰি সাংসদৰ পত্নীৰ বিৰুদ্ধে বহু ভাৰত বিৰোধী কাৰ্যকলাপৰ তথ্য লাভ কৰা বুলিও শৰ্মাই কয়। কিন্তু এছ আই টিৰ প্ৰতিবেদনত কি আছে সেই তথ্য ৰাজহুৱা নকৰিলে মুখ্যমন্ত্ৰীয়ে।

শৰ্মাই কয় যে, প্ৰতিবেদন প্ৰথমে কেবিনেটত দাখিল কৰা হ’ব আৰু তাৰ পাছত ৰাইজৰ মাজত প্ৰকাশ কৰা হ’ব। ১০ ছেপ্টেম্বৰৰ দিনটো সন্দৰ্ভত এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই। তেওঁ কয় যে, আজি ১০ ছেপ্টেম্বৰ! মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা ৭ মাহ‌ ধৰি গাই থকা গৌৰৱ গগৈৰ পাকিস্তান লিংক ফাদিল কৰাৰ দিন। কিন্তু আজি তেনে একো নহ’ল বুলি কয় শইকীয়াই।

তেওঁ আৰু কয়,” বিধানসভাৰ পবিত্ৰ মজিয়াৰ পৰা, সংবাদ মাধ্যমকে লৈ পঞ্চায়ত নিৰ্বাচনত এই অপ প্ৰচাৰ চলাই অহা মুখ্যমন্ত্ৰীৰ মুখত কিন্তু যোৱা কালিৰ তেখেতৰ সংবাদ মেলখনত এনেকুৱা একো সম্ভেদ ৰাইজে নাপালে। আমি সকলোৱে অপেক্ষা কৰিছিলো, এনেকুৱা কি দেশ বিৰোধী কামনো আমাৰ সাংসদ গৰাকীয়ে কৰিলে। যিটোৰ তদন্ত কৰিবলৈ SIT পৰ্যন্ত গঠন কৰা হ’ল”।

শইকীয়াই আৰু কয় যে, কিন্তু আজি তেনে কোনো কথা প্ৰকাশ নহ’ল। মুখ্যমন্ত্ৰীয়ে কি কৰিব বিচাৰিছে বুজি পোৱা নাই। যদি তেওঁ নিজৰ দলৰ লাভালাভৰ বাবে কংগ্ৰেছ দলৰ নেতাসকলক বদনাম কৰাৰ ব্যৱস্থা কৰিছে, মই ভাবো তেওঁ অসমবাসীৰ আগত ক্ষমা খোজা উচিত। তেওঁ আমাৰ দলৰ বিৰুদ্ধে ৭ মাহ ধৰি অপপ্ৰচাৰ চলাইছে। গতিকে কংগ্ৰেছ দলকো ক্ষমা খুজিব লাগে। এয়া গ্ৰহণযোগ্য নহয় বুলি কয় শইকীয়াই।

উল্লেখ্য যে, বিগত সময়চোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে বহু গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰি আহিছে। শৰ্মাই কৈছিল যে, গৌৰৱ গগৈয়ে আই এছ আইৰ আমন্ত্ৰণত পাকিস্তানলৈ গৈছিল। ইমানেই নহয়, তেওঁ আৰু পত্নী ভাৰত বিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ অভিযোগ তুলিছিল। ইয়াৰ পাছতে এই ঘটনাৰ তদন্তৰ বাবে শৰ্মাই এছ আই টি গঠন কৰিছিল। লগতে কৈছিল, এই অভিযোগৰ সকলো প্ৰমাণ তেওঁ ১০ ছেপ্টেম্বৰত দাখিল কৰিব। সেই অনুসৰি আজি এছ আই টিয়ে তদন্তৰ প্ৰতিবেদন দাখিল কৰিলে যদিও এই প্ৰতিবেদন চৰকাৰে ৰাজহুৱা নকৰিলে।

 

 

অন্য খবৰ পঢ়কঃ ভাৰতৰ সাৰ্বভৌমত্ব দুৰ্বল কৰাৰ ষড়যন্ত্ৰ- অসমৰ সাংসদ আৰু বিদেশী পত্নীৰ বিৰুদ্ধে কি আছে SIT ৰ প্ৰতিবেদনত?