Morning News: প্ৰাণৰ শিল্পী জুবিনৰ ওপজা দিনৰ পৰা শ্বেখ হাছিনাৰ মৃত্যুদণ্ডলৈ, চাওক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ
আজি অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন। মাত্ৰ দুমাহ পূৰ্বে অকালতে প্ৰাণ হেৰুওৱা হিয়াৰ আমঠু শিল্পীগৰাকীক সুঁৱৰিছে সমগ্ৰ অসমবাসী তথা গুণমুগ্ধই। তেওঁৰ অবৰ্তমানত প্ৰথমটো জন্মদিন উপলক্ষে ৰাজ্যৰ চৌদিশে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।
পুৱাৰ মুখ্য খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- আজি অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন। মাত্ৰ দুমাহ পূৰ্বে অকালতে প্ৰাণ হেৰুওৱা হিয়াৰ আমঠু শিল্পীগৰাকীক সুঁৱৰিছে সমগ্ৰ অসমবাসী তথা গুণমুগ্ধই। তেওঁৰ অবৰ্তমানত প্ৰথমটো জন্মদিন উপলক্ষে ৰাজ্যৰ চৌদিশে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।
- অহা বৰ্ষত অনুষ্ঠিত হ’ব অসম বিধানসভা নিৰ্বাচন। এই নিৰ্বাচনৰ পূৰ্বে অসমৰ নিৰ্বাচনী তালিকাৰ ‘বিশেষ পুনৰীক্ষণ’ৰ নিৰ্দেশ দিছে নিৰ্বাচন আয়োগে। অহা ২০২৬ চনৰ ১০ ফেব্ৰুৱাৰীত অসমৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব বুলি এক বিবৃতি যোগে প্ৰকাশ কৰিছে সমীক্ষা পেনেলে।
- অসমলৈ অনা হ’ব বৃন্দাবনী বস্ত্ৰ। ব্ৰিটিছ মিউজিয়ামত সংৰক্ষিত গুৰুজনাৰ এই অনন্য সৃষ্টি অসমলৈ অনাৰ উদ্দেশ্যে সোমবাৰে লণ্ডনত অসম চৰকাৰ আৰু ব্ৰিটিছ মিউজিয়ামৰ মাজত ‘লেটাৰ অৱ ইণ্টেন্ট’ চুক্তি স্বাক্ষৰিত হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে এই বিষয়ে প্ৰকাশ কৰিছে।
- জনজাতিকৰণৰ দাবীত ৰাজ্যত অব্যাহত আছে আন্দোলন। জনজাতিকৰণ প্ৰদান, স্বায়ত্বশাসন আৰু মাটিৰ পট্টা প্ৰদানৰ দাবীৰে সোমবাৰে আটাছু, টাইপাৰ নেতৃত্বত চৰাইদেউ জিলাৰ সদৰ সোণাৰিত প্ৰতিবাদ সাব্যস্ত কৰে টাই আহোম সমাজৰ হাজাৰ হাজাৰ লোকে।
- বাংলাদেশৰ আন্তৰ্জাতিক অপৰাধ ন্যায়াধিকৰণে সোমবাৰে মানৱতাৰ বিৰুদ্ধে অপৰাধকে ধৰি পাঁচটা অভিযোগত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে। দেশৰ প্ৰাক্তন গৃহমন্ত্ৰী আছাদুজ্জামান খান কমলকো মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰাৰ বিপৰীতে প্ৰাক্তন আই জি পি আব্দুল্লা আল-মামুনক ৫ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়।
- দিল্লী বিস্ফোৰণৰ গোচৰত NIA- ই সন্ত্ৰাসবাদী ওমৰৰ সহযোগী জাছিৰ বিলাল ৱানী ওৰফে ডেনিছক শ্ৰীনগৰৰ পৰা গ্ৰেপ্তাৰ কৰে। ধৃত ডেনিছে ডাঃ উমৰক বোমা ফিট কৰাত সহায় কৰাৰ লগতে সমগ্ৰ পৰিকল্পনাত সহায় কৰা বুলি তদন্তত পোৱা গৈছে।
- অহা ২০ নৱেম্বৰত পাটনাৰ গান্ধী মৈদানত নতুন এন ডি এ চৰকাৰে শপত গ্ৰহণ কৰিব। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি কেইবাগৰাকী মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব। ইফালে অহা ১৯ নৱেম্বৰত বৰ্তমানৰ বিধানসভা ভংগ কৰা হ’ব।
- সোমবাৰে পুৱা চৌদি আৰৱত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত ভাৰতৰ ৪২ জন লোকে শোকাৱহভাৱে মৃত্যুক সাবটি লয়। ওমৰাহ হজৰ উদ্দেশ্যে এই ভাৰতীয় লোকসকলে চৌদি আৰৱ ভ্ৰমণ কৰিছিল।
- ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলি থকা টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্ট অহা ২২ নৱেম্বৰৰ পৰা গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব। লক্ষণীয়ভাৱে এই মেচখনত ভাৰতীয় দলৰ অধিনায়ক শুভমন গিলে অংশ ল’ব নোৱাৰিব বুলি সূত্ৰই প্ৰকাশ কৰিছে। ইডেনত অনুষ্ঠিত প্ৰথম টেষ্টৰ সময়ত ডিঙিত আঘাত পাইছিল গিলে।